Shuru
Apke Nagar Ki App…
অসম লোকসেৱা আয়োগৰ ঘোষিত ফলাফল নাকচ অসম লোকসেৱা আয়োগৰ ঘোষিত ফলাফল নাকচ বিসংগতিৰ বাবেই নাকচ কৰিলে সদ্যঘোষিত ফলাফল ৱেবছাইটৰ পৰা আঁতৰালে ঘোষিত ফলাফলৰ তালিকা সোমবাৰে ঘোষণা কৰা হৈছিল সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল পৰৱৰ্তী সময়ত পুনৰ ঘোষণা কৰিব ফলাফল বাতিলৰ বিবৃতি জাৰি কৰিছে APSCয়ে
Lalukor Batori
অসম লোকসেৱা আয়োগৰ ঘোষিত ফলাফল নাকচ অসম লোকসেৱা আয়োগৰ ঘোষিত ফলাফল নাকচ বিসংগতিৰ বাবেই নাকচ কৰিলে সদ্যঘোষিত ফলাফল ৱেবছাইটৰ পৰা আঁতৰালে ঘোষিত ফলাফলৰ তালিকা সোমবাৰে ঘোষণা কৰা হৈছিল সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল পৰৱৰ্তী সময়ত পুনৰ ঘোষণা কৰিব ফলাফল বাতিলৰ বিবৃতি জাৰি কৰিছে APSCয়ে
More news from অসম and nearby areas
- সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ। আলোচনীয় সভা।1
- নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিকচু পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ নামঘৰ ভাগিৰ পকীকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি বিধায়কগৰাকীয়ে পূৰণ কৰে। আনহাতে মহিলা 'দিহানাম দল' ৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে নিজাববীয়াকৈ দলটোক প্ৰয়োজনীয় বাদ্যযন্ত্ৰসমূহ যোগান ধৰে। এই কাম অখিল গগৈয়ে সমাধা কৰাত স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।4
- "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?" "ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই" #আসাম টকচ্ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷1
- চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে1
- জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।1
- কাইলৈ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লিগাং । মিচিং জনগোষ্ঠীৰ ডেকা গাভৰু, পুৰুষ মহিলা সকলো দিনে-ৰাতিয়ে ব্যস্ত লিগাং আয়োজনত । বোকাখাতৰ ভিন্ন স্থানত আলি আই লিগাং আয়োজনৰ ব্যাপক প্ৰস্তুতি । পৰ আপং, পোৰাং আপিন আদি খাদ্য সম্ভাৰ গোটোৱাত ব্যস্ত বোকাখাতৰ মিচিং সমাজ ।1
- উপস্থিত সাংসদ ইমৰান মাছুদ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।1
- ”অসম লোকসেৱা আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰোধিতা। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ পৰাও জবাব বিচাৰিছে -”আছুৰ সভাপতি উৎপল শৰ্মাই।1