Shuru
Apke Nagar Ki App…
চৰাইদেউৰ হলৌফুকন পঞ্চায়তৰ বানাক্ৰান্তৰ মাজত সমুজ্জ্বল ভট্টাচাৰ্য। অসম সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয় অসমৰ সমস্যাসমূহো ৰাষ্ট্ৰীয় সমস্যা হব লাগে । নিৰ্বাচনৰ সময়ত মোডী , অমিত শ্বাহ বাৰে বাৰে আহে , বিপদৰ সময়ত আহি বুজ লব লাগে - সমুজ্জ্বল ভট্টাচাৰ্য চৰাইদেউৰ হলৌফুকন পঞ্চায়তৰ ধামধুলি, মৰাণ গাঁওত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তৰ লগত মত বিনিময় কৰে
Charaideo news
চৰাইদেউৰ হলৌফুকন পঞ্চায়তৰ বানাক্ৰান্তৰ মাজত সমুজ্জ্বল ভট্টাচাৰ্য। অসম সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয় অসমৰ সমস্যাসমূহো ৰাষ্ট্ৰীয় সমস্যা হব লাগে । নিৰ্বাচনৰ সময়ত মোডী , অমিত শ্বাহ বাৰে বাৰে আহে , বিপদৰ সময়ত আহি বুজ লব লাগে - সমুজ্জ্বল ভট্টাচাৰ্য চৰাইদেউৰ হলৌফুকন পঞ্চায়তৰ ধামধুলি, মৰাণ গাঁওত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তৰ লগত মত বিনিময় কৰে
More news from অসম and nearby areas
- বান বিধ্বস্ত চৰাইদেউৰ চোমনী গাঁওত আছুৰ সভাপতি উৎপল শৰ্মা । শিৱসাগৰ, চৰাইদেউৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীক দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ। আজি বান বিধ্বস্ত চৰাইদেউ জিলাৰ চোমনী গাঁও, চটাই আদি উপস্থিত হৈ বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে কিছু সাহায্য বিতৰণ কৰে আছুৰ সভাপতি গৰাকীয়ে ।1
- চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।4
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।2
- কেইবা শতাধিক বানপীড়িতে লাভ কৰিলে বিনামূলীয়া স্বাস্থ্যসেৱা শেহতীয়াকৈ সংঘটিত বিধ্বংসী বানৰ ফলত চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি পি এম শ্ৰী চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বানপীড়িত লোকসকলৰ বাবে এক জৰুৰী চিকিৎসা শিবিৰ (Emergency Medical Aid Camp) সফলভাৱে অনুষ্ঠিত হয়। পুৱাৰে পৰা আৰম্ভ হোৱা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ বিভিন্ন গাঁও, চাহ বাগিচা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। বৃদ্ধ, মহিলা, শিশু আদি সকলো বয়সৰ ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। ইয়াৰ উপৰি, প্ৰয়োজন অনুসৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰা হয়। এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত যথেষ্ট সকাহ কঢ়িয়াই আনে।1
- প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷ Slug:-Road construction by a renowned businessman at Silapather. দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷ # চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ # যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ # মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷ byte & visual in Input number চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App3
- বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব, ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয় 👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব, চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।1