Shuru
Apke Nagar Ki App…
বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে মুখৰিত ধুবুৰী চহৰ। পুৱাই ধুবুৰী চহৰৰ মাজমজিয়াৰ কলিবাৰীৰ পৰা ৰাজীৱ গান্ধী পাৰ্কলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নৃত্যাঙ্কনৰ উদ্যোগত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই.জি.পি দেৱজ্যোতি মুখাৰ্জী।
Dhubri News AS
বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে মুখৰিত ধুবুৰী চহৰ। পুৱাই ধুবুৰী চহৰৰ মাজমজিয়াৰ কলিবাৰীৰ পৰা ৰাজীৱ গান্ধী পাৰ্কলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নৃত্যাঙ্কনৰ উদ্যোগত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই.জি.পি দেৱজ্যোতি মুখাৰ্জী।
More news from অসম and nearby areas
- পঞ্চায়ত দুটাত বিয়াগোম দুৰ্নীতি চলাৰ অভিযোগ উত্থাপন কৰে কেএমএছএছ ৰ জিলা সভাপতি নাজিমূল হকে। ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ দুটাকৈ পঞ্চায়তত MGNREGA ৰ কামত দুৰ্নীতি কৰাৰ বিৰুদ্ধে দুটাকৈ পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে ধুবুৰী জিলা আয়ুক্তক কেএমএছএছ ৰ ধুবুৰী জিলা সমিতিয়ে।এই অভিযোগ বিলাসিপাৰাৰ আঠানী উন্নয়ন খণ্ডৰ অধীনত থকা শগুণমাৰী আৰু কাজাইকাটা গাঁও পঞ্চায়ত দুটাৰ বিৰুদ্ধে।অভিযোগ অনুসৰি বিলাসিপাৰাৰ আঠানী উন্নয়ন খণ্ডৰ অধীনত থকা শগুণমাৰী পঞ্চায়তৰ সভানেত্ৰীৰ মনচুৰা খাতুনৰ স্বামী তথা প্ৰাক্তন সভাপতি আতোৱাৰ হুছেইনে সকলো চৰকাৰী কামত হস্তক্ষেপ কৰাৰ উপৰিও ৭টাকৈ ৰাস্তাৰ কাম নকৰাকৈ সম্পূৰ্ণ বিল উঠাই লোৱাৰ লগতে প্ৰায় ৩০ কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কেএমএছএছ ৰ জিলা সভাপতি নাজিমূল হকে।শগুণমাৰী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আতোৱাৰ হুছেইন আৰু পঞ্চায়ত সচিব জয়নাল আবেদিনে নিজৰ ইচ্ছামতে গোপনে চৰকাৰী সকলো কাম-কাজ কৰাৰ লগতে চৰকাৰী নিয়ম নীতি ভৰিৰে মোহাৰি নিজৰ ৰাজত্ব চলোৱাৰ অভিযোগ উত্থাপন কৰে কেএমএছএছ ৰ জিলা সভাপতি নাজিমূল হকে।আনহাতে, কাজাইকাটা গাঁও পঞ্চায়তৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন কৰি আন এক অভিযোগ দাখিল কৰে ধুবুৰী জিলা আয়ুক্তক।অভিযোগ অনুসৰি বিলাসিপাৰাৰ আঠানী উন্নয়ন খণ্ডৰ অধীনত থকা কাজাইকাটা গাঁও পঞ্চায়তৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ MGNREGA কামৰ Action Plan ক লৈ বিভিন্ন সময়ত ৰাইজৰ ফালৰ পৰাও বিভিন্ন অভিযোগ উত্থাপন হৈছে। পঞ্চায়তখনত ১০ খন সদস্যৰ ৱাৰ্ড এলেকা আছে যদিও পঞ্চায়তৰ সভাপতি আৰু সচিবে নিজৰ ইচ্ছামতে Action Plan তৈয়াৰ কৰি পঞ্চায়তখনত চৰকাৰী নিয়ম নীতিৰ বিৰুদ্ধে কাম কৰি উক্ত অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। উক্ত দুৰ্নীতি সন্দৰ্ভত ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত তথ্যসহ লিখিত অভিযোগ দাখিল কৰাৰ পিছতো স্থানীয় ৰাইজৰ দাবীক গুৰুত্ব নিদিয়টো অতি দুর্ভাগ্যজনক বুলি অভিহিত কৰে সভাপতি গৰাকীয়ে।উপায়ন্তৰ হৈ পঞ্চায়ত দুটাত চলি থকা দুৰ্নীতি আৰু অনিয়ম বন্ধ কৰিবলৈ ধুবুৰী আয়ুক্তক দুটাকৈ পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সভাপতি নাজিমূল হকে।সমগ্র বিষয়টো চৰজমিন তদন্ত কৰি পঞ্চায়ত দুটাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। অন্যথা সংগঠনটোৱে জিলা আয়ুক্ত অথবা উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ সন্মুখত ৰাইজক লগত লৈ গণতান্ত্রিক প্রতিবাদী কার্য্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে কেএমএছএছ ৰ জিলা সভাপতি গৰাকীয়ে।1
- অষ্টো প্ৰহৰ পতাৰ মূল উদ্দেশ্য আধ্যাত্মিক, সামাজিক আৰু নৈতিক কল্যাণৰ সৈতে জড়িত। এই অষ্টো প্ৰহৰ মানৱমুক্তি আৰু সমাজশুদ্ধিৰ এক ভক্তিমূলক উপায় অষ্টো প্ৰহৰ বা হৰি নাম কীৰ্ত্তন এক ধৰণৰ আধ্যাত্মিক অনুশীলন, য'ত ভগৱানৰ নাম বা গুণগান গাই আধ্যাত্মিক উন্নতিৰ বাবে মনোযোগিত হ'বলৈ চেষ্টা কৰা হয়। "হৰি" শব্দটো সাধাৰণতে ভগৱান কৃষ্ণৰ বা ৰামৰ নামৰ প্ৰতিনিধিত্ব কৰে। এই কীৰ্ত্তন মুলত ভক্তিৰ এক মাধ্যম হিচাপে পালন কৰা হয়। শাস্ত্ৰ মতে, হৰি নাম কীৰ্ত্তন এক শক্তিশালী উপায় বুলি উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা মনৰ বিশুদ্ধি আৰু আত্মাৰ মুক্তিৰ সম্ভাৱনা থাকে। এই কীৰ্ত্তন সাধাৰণতে একাগ্ৰতা আৰু শান্তিৰ বাবে কৰা হয়1
- বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা। বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত। প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়। সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"1
- সোণতলীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন1
- প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।1
- Post by SAKINUR BHAI1
- 📌মানৱীয় চৰিত্ৰত দানৱীয় কাণ্ড। 📌পত্নীক দলবদ্ধ ভাবে মাৰপিট কৰি ডিভৰ্চ পেপাৰত চহী লোৱাৰ অভিযোগ পত্নীৰ।1
- সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বাবে বৰ্ণিল বসন্ত নামেৰে হোলীগীতৰ বৃহৎ শোভাযাত্ৰা ৷ নেপালী, বড়ো , ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লোকে গাইছে হোলীগীত ৷ বৰপেটাত পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । বৰপেটাৰ দৌলৰ অন্যতম অলংকাৰ হ'ল হোলীগীত ।এই হোলীগীতৰ সুৰত এতিয়া সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া কেবল হোলীগীতৰ সুৰ। কাইলৈ গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো আজি অনুষ্ঠিত হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। অৰ্ধশতাধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত আজি এক বৃহৎ সমদলো উলিওৱা হয়। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বৰ্ণিল বসন্ত নামেৰে হোলীগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলীগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা । এইবাৰৰ এই কাৰ্যসূচীত অসমৰ কেবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিবেশন কৰা হোলীগীতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এই শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। ড০ দাসে কয় " বৰ্ণিল বসন্তৰ জৰিয়ে অসম নহয় সমগ্ৰ ভাৰতবৰ্ষকে সমবেত কৰাইছে ৷" " বৰ্ণিল বসন্তই এইযে একত্ৰিত কৰিছে আমি আটাইয়ে অসমীয়া আমি আটাইয়ে ভাৰতীয় এই বাণীটো বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰো ৷ " আজি বৰপেটাৰ হোলীগীত নিজৰ নিজৰ ভাষাত বড়ো , ৰাভা, মিচিং আজি জনগোষ্ঠীৰ লোকে গাইছে। ই এক মহৎ বৰ্তা বুলি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে "মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ'ল বৰপেটাৰ প্ৰাণৰ উৎসৱ " ।1
- 📌বৰক্ষেত্ৰীৰ জাগাৰাত ১৪ তম্ বার্ষিক দৌল মহোৎসৱক লৈ ৰাধা-কৃষ্ণ মন্দিৰ প্ৰাংগণত উখল-মাখল পৰিৱেশ সূচনা। 📌তিনিদিনীয়া বাৰ্ষিক দৌল মহোৎসৱৰ আজি প্ৰথম দিনা ঢুলীয়া উদ্ধোধন কৰে জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী উত্তম তালুকদাৰে।1