Shuru
Apke Nagar Ki App…
বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে। এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
Manas Pratim
বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে। এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
More news from অসম and nearby areas
- বাক্সা জিলাৰ আনন্দপুৰত শতবাৰ্ষিকী পালনাম মহোৎসৱৰ এক স্মৰণীয় অনুষ্ঠানত 'আনন্দপুৰ বৈভৱ' শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰে।1
- বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।1
- তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আছে, য'ত প্ৰায় প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় বাসিন্দাসকলক অতিষ্ঠ কৰি তুলিছে। যোৱা নিশা অভয়পুৰ গাঁৱত পুনৰ বন্যহস্তীৰ তাণ্ডৱে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে। জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে অভয়পুৰ গাঁৱত প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে। হাতী দুটাই সৰস্বতী মণ্ডল আৰু বিনা ৰাণী মণ্ডলৰ বাসগৃহত তাণ্ডৱ চলাই ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে। হঠাতে হাতীৰ আগমনত গাঁওখনত আতংকৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে টিন বজাই, জুই জ্বলাই আৰু ফটকা ফুটাই বহু সময় ধৰি হাতী খেদিবলৈ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি চলি থকা এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিদিনে আতংকৰ মাজত জীৱন কটাবলগীয়া হৈছে আৰু নিশা হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ফলস্বৰূপে, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলে বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।1
- ৰঙিয়াত আজি পণ্য আৰু সেৱা কৰ (জিএছটি) সম্পৰ্কীয় এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। গুৱাহাটী কৰ ভৱন (ইউনিট বি)-ৰ উদ্যোগত আৰু ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ সহযোগত স্থানীয় 'ৰাইজমেল কৃষক শ্বহীদ ভৱন' প্ৰাঙ্গণত এই সভা আয়োজন কৰা হৈছিল। এই সভাত ৰঙিয়াৰ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। কৰ বিভাগৰ উপ-আয়ুক্ত ৰিণ্টু কুমাৰ শৰ্মা আৰু অধীক্ষক পংকজ বৰ্মন উপস্থিত থাকি ব্যৱসায়ীসকলক জিএছটি সম্পৰ্কীয় বিভিন্ন শেহতীয়া অধিনিয়মৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ উপ-সভাপতি হৰি ৰাম ক্যাল, সম্পাদক মুকুতানন্দ ভট্টাচাৰ্য, স্থানীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰিন্স চাৰাফৰ লগতে সুশিল জাজোদিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।1
- এতিয়া আপুনি তাৎক্ষণিকভাৱে একাউণ্ট আৰু পাচবুক লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও, আপুনি যিকোনো পাচবুক আপডেট কৰাৰ সুবিধা লাভ কৰিব। এই সুবিধা লাভ কৰিবলৈ 8811059040 নম্বৰত অতি শীঘ্ৰে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।1
- সৰ্থেবাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। সৰ্থেবাৰীৰ নলীৰ পথাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰা হৈছে। এই অভিযান সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজৌতি ডেকাৰ নেতৃত্বত চলোৱা হৈছিল। নলীৰ পথাৰৰ হাচেন আলী আৰু মামনী খাটুনক এই সন্দৰ্ভত আটক কৰা হৈছে।1
- বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।1
- বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে। এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।2