Shuru
Apke Nagar Ki App…
ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জেৰিণা আৰ হাজৰিকা
ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
More news from Tinsukia and nearby areas
- ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- তিনিচুকীয়াৰ সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক আমাৰ ৰঙালী বিহু আজি তিনিচুকীয়াত আনন্দ উল্লাসৰ মাজেৰে চতুৰ্থ বাৰ্ষিক ‘আমাৰ ৰঙালী বিহু অনুষ্ঠান’ তিনিচুকীয়াৰ সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত আয়োজন কৰে ৷ তিনিচুকীয়াস্থিত এ নিউ পাব্লিক স্কুলৰ প্ৰাঙ্গণত আয়োজিত অনুষ্ঠানসমূহ সঞ্চালনা কৰে ডাঃ কৰুণা চামাৰিয়াই। অনুষ্ঠানৰ শুভাৰম্ভ সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামজীৱন সুৰেকাই বিহু পতাকা উত্তোলন কৰি কৰে। আনহাতে, শ্বহীদ তৰ্পণ কৰে আমাৰ বিহু সন্মিলনৰ সভাপতি সুশীল মনধানিয়া আৰু সম্পাদক বিধান দাসে। এই উপলক্ষে যুৱ হৃদয়ৰ স্পন্দন, জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় হীৰালাল শৰ্মাৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱা, তিনিচুকীয়া ল’ কলেজৰ অধ্যক্ষ ডাঃ সঞ্জয় খৈতান, নেতা সঞ্জয় সিং, তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি কমল তালুকদাৰ, তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষ স্বপন মজুমদাৰ, অসম ভোজপুৰী সাহিত্য সভাৰ সম্পাদক যদুবংশ মণি উপাধ্যায়সহ বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1
- জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।1
- চৰাইদেউত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ *পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান* অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সমীপৱৰ্তী পৰ্যটন ভৱনত অনুষ্ঠিত হয় । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অসম ৰাজ্যিক সাংবাদিক সন্থাই চলিত বৰ্ষৰ ''ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা" পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক প্ৰদান কৰে । পুৱা অসম ৰাজ্যাক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পাতনি মেলাৰ পাছতে স্মৃতি তৰ্পণ কৰে সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই । ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰে ৷ লগতে জিলাৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা কেইবা গৰাকী ব্যক্তিক জিলা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা কৰে সাংবাদিক সংগঠনটোৱে ৷1
- শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, যুটীয়া সম্পাদক মিণ্টু কোঁৱৰ, শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাচিম হাজৰিকা আৰু গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।4
- *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা । *নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন। *শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে । *পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। *দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।1
- উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।1
- মৰাণ বিহু সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। কাইলৈ ইয়াৰ মূল আকৰ্ষণ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আয়োজক সমিতিয়ে এই শোভাযাত্ৰাত সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে।1