logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত অহা ভয়াৱহ বানপানীৰ ফলত নামনি চিয়াং জিলাৰ ৰিমে দলংখন সম্পূৰ্ণৰূপে খহি পৰিছে, যাৰ ফলত অঞ্চলটোত এক অসম্ভৱ জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে আৰু স্থানীয় ৰাইজ বৰ্তমান চৰম সংকটত ভুগিছে।

4 hrs ago
user_Shyam Jadhav
Shyam Jadhav
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
4 hrs ago

ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত অহা ভয়াৱহ বানপানীৰ ফলত নামনি চিয়াং জিলাৰ ৰিমে দলংখন সম্পূৰ্ণৰূপে খহি পৰিছে, যাৰ ফলত অঞ্চলটোত এক অসম্ভৱ জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে আৰু স্থানীয় ৰাইজ বৰ্তমান চৰম সংকটত ভুগিছে।

More news from Tinsukia and nearby areas
  • তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত পেঞ্চনাৰ্চ ভৱনত সদৌ অসম আহোম সভাৰ এখন বিস্তৃত কাৰ্যসূচীৰে বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় সভাপতি সুশাংক নেওগৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ব্ৰজনাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে পৰম্পৰাগত তাই প্ৰাৰ্থনা 'আই চিং লাও' গাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়। এই গুৰুত্বপূৰ্ণ সভাত আগন্তুক লোকপিয়ল সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়।
    1
    তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত পেঞ্চনাৰ্চ ভৱনত সদৌ অসম আহোম সভাৰ এখন বিস্তৃত কাৰ্যসূচীৰে বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় সভাপতি সুশাংক নেওগৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ব্ৰজনাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে পৰম্পৰাগত তাই প্ৰাৰ্থনা 'আই চিং লাও' গাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়।

এই গুৰুত্বপূৰ্ণ সভাত আগন্তুক লোকপিয়ল সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    6 hrs ago
  • পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।
    1
    পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    3 hrs ago
  • জুবিন গাৰ্গ ফেন ক্লাৱ (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’ৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত অনুষ্ঠিত হয়। পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপৰ অংশ হিচাপে পাটসাকোঁৰ পৰা পিঠাগুটি লৈকে ২৯ কিলোমিটাৰ পথত নাহৰ পুলি ৰোপণ কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে আৰু তেওঁ সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। গৰিমা শইকীয়া গাৰ্গৰ লগতে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    1
    জুবিন গাৰ্গ ফেন ক্লাৱ (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’ৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত অনুষ্ঠিত হয়।

পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপৰ অংশ হিচাপে পাটসাকোঁৰ পৰা পিঠাগুটি লৈকে ২৯ কিলোমিটাৰ পথত নাহৰ পুলি ৰোপণ কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে আৰু তেওঁ সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

গৰিমা শইকীয়া গাৰ্গৰ লগতে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • ২৮ জুন, ২০২৬ তাৰিখে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ লিকাবালি-বাসাৰ পথত প্ৰৱল বৰষুণৰ ফলত এক ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে। চিজি (Siji) ব্লক পইণ্টত হোৱা এই ভূমিস্খলনৰ বাবে লিকাবালি চেকপোষ্টৰ ওপৰত থকা চিজি নদীৰ গতিপথ সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰিছে। এই ভূমিস্খলনে অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ লগতে নদীখনৰ তলৰ দিশত থকা লোকবসতিৰ বাবেও এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। প্ৰশাসনে অৱিৰত বৰষুণৰ মাজত পথছোৱা সুৰক্ষিত নহয় বুলি সতৰ্কবাণী জাৰি কৰি সাধাৰণ ৰাইজক প্ৰয়োজন অবিহনে এই পথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে অৰুণাচলৰ নামনি চিয়াং জিলাৰ বিভিন্ন অঞ্চলত তীব্ৰ বৰষুণৰ বাবে এনে ভয়াবহ ভূমিস্খলন সংঘটিত হৈ আছে।
    1
    ২৮ জুন, ২০২৬ তাৰিখে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ লিকাবালি-বাসাৰ পথত প্ৰৱল বৰষুণৰ ফলত এক ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে। চিজি (Siji) ব্লক পইণ্টত হোৱা এই ভূমিস্খলনৰ বাবে লিকাবালি চেকপোষ্টৰ ওপৰত থকা চিজি নদীৰ গতিপথ সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰিছে।

এই ভূমিস্খলনে অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ লগতে নদীখনৰ তলৰ দিশত থকা লোকবসতিৰ বাবেও এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। প্ৰশাসনে অৱিৰত বৰষুণৰ মাজত পথছোৱা সুৰক্ষিত নহয় বুলি সতৰ্কবাণী জাৰি কৰি সাধাৰণ ৰাইজক প্ৰয়োজন অবিহনে এই পথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে অৰুণাচলৰ নামনি চিয়াং জিলাৰ বিভিন্ন অঞ্চলত তীব্ৰ বৰষুণৰ বাবে এনে ভয়াবহ ভূমিস্খলন সংঘটিত হৈ আছে।
    user_ৰূপম দেওধাই বৰুৱা
    ৰূপম দেওধাই বৰুৱা
    মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.