Shuru
Apke Nagar Ki App…
ধুবুৰী চহৰৰ পাচঁ মো’ৰ অঞ্চলৰ এখন গেলামাল দোকানত আৰক্ষীয়ে অভিযান চলাইছিল। এই অভিযানত বহিঃৰাজ্যৰ নিষিদ্ধ লটাৰী টিকট বিক্ৰীৰ অভিযোগত এজন পিতা-পুত্ৰক আটক কৰা হয়। আৰক্ষীয়ে তেওঁলোকৰ পৰা ১৪৭০০ টকা আৰু বৃহৎ সংখ্যক নিষিদ্ধ লটাৰী টিকট জব্দ কৰিছে।
North East Bulletin
ধুবুৰী চহৰৰ পাচঁ মো’ৰ অঞ্চলৰ এখন গেলামাল দোকানত আৰক্ষীয়ে অভিযান চলাইছিল। এই অভিযানত বহিঃৰাজ্যৰ নিষিদ্ধ লটাৰী টিকট বিক্ৰীৰ অভিযোগত এজন পিতা-পুত্ৰক আটক কৰা হয়। আৰক্ষীয়ে তেওঁলোকৰ পৰা ১৪৭০০ টকা আৰু বৃহৎ সংখ্যক নিষিদ্ধ লটাৰী টিকট জব্দ কৰিছে।
More news from অসম and nearby areas
- এই তথ্য ধুবুৰী জিলা, অসমৰ মধ্যপেটলাৰ বিষয়ে জনাইছে।3
- ধুবুৰী জিলাৰ গৌৰীপুৰত গৌৰীপুৰ আৰক্ষীয়ে খুদীমাৰীত এক অভিযান চলাই নকল সোণৰ নাওসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন সৰবৰাহকাৰীকেইজন ক্ৰমে লখিমপুৰৰ বঙালমৰাৰ মহিৰ উদ্দীন, খুদীমাৰীৰ জহিৰুল ইছলাম আৰু ফুলকাটাৰীৰ ফয়জল হক বুলি চিনাক্ত কৰা হৈছে।1
- ভাৰতীয় ৰেল নিচা জাতীয় সামগ্ৰী কঢ়িওৱাৰ এক সহজ মাধ্যম হৈ পৰিছে। এই সন্দৰ্ভত পুনৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এক অভিযান চলাই ৩৭ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইন নং ০১৬৬৬ ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেলৰ S6 ডবাৰ পানীৰ টেংকিত কৌশলপূৰ্ণভাৱে লুকুৱাই সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰি আছিল। এক বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ পাছতে ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এই অভিযান চলাইছিল। জব্দ কৰা এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।1
- হজৰত মহম্মদ (ছ) ৰ ওপৰত সামাজিক মাধ্যমত কৰা বেয়া মন্তব্যসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ প্ৰাক্তন সভাপতি তথা এ আই ইউ ডি এফৰ নেতা ৰেজাউল কৰিম সৰকাৰে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ৰেজাউল কৰিম সৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে যে অসম বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে হজৰত মহম্মদ (ছ) ক প্ৰশংসা কৰাৰ পিছতো, সামাজিক মাধ্যমত একাংশ লোকে তেওঁৰ ওপৰত বেয়া মন্তব্য কৰি থকাৰ সময়ত মুখ্যমন্ত্ৰী নিমাত কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ এই নীৰৱতাক লৈ ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- ৭ জুনত প্ৰায় ৫.৫ প্ৰাৱল্যৰ এক শক্তিশালী ভূমিকম্পই অসমৰ বিভিন্ন প্ৰান্ত, বিশেষকৈ সৰ্থেবাৰীসহ সমগ্ৰ অঞ্চলটো কঁপাই তোলে। এই জোকাৰণিৰ ফলত ঠায়ে ঠায়ে তীব্ৰ আতংকৰ সৃষ্টি হয়। ভূমিকম্পৰ কম্পন অনুভৱ কৰাৰ লগে লগে বিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ আবাসস্থলৰ পৰা ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হয়। ঠিক তেনেদৰে, স্থানীয় লোকসকলেও হঠাৎ হোৱা এই জোকাৰণিৰ বাবে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। সৰ্থেবাৰী, বৰপেটা আৰু গুৱাহাটীসহ কেইবাটাও অঞ্চলত এই কম্পন অনুভৱ কৰা হৈছে। অসম ভূমিকম্প-প্ৰৱণ অঞ্চল হোৱাৰ বাবে সামান্য কম্পনেও জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰে। এই পৰ্যন্ত কোনো বৃহৎ ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই। প্ৰশাসনে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জনসাধাৰণক কোনো ধৰণৰ আতংকিত নহ’বলৈ আহ্বান জনাইছে।1
- বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল আনন্দত আত্মহাৰা হৈ পৰিছে।1
- বঙাইগাঁও জিলাৰ যোগীঘোপাত মাদক দ্ৰব্যক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোগীঘোপা স্থিত এফ চি আই বজাৰত স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী এজন যুৱক আৰু এগৰাকী যুৱতীক হাতে-লোটে আটক কৰাৰ পাছতে এই উত্তেজনাৰ সৃষ্টি হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে গোৱালপাৰাৰ মিলন নগৰৰ আফতাব হুচেইন আৰু বাপুজী নগৰৰ ছুকিতন খাতুন বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা ড্ৰাগছ ভৰ্তি ৫টা কন্টেইনাৰ উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ পাই যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা টেম্পোসহ যুৱক-যুৱতীহালক নিজৰ জিম্মাত লয়। আটকাধীন যুৱক-যুৱতীহালে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে এই ড্ৰাগছখিনি এফ চি আইৰ মফিদুল ইছলামৰ ঘৰৰ পৰা কিনি আনিছিল।1
- নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ন-পাৰা পামত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত পামত থকা ছাগলী, গো-ধন আৰু ধান আদি ভস্মীভূত হয়।1