Shuru
Apke Nagar Ki App…
পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰোৱমাৰী মিলন বজাৰৰ উত্তৰ পাৰাৰ পথটো দীৰ্ঘদিন ধৰি ভঙা-ছিঙা অৱস্থাত আছে। পথটো সোনকালে মেৰামতি কৰি ভাল কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনোৱা হৈছে।
Rajibul ali
পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰোৱমাৰী মিলন বজাৰৰ উত্তৰ পাৰাৰ পথটো দীৰ্ঘদিন ধৰি ভঙা-ছিঙা অৱস্থাত আছে। পথটো সোনকালে মেৰামতি কৰি ভাল কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনোৱা হৈছে।
More news from অসম and nearby areas
- পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰোৱমাৰী মিলন বজাৰৰ উত্তৰ পাৰাৰ পথটো দীৰ্ঘদিন ধৰি ভঙা-ছিঙা অৱস্থাত আছে। পথটো সোনকালে মেৰামতি কৰি ভাল কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনোৱা হৈছে।1
- পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে, ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তত থকা ব্লেক পেন্থাৰ বিচৰণ এলেকাৰ দক্ষিণ পথটো পৰ্যটকৰ বাবে মুকলি থাকিব।1
- বাক্সা জিলাৰ এলেঙামাৰীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে 'হাগ্ৰামা ছাৰ, আমাক এখন নাও দিয়ক' বুলি এক কৰুণ আহ্বান জনাইছে।1
- বৰপেটা জিলাৰ কয়াকুছিৰ কুৰিহা গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত পৰকীয়া সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ কৰি পুনৰ এখন সুখৰ সংসাৰ ছাৰখাৰ হোৱাৰ খবৰ আহিছে। এই ঘটনাত স্বামী ছাইফুল ইছলামৰ বিৰুদ্ধে তেওঁৰ পত্নীক ৪ বছৰীয়া কন্যা সন্তানসহ ঘৰৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।1
- কলগাছিয়াৰ বালিকুৰি কে গাওঁত এক অচিন বেমাৰৰ আতংকে বিৰাজ কৰিছে, যাৰ ফলত চিকিৎসাৰ অভাৱত গোধনৰ মৃত্যু হৈছে। এই অচিন বেমাৰে হাজাৰ হাজাৰ গোধনক আক্ৰমণ কৰাৰ ফলত, একমাত্ৰ গো-পালনৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, পশু চিকিৎসা বিভাগে এই গুৰুতৰ বিষয়ত কোনো কাণ সাৰ দিয়া নাই।1
- বনবাহাৰ গাঁৱত পিএম কিষাণ যোজনাৰ নামত এক বৃহৎ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে। খাইৰুল নামৰ এজন লোকৰ বিৰুদ্ধে গাঁৱৰ একাংশ সৰলমনা লোকক পিএম কিষাণ যোজনাৰ ধন উলিয়াই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰতিজনৰ পৰা ৩ হাজাৰৰ পৰা ৪ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে। অভিযোগ অনুসৰি, অভিযুক্ত খাইৰুলে চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি পিছত উধাও হৈছিল। ইয়াৰ ফলত গাঁওবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। বুধবাৰে বিয়লিৰ ভাগত বনবাহাৰ গাঁৱৰ ৰাইজে খাইৰুলক জবাবদিহি কৰিবলৈ বাধ্য কৰে, যাৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে গাঁৱৰ সহজ-সৰল আৰু দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি এনে প্ৰতাৰণাৰ জাল পতা হৈছে। ৰাইজে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ঘটনাৰ পাছত স্থানীয় সচেতন মহলে পিএম কিষাণৰ নামত ধন সংগ্ৰহ কৰা কোনো ব্যক্তিক বিশ্বাস নকৰিবলৈ আৰু সন্দেহজনক কাৰ্যকলাপ দেখা পালে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে।1
- বাক্সা জিলাৰ ৰাবাং বড়ো বজাৰত যাতায়ত ব্যৱস্থা এতিয়া এক মৰণফান্দলৈ পৰিণত হৈছে। পথৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধাসহ সাধাৰণ ৰাইজে প্ৰতিদিনে মৃত্যুক হাতত লৈ চলাচল কৰিবলৈ বাধ্য হৈছে।1
- পিএম কিষাণ আঁচনিৰ কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টৰ পৰা উলিওৱাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি এক অভিযোগ উত্থাপন হৈছে।1