বাখৰবড়ীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ তম্ ৰঙালী বিহু সন্মিলন উদযাপন* *মৰিগাঁও জিলাৰ বাখৰবড়ীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। এই সন্মিলনটো বাখৰবড়ী জ্ঞানোদয় জ্যোতিসংঘ আৰু পুথিভঁৰালৰ উদ্যোগত, লগতে স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত আয়োজন কৰা হয়।* *আজি পহিলা ব'হাগৰ পুৱা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। মুখ্য দ্বাৰ উন্মোচন কৰে খেলপথাৰৰ ভূমি দাতা প্ৰবোধ হাজৰিকাই। বন্তি প্ৰজ্বলন কৰে গাঁও প্ৰধান গোলোক কৈৱৰ্ত্তই আৰু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ দাসে।* *ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠানত প্ৰবোধ হাজৰিকা, ৰাজেন হাজৰিকা, ভুতুকী দাস আৰু নুমলী হাজৰিকাই অংশগ্ৰহণ কৰে। বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে নাগৰিক সমিতিৰ সভাপতি জহৰলাল হাজৰিকাই,জিতেন বিষয়া আৰু নিলকমাল দাসে ।* *সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি মহেশ কুমাৰ দাসে। আনহাতে, ক্ৰীড়া সমাৰোহৰ উদ্বোধন কৰে খেলপথাৰ উন্নয়ন সমিতিৰ সভাপতি দেৱলাল দাসে।* *বিহুতলীত স্থানীয় লোকসকলৰ উৎসাহী অংশগ্ৰহণে অঞ্চলটোত বিহুৰ উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে।*

- Post by Mahesh kumar das1
- বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে1
- Post by Mahesh kumar das1