আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) তালাপ শাখা আৰু খোবাং গাখীৰভেটী উপশাখাৰ উদ্যোগত খোবাং চাহ বাগিছাৰ বিভিন্ন লাইনত চুলাই বিৰোধী অভিযান চলোৱা হয়। অভিযানকাৰীসকলে ঘৰে ঘৰে সোমাই অবৈধ চুলাই মদ বিক্ৰী কৰাসকলক চূড়ান্ত সকীয়নি প্ৰদান কৰিছে, আৰু স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা বাগিছাত এটোপালো চুলাই বিক্ৰী হ'বলৈ দিয়া নহ'ব। আট্ছাই বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তিনিচুকীয়া আৰু ডুমডুমা চক্ৰৰ আবকাৰী বিভাগে এই বিষয়ত চকু মুদি থকাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে জনোৱা অনুসৰি, খোবাং বাগিছাৰ প্ৰতিটো লাইনত দিন-দুপৰতে চুলাইৰ ভাটী চলে যাৰ ফলত শ্ৰমিকৰ ঘৰ-সংসাৰ ধ্বংস হৈছে, ল'ৰা-ছোৱালীৰ পঢ়া-শুনা নষ্ট হৈছে, আৰু সামাজিক পৰিৱেশ বিনষ্ট হৈছে। চুলাইৰ প্ৰভাৱত কাজিয়া-মাৰপিট নিত্য ঘটনা হৈ পৰিছে আৰু কম বয়সীয়া যুৱকসকলৰ অকাল মৃত্যু ঘটিছে, যাৰ ফলত মহিলাসকল কম বয়সতে বিধৱা হৈছে আৰু শিশুসকল মাউৰা হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আট্ছাই আবকাৰী বিভাগৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছে। তেওঁলোকৰ দাবীসমূহ হৈছে: সাত দিনৰ ভিতৰত খোবাং বাগিছাৰ প্ৰতিটো লাইনত আবকাৰী বিভাগে অভিযান চলাব লাগিব; চুলাই বিক্ৰী কৰা দোকানী আৰু ভাটীৰ মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব; আৰু বাগিছাত এটা স্থায়ী আবকাৰী চকী স্থাপন কৰিব লাগিব। আট্ছাই স্পষ্টভাৱে সকীয়নি দিছে যে যদি অনাগত সাত দিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (ATTSA) তিনিচুকীয়া জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। এই অভিযানৰ জৰিয়তে বাগিছাৰ ৰাইজলৈ একত্ৰিত হৈ চুলাই মুক্ত সমাজ গঢ়াৰ আহ্বান জনোৱা হৈছে।

- মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ অধীনত থকা মাকুম নগৰ সমিতিৰ আছু গোটৰ পুনৰ নৱীকৰণ সম্পন্ন কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে দ্বীপ দাসক গোটটোৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে, ৰূপজ্যোতি ভৌমিকক সাধাৰণ সম্পাদক হিচাপে নতুনকৈ দায়িত্ব দিয়া হৈছে।1
- বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে। দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।4
- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।1
- দুলীয়াজানত বৃহত্তম মহিলা মঞ্চ আৰু গোৰ্খা মহিলা মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদত নাওশলীয়া ৰিহাবত সংঘটিত হোৱা ঘটনাৰ সৈতে জড়িত সন্তোষ লিম্বু আৰু তেওঁৰ লগতে জড়িত আন সকলো ব্যক্তিক ফাঁচী দিয়াৰ বাবে দাবী জনোৱা হৈছে।1
- ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডলৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰা হয়। এই উদযাপন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰে।1
- চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি সোণাৰি ৰাজহুৱা খেলপথাৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংসদ যোগেন মহনে ভাষণ প্ৰসংগত যোগক ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু বিশ্ববাসীক উপহাৰ দিয়া এক অমূল্য জীৱনশৈলী বুলি অভিহিত কৰে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক স্থিৰতা আৰু আধ্যাত্মিক উন্নয়নৰ পথ প্ৰদৰ্শন কৰে। তেওঁ বৰ্তমানৰ ব্যস্ত জীৱনত সুস্থ আৰু সুষম জীৱন-যাপনৰ বাবে যোগচৰ্চাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি, সুস্থ, সবল আৰু সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে সকলোকে দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। এই দিৱস উপলক্ষে তেওঁ উপস্থিত সকলো যোগসাধক, অংশগ্ৰহণকাৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু আয়োজকসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা আয়ুক্ত ড° নেহা যাদৱেও যোগাভ্যাস আৰু যোগৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে যোগাসনক মূল বিষয় হিচাপে লৈ এটি মনোমোহা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা যোগাসন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে। 'ক' শাখাত (১০ বছৰলৈকে) প্ৰথম অৱনীশ গগৈ, দ্বিতীয় বাৰ্লিনা মোহন আৰু তৃতীয় কৰ্ণৱ কৃত গগৈয়ে পুৰস্কাৰ লাভ কৰে। 'খ' শাখাত (১০-১৮ বছৰ) সাগৰ নেৱাৰ প্ৰথম, বৰ্ণিল হাজৰিকা দ্বিতীয় আৰু লখিমী তামুলী তৃতীয় স্থানত থাকে। 'গ' শাখাত (১৮-৩৫ বছৰ) কস্তুৰী শইকীয়া প্ৰথম, বৰ্ণালী গায়ন দ্বিতীয় আৰু কবিতা গগৈ তৃতীয় হয়। আনহাতে 'ঘ' শাখাত (৩৫ বছৰ ঊৰ্ধ্ব) মৌচুমী বৰা হাজৰিকা, পৱন দিহিঙীয়া আৰু তুলুমণি কাকতিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত জিলাখনৰ অন্যান্য বিষয়া-কৰ্মচাৰীকে ধৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ মাহমৰা মহকুমাৰ মৰাণ মহাবিদ্যালয়ৰ আন্তঃ ষ্টেডিয়ামত জিলাখনৰ বিষয়াবৰ্গ, ছাত্ৰ-ছাত্ৰী আৰু শতাধিক ৰাইজৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।1
- আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।1
- আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) তালাপ শাখা আৰু খোবাং গাখীৰভেটী উপশাখাৰ উদ্যোগত খোবাং চাহ বাগিছাৰ বিভিন্ন লাইনত চুলাই বিৰোধী অভিযান চলোৱা হয়। অভিযানকাৰীসকলে ঘৰে ঘৰে সোমাই অবৈধ চুলাই মদ বিক্ৰী কৰাসকলক চূড়ান্ত সকীয়নি প্ৰদান কৰিছে, আৰু স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা বাগিছাত এটোপালো চুলাই বিক্ৰী হ'বলৈ দিয়া নহ'ব। আট্ছাই বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তিনিচুকীয়া আৰু ডুমডুমা চক্ৰৰ আবকাৰী বিভাগে এই বিষয়ত চকু মুদি থকাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে জনোৱা অনুসৰি, খোবাং বাগিছাৰ প্ৰতিটো লাইনত দিন-দুপৰতে চুলাইৰ ভাটী চলে যাৰ ফলত শ্ৰমিকৰ ঘৰ-সংসাৰ ধ্বংস হৈছে, ল'ৰা-ছোৱালীৰ পঢ়া-শুনা নষ্ট হৈছে, আৰু সামাজিক পৰিৱেশ বিনষ্ট হৈছে। চুলাইৰ প্ৰভাৱত কাজিয়া-মাৰপিট নিত্য ঘটনা হৈ পৰিছে আৰু কম বয়সীয়া যুৱকসকলৰ অকাল মৃত্যু ঘটিছে, যাৰ ফলত মহিলাসকল কম বয়সতে বিধৱা হৈছে আৰু শিশুসকল মাউৰা হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আট্ছাই আবকাৰী বিভাগৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছে। তেওঁলোকৰ দাবীসমূহ হৈছে: সাত দিনৰ ভিতৰত খোবাং বাগিছাৰ প্ৰতিটো লাইনত আবকাৰী বিভাগে অভিযান চলাব লাগিব; চুলাই বিক্ৰী কৰা দোকানী আৰু ভাটীৰ মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব; আৰু বাগিছাত এটা স্থায়ী আবকাৰী চকী স্থাপন কৰিব লাগিব। আট্ছাই স্পষ্টভাৱে সকীয়নি দিছে যে যদি অনাগত সাত দিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (ATTSA) তিনিচুকীয়া জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। এই অভিযানৰ জৰিয়তে বাগিছাৰ ৰাইজলৈ একত্ৰিত হৈ চুলাই মুক্ত সমাজ গঢ়াৰ আহ্বান জনোৱা হৈছে।1