logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰৌমাৰি পথাৰ অঞ্চলত জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত চলা এই অভিযানত হামিদুৰ ৰহমান, ছাদ্দাম আলী, আব্দুল আজিজ আৰু আইনুল হক নামৰ চাৰিজন জুৱাৰীক আটক কৰা হয়। আৰক্ষীৰ উপস্থিতি গম পাই আন কেইবাজনো জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয় যদিও, পলাতকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অবৈধ জুৱা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান চলি থাকিব বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

2 hrs ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
2 hrs ago

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰৌমাৰি পথাৰ অঞ্চলত জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত চলা এই অভিযানত হামিদুৰ ৰহমান, ছাদ্দাম আলী, আব্দুল আজিজ আৰু আইনুল হক নামৰ চাৰিজন জুৱাৰীক আটক কৰা হয়। আৰক্ষীৰ উপস্থিতি গম পাই আন কেইবাজনো জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয় যদিও, পলাতকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অবৈধ জুৱা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান চলি থাকিব বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

More news from অসম and nearby areas
  • ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে মহিলাৰ বাবে ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে তেওঁ মহিলাৰ ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিলৰ বিৰোধিতা কৰা নাই, বৰঞ্চ সমৰ্থন কৰিছে, কিন্তু তেওঁৰ কথাখিনি কোনোৱে বুজিবলৈ চেষ্টা কৰা নাই বুলি আক্ষেপ কৰিছে। বিধায়িকা গৰাকীয়ে কয় যে ডেলিমিটেশ্যন হোৱাৰ পিছত মহি কিয় আজিয়ে ৩৩% সংৰক্ষণ আইন বলবৎ কৰিব নালাগে। তেওঁৰ মতে, যদি এই আইন আজিয়ে বলবৎ কৰা হয়, তেন্তে কংগ্ৰেছৰ সকলো বিধায়কে ইয়াক সমৰ্থন কৰিব। UCC বিল সন্দৰ্ভত, তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে যি সময়ত মূল্যবৃদ্ধিয়ে মহিলাসকলক গ্ৰাস কৰিছে, তেনে সময়ত কিয় UCC বিল অনা হৈছে। তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে যদি মহিলাৰ প্ৰতি ইমান দৰদ আছে, তেন্তে গেছ চিলিণ্ডাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ নকৰি UCC বিল কিয় অনা হৈছে। বেবী বেগমে বহু বিবাহক কেতিয়াও সমৰ্থন নকৰ বুলি দৃঢ়তাৰে মন্তব্য কৰে, কাৰণ কোনো মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন এখন বিয়া পাতিব। তেওঁ লগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে যে যদি UCC বিল সদনত গৃহীত হয় আৰু কোনো স্বামীৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে, তেন্তে স্বামীয়ে দ্বিতীয় বিয়া নকৰিব নেকি। বিধায়িকা গৰাকীয়ে অভিযোগ কৰে যে সদনত UCC সন্দৰ্ভত তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰা আৰু তেওঁক ভাল নোপোৱা একাংশ লোক হৈছে বিজেপিৰ এজেণ্ট। তেওঁ শেষত কয় যে জনপ্ৰতিনিধি হিচাপে তেওঁলোকে সদায় ৰাইজৰ বাবে মাত মাতিব লাগিব।
    1
    ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে মহিলাৰ বাবে ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে তেওঁ মহিলাৰ ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিলৰ বিৰোধিতা কৰা নাই, বৰঞ্চ সমৰ্থন কৰিছে, কিন্তু তেওঁৰ কথাখিনি কোনোৱে বুজিবলৈ চেষ্টা কৰা নাই বুলি আক্ষেপ কৰিছে।

বিধায়িকা গৰাকীয়ে কয় যে ডেলিমিটেশ্যন হোৱাৰ পিছত মহি কিয় আজিয়ে ৩৩% সংৰক্ষণ আইন বলবৎ কৰিব নালাগে। তেওঁৰ মতে, যদি এই আইন আজিয়ে বলবৎ কৰা হয়, তেন্তে কংগ্ৰেছৰ সকলো বিধায়কে ইয়াক সমৰ্থন কৰিব। UCC বিল সন্দৰ্ভত, তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে যি সময়ত মূল্যবৃদ্ধিয়ে মহিলাসকলক গ্ৰাস কৰিছে, তেনে সময়ত কিয় UCC বিল অনা হৈছে। তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে যদি মহিলাৰ প্ৰতি ইমান দৰদ আছে, তেন্তে গেছ চিলিণ্ডাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ নকৰি UCC বিল কিয় অনা হৈছে।

বেবী বেগমে বহু বিবাহক কেতিয়াও সমৰ্থন নকৰ বুলি দৃঢ়তাৰে মন্তব্য কৰে, কাৰণ কোনো মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন এখন বিয়া পাতিব। তেওঁ লগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে যে যদি UCC বিল সদনত গৃহীত হয় আৰু কোনো স্বামীৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে, তেন্তে স্বামীয়ে দ্বিতীয় বিয়া নকৰিব নেকি। বিধায়িকা গৰাকীয়ে অভিযোগ কৰে যে সদনত UCC সন্দৰ্ভত তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰা আৰু তেওঁক ভাল নোপোৱা একাংশ লোক হৈছে বিজেপিৰ এজেণ্ট। তেওঁ শেষত কয় যে জনপ্ৰতিনিধি হিচাপে তেওঁলোকে সদায় ৰাইজৰ বাবে মাত মাতিব লাগিব।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    15 hrs ago
  • ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    1
    ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল।

কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • পৰ্যটকৰ বাহনৰ আগে আগে এটা প্ৰকাণ্ড হাতীৰ জাকে খোজ কাঢ়ি অহাৰ দৃশ্যই পৰ্যটকসকলক আপ্লুত কৰি তুলিছে। হাতীৰ এই জাকটোৰ গতিবিধি দেখি পৰ্যটকসকলে যথেষ্ট আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে।
    1
    পৰ্যটকৰ বাহনৰ আগে আগে এটা প্ৰকাণ্ড হাতীৰ জাকে খোজ কাঢ়ি অহাৰ দৃশ্যই পৰ্যটকসকলক আপ্লুত কৰি তুলিছে। হাতীৰ এই জাকটোৰ গতিবিধি দেখি পৰ্যটকসকলে যথেষ্ট আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • Post by Sahanur Hosen
    1
    Post by Sahanur Hosen
    user_Sahanur Hosen
    Sahanur Hosen
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    2 hrs ago
  • আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    1
    আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    1
    অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • খটখটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন স্কুটী আৰোহী গণেশ হাজৰিকাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন এজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা অনুসৰি, NL07 AA 4021 নম্বৰৰ এখন লোহা ভৰ্তি ট্ৰাক পাৰ্কিঙৰ পৰা ওলাবলৈ লোৱাৰ সময়তে ডিমাপুৰ দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা AS05J 5265 নম্বৰৰ এখন স্কুটীয়ে ইয়াক খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত স্কুটী আৰোহী গণেশ হাজৰিকাই ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। খটখটি আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰথমে আশা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত আৰক্ষীয়ে নিহত যুৱকজনৰ মৃতদেহ আৰু দুৰ্ঘটনাত জড়িত বাহন দুখন নিজৰ জিম্মাত লয়।
    1
    খটখটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন স্কুটী আৰোহী গণেশ হাজৰিকাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন এজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা অনুসৰি, NL07 AA 4021 নম্বৰৰ এখন লোহা ভৰ্তি ট্ৰাক পাৰ্কিঙৰ পৰা ওলাবলৈ লোৱাৰ সময়তে ডিমাপুৰ দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা AS05J 5265 নম্বৰৰ এখন স্কুটীয়ে ইয়াক খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ ফলত স্কুটী আৰোহী গণেশ হাজৰিকাই ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। খটখটি আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰথমে আশা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত আৰক্ষীয়ে নিহত যুৱকজনৰ মৃতদেহ আৰু দুৰ্ঘটনাত জড়িত বাহন দুখন নিজৰ জিম্মাত লয়।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    22 hrs ago
  • বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰৌমাৰি পথাৰ অঞ্চলত জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত চলা এই অভিযানত হামিদুৰ ৰহমান, ছাদ্দাম আলী, আব্দুল আজিজ আৰু আইনুল হক নামৰ চাৰিজন জুৱাৰীক আটক কৰা হয়। আৰক্ষীৰ উপস্থিতি গম পাই আন কেইবাজনো জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয় যদিও, পলাতকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অবৈধ জুৱা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান চলি থাকিব বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।
    1
    বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰৌমাৰি পথাৰ অঞ্চলত জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত চলা এই অভিযানত হামিদুৰ ৰহমান, ছাদ্দাম আলী, আব্দুল আজিজ আৰু আইনুল হক নামৰ চাৰিজন জুৱাৰীক আটক কৰা হয়। আৰক্ষীৰ উপস্থিতি গম পাই আন কেইবাজনো জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয় যদিও, পলাতকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অবৈধ জুৱা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান চলি থাকিব বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.