Shuru
Apke Nagar Ki App…
তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত পেঞ্চনাৰ্চ ভৱনত সদৌ অসম আহোম সভাৰ এখন বিস্তৃত কাৰ্যসূচীৰে বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় সভাপতি সুশাংক নেওগৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ব্ৰজনাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে পৰম্পৰাগত তাই প্ৰাৰ্থনা 'আই চিং লাও' গাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়। এই গুৰুত্বপূৰ্ণ সভাত আগন্তুক লোকপিয়ল সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়।
জেৰিণা আৰ হাজৰিকা

More news from Tinsukia and nearby areas
- তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত পেঞ্চনাৰ্চ ভৱনত সদৌ অসম আহোম সভাৰ এখন বিস্তৃত কাৰ্যসূচীৰে বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় সভাপতি সুশাংক নেওগৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ব্ৰজনাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে পৰম্পৰাগত তাই প্ৰাৰ্থনা 'আই চিং লাও' গাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়। এই গুৰুত্বপূৰ্ণ সভাত আগন্তুক লোকপিয়ল সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়।1
- ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।1
- পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।1
- ২৮ জুন, ২০২৬ তাৰিখে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ লিকাবালি-বাসাৰ পথত প্ৰৱল বৰষুণৰ ফলত এক ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে। চিজি (Siji) ব্লক পইণ্টত হোৱা এই ভূমিস্খলনৰ বাবে লিকাবালি চেকপোষ্টৰ ওপৰত থকা চিজি নদীৰ গতিপথ সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰিছে। এই ভূমিস্খলনে অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ লগতে নদীখনৰ তলৰ দিশত থকা লোকবসতিৰ বাবেও এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। প্ৰশাসনে অৱিৰত বৰষুণৰ মাজত পথছোৱা সুৰক্ষিত নহয় বুলি সতৰ্কবাণী জাৰি কৰি সাধাৰণ ৰাইজক প্ৰয়োজন অবিহনে এই পথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে অৰুণাচলৰ নামনি চিয়াং জিলাৰ বিভিন্ন অঞ্চলত তীব্ৰ বৰষুণৰ বাবে এনে ভয়াবহ ভূমিস্খলন সংঘটিত হৈ আছে।1