Shuru
Apke Nagar Ki App…
ব্যৱসায়ী গৌতম বৰুৱা উৰণসেতুৰ মাজত পত্নীৰ জন্মদিন উদযাপন কৰিবলৈ কেক কটাৰ ফলত বিপদত পৰিছে। দেওবাৰে নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ ওপৰত ৰেড কাৰ্পেট পাৰি বৰুৱা দম্পতীয়ে পত্নীৰ জন্মদিন পালন কৰিছিল। এই উদযাপনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সচেতন মহলৰ ৰোষত পৰিছে গৌতম বৰুৱা আৰু তেওঁৰ পত্নী।
DSL LIVE
ব্যৱসায়ী গৌতম বৰুৱা উৰণসেতুৰ মাজত পত্নীৰ জন্মদিন উদযাপন কৰিবলৈ কেক কটাৰ ফলত বিপদত পৰিছে। দেওবাৰে নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ ওপৰত ৰেড কাৰ্পেট পাৰি বৰুৱা দম্পতীয়ে পত্নীৰ জন্মদিন পালন কৰিছিল। এই উদযাপনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সচেতন মহলৰ ৰোষত পৰিছে গৌতম বৰুৱা আৰু তেওঁৰ পত্নী।
More news from অসম and nearby areas
- ব্যৱসায়ী গৌতম বৰুৱা উৰণসেতুৰ মাজত পত্নীৰ জন্মদিন উদযাপন কৰিবলৈ কেক কটাৰ ফলত বিপদত পৰিছে। দেওবাৰে নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ ওপৰত ৰেড কাৰ্পেট পাৰি বৰুৱা দম্পতীয়ে পত্নীৰ জন্মদিন পালন কৰিছিল। এই উদযাপনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সচেতন মহলৰ ৰোষত পৰিছে গৌতম বৰুৱা আৰু তেওঁৰ পত্নী।1
- অসমীয়া দৰ্শকৰ বাবে এক নতুন মনোৰঞ্জনৰ খবৰ! অহা ২২ জুনত জনপ্ৰিয় ভিডিঅ' প্লেটফৰ্ম YouTubeত নতুন অসমীয়া ৱেব ছিৰিজ ‘ভাইৰেল কৃষ্ণ’ই মুক্তি লাভ কৰিব। এই ৱেব ছিৰিজখনৰ জৰিয়তে দৰ্শকে এক নতুন ধৰণৰ মনোৰঞ্জন উপভোগ কৰিব পাৰিব, য'ত চফি হিৰোৰ অভিনয়ে বিশেষ আকৰ্ষণ যোগাব। SH Productionsৰ বেনাৰত নিৰ্মিত এই ছিৰিজটোত নয়ন সৌদ, সুৰুজ ডেকা আৰু কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱৰো নাম জড়িত আছে।1
- ৰঙিয়াৰ হৰিয়ানদাৱত যোৱা নিশা দুৰ্বৃত্তই ৰাজহুৱা পুখুৰীত বিষ দি কেবালক্ষ মূল্যৰ পোহনীয়া মাছ নিধন কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে আজি পুৱাৰ ভাগত লক্ষাধিক মূল্যৰ মাছ পানীত ভাহি থকা প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, এই ৫ বিঘা ভূমিৰ ৰাজহুৱা পুখুৰীটো স্থানীয় নৱজিত নাথ নামৰ এজন যুৱকে তিনি বছৰৰ বাবে চুক্তিত লৈ মৎস্য পালন কৰি আহিছিল। নিশা কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিষ ঢালি মাছ নিধন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰণা কৰা হৈছে। ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। কি উদ্দেশ্যৰে দুৰ্বৃত্তই এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।1
- বাক্সা জিলাত বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গাৰ দ্বাৰা কেইবাটাও নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছে।1
- উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলাত কংগ্ৰেছ দলে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হৈছে। লাহৰীঘাট সমষ্টিৰ অধীনৰ তিনিজন জিলা পৰিষদ সদস্যই দলত্যাগ কৰিছে। ভূৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী জিলা পৰিষদৰ সদস্য ক্ৰমে মুবাশ্বৰ আহমেদ, আবু জাহিৰ আৰু পৰিমা বেগমে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ তেওঁলোকৰ দলত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই তিনিজন জিলা পৰিষদ সদস্যই অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে।1
- চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যাৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে। লগতে, নিযুক্তি প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হোৱাৰ বাবে ৰাজ্য আৰু দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু বৰ্তমানৰ চৰকাৰে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই বুলিও কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে। ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। কংগ্ৰেছৰ মতে, এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।1
- জাগীৰোডৰ সমীপৱৰ্তী টোপাতলীত মইনাজান ইলেকট্ৰনিকচ নামৰ এখন দোকানত এক বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে। চোৰৰ এটা দলে দোকানৰ শ্বাটাৰ ভাঙি লক্ষাধিক টকাৰ ইলেকট্ৰনিকচ সামগ্ৰী লুটি লৈ যায়। জানিব পৰা মতে, নিশা মুখত কাপোৰ বান্ধি এখন চাৰিচকীয়া বিলাসী বাহনত আহিছিল চোৰৰ দলটো। তেওঁলোকৰ এই কাৰ্যকলাপ দোকানখনৰ চি চি টিভি কেমেৰাত বন্দী হৈছিল। অৱশ্যে, চোৰৰ দলটোৱে পিছত চি চি টিভি কেমেৰাটো ভাঙি পেলায়। ইয়াৰ পিছত, তেওঁলোকে দোকানৰ শ্বাটাৰ খুলি এ চি, বেটাৰী, মিক্সাৰ মেচিনকে ধৰি বিভিন্ন ইলেকট্ৰনিকচ সামগ্ৰী চুৰি কৰে। এই ঘটনাৰ পিছত দোকানৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে, আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- পলাশবাৰীৰ বলেন দাস বৰ্তমান জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। নিজৰ চিকিৎসাৰ বাবে তেওঁ ইতিমধ্যে মাটি আৰু অলংকাৰ বিক্ৰী কৰিছে, কিন্তু এতিয়াও তেওঁক সহায়ৰ প্ৰয়োজন। এই সংকটজনক সময়ত, আপোনাৰ ক্ষুদ্ৰ বৰঙণিয়ে বলেন দাসৰ জীৱনত নতুন পোহৰ কঢ়িয়াই আনিব পাৰে। তেওঁক সহায় কৰিবলৈ GPay Number 9706148135 নম্বৰত সাধ্যানুসৰি বৰঙণি আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। আহক, আমি সকলোৱে মিলি তেওঁক সুস্থ কৰি তোলো।1