Shuru
Apke Nagar Ki App…
শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam sangbad 24
শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা1
- ঢেকীয়াজুলিত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত সৌৰভ আলীৰ থিতাতে মৃত্যু হয়। অঞ্চলটোত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো চৰকাৰী বিষয়াসকল জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি উদাসীন হৈ আছে।1
- হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও জিলাৰ কুৰিখন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন। আজি কুৰি খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছে হয়বৰগাঁও প্ৰেছ ক্লাবে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ২০২৬ চনৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা এনে বৃহৎ সংখ্যক শিক্ষাৰ্থীক একেলগে বিশেষ ভাৱে সম্বৰ্ধনা জনাইছে। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱাৰ সঞ্চালনাত সোণাই একাডেমীত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই ভাষণত কয়, হয়বৰগাঁও প্ৰেছ ক্লাবে আয়োজন কৰা অনুষ্ঠানত ইমান খিনি কৃতি শিক্ষাৰ্থীক একেলগে দেখি মোৰ মনটো উৎফুল্লিত হৈ পৰিছে। উপস্থিত সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক অভিনন্দন জনাই জিলা আয়ুক্তই কয়, এনেধৰণৰ সুকীয়া অনুষ্ঠান বোৰ সমাজৰ নেতৃস্থানীয় সমাজ সেৱা মূলক দল সংগঠনে অনুষ্ঠিত কৰি আমাৰ উঠি অহা শৈক্ষিক প্ৰজন্মক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব লাগে। তাৰোপৰি পৰীক্ষাত অৱতীৰ্ণ হৈ নম্বৰ কম পোৱা নাইবা অধিক নম্বৰ লাভে জীৱনত সফলতাৰ মানদণ্ড নিৰূপণ নকৰে বুলি দৃঢ়তাৰে মতপোষণ কৰে। নিজৰ চমু ভাষণৰ অন্তত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰি নগাওঁ জিলাৰ আয়ুক্ত জনে সকলো শিক্ষাৰ্থী আৰু অভিভাৱকক আবেগিক কৰি তোলা পৰিলক্ষিত হয়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক মোস্তাফা কামালে আঁত ধৰা গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ নুৰুল আমিন, নগাঁও জিলা প্ৰিন্ট মেডিয়া এচ'চিয়েছনৰ সভাপতি সাংবাদিক কনক হাজৰিকা, চিকিৎসক ডাঃ কামাল হাছান, অধ্যক্ষ হাৰুনাল ৰশ্বিদ, অৱসৰপ্ৰাপ্ত এচিএচ বিষয়া কল্লোল দত্ত, জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাসমত আলীয়ে তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে।কৃতি ছাত্ৰ ছাত্ৰীৰ উপৰিও জিলাখনৰ কুৰিখন বিদ্যালয়ৰ অধ্যক্ষকো বিশেষ ভাৱে সন্মানিত কৰে হয়বৰগাঁও প্ৰেছ ক্লাবে। হয়বৰগাঁও প্ৰেছ ক্লাবৰ জন সম্পৰ্কৰক্ষী সম্পাদক প্ৰাঞ্জল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ এনে যোগাত্মক পদক্ষেপক সকলোৱে একমুখে প্ৰশংসা কৰিছে।1
- *From Doboka* চিতলমাৰি ME School ত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা। চিতলমাৰি ME School ত সংঘটিত হোৱা এক অভিযোগক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই সৃষ্টি কৰিছে। হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চামৰালি বজাৰৰ চিতলমাৰি ME School ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ লাইব্ৰেৰীৰ ভিতৰত মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে। অভিযোগত উল্লেখ কৰা অনুসৰি, মাৰপিটৰ সৈতে জড়িত শিক্ষক-শিক্ষয়িত্ৰীৰ নাম মনোৱাৰা বেগম আৰু আব্দুল হাবিজ। ইফালে, ঘটনাটোক লৈ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ বিৰাজ কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতহে ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।1
- ১ জেঠ শনিবাৰ, মৰিগাওঁ জিলা বাখৰবড়ীত,সকলোকে নিমন্ত্ৰণ জনালোঁ।1
- জামুগুৰিহাটৰ ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা অঘটন। এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা। ৰঙাচকুৱাৰ লীলা বৰুৱাক হানি-খুঁচি হত্যা। আক্ৰমণত গুৰুতৰভাৱে আহত আন এগৰাকী যুৱক। আহত ৰাকেশ শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। আক্ৰমণকাৰী ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মনক আটক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।2
- নগাঁও আৰক্ষীয়ে চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰ লগে লগে মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ৬ টালৈ বৃদ্ধি পালে। আৰক্ষীয়ে অভিযান চলাই ডকাইতিৰ বাবে ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু বলেৰো গাড়ী জব্দ কৰাৰ লগতে ডকাইতৰ মোবাইলত নকল সোণৰ গহনাৰ ফটোও উদ্ধাৰ কৰিছে। এই কাণ্ডৰ গভীৰ তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।1
- শিঙৰী আৰক্ষী চকী এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী লোকৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাত অসম মালা পথত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা,অসম মালা পথত সংঘটিত হোৱা উক্ত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী লোকৰ ৷ উক্ত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক বিছাৰি অভিযান অব্যাহত শিঙৰী আৰক্ষীৰ1