logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডই জনসাধাৰণক আতংকিত কৰি তোলাৰ লগতে আৰক্ষীৰ বাবেও এক মূৰৰ কামোৰণি হৈ পৰিছে। পূৰ্বৰ চাঞ্চল্যকৰ চুৰি কাণ্ডসমূহৰ ঢৌ মাৰ নৌযাওঁতেই যোৱানিশা পুনৰ ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ লেঞ্চকাৰ্ডৰ সমীপৰ ৰেনু শইকীয়া ডেকা নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে “চাফাই অভিযান” চলায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ৰডেৰে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁলোকে পাচ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ টকা নগদ ধনৰ লগতে বহু মূল্যৱান কাপোৰ লুট কৰি নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হয়। পিছত ঘৰৰ গৰাকী উপস্থিত হৈহে এই ঘটনাৰ বিষয়ে অৱগত হয়। এই সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত এই চুৰিকাণ্ডত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

5 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
5 hrs ago

ৰঙিয়াত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডই জনসাধাৰণক আতংকিত কৰি তোলাৰ লগতে আৰক্ষীৰ বাবেও এক মূৰৰ কামোৰণি হৈ পৰিছে। পূৰ্বৰ চাঞ্চল্যকৰ চুৰি কাণ্ডসমূহৰ ঢৌ মাৰ নৌযাওঁতেই যোৱানিশা পুনৰ ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ লেঞ্চকাৰ্ডৰ সমীপৰ ৰেনু শইকীয়া ডেকা নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে “চাফাই অভিযান” চলায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ৰডেৰে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁলোকে পাচ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ টকা নগদ ধনৰ লগতে বহু মূল্যৱান কাপোৰ লুট কৰি নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হয়। পিছত ঘৰৰ গৰাকী উপস্থিত হৈহে এই ঘটনাৰ বিষয়ে অৱগত হয়। এই সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত এই চুৰিকাণ্ডত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

More news from অসম and nearby areas
  • ৰঙিয়াত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডই জনসাধাৰণক আতংকিত কৰি তোলাৰ লগতে আৰক্ষীৰ বাবেও এক মূৰৰ কামোৰণি হৈ পৰিছে। পূৰ্বৰ চাঞ্চল্যকৰ চুৰি কাণ্ডসমূহৰ ঢৌ মাৰ নৌযাওঁতেই যোৱানিশা পুনৰ ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ লেঞ্চকাৰ্ডৰ সমীপৰ ৰেনু শইকীয়া ডেকা নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে “চাফাই অভিযান” চলায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ৰডেৰে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁলোকে পাচ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ টকা নগদ ধনৰ লগতে বহু মূল্যৱান কাপোৰ লুট কৰি নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হয়। পিছত ঘৰৰ গৰাকী উপস্থিত হৈহে এই ঘটনাৰ বিষয়ে অৱগত হয়। এই সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত এই চুৰিকাণ্ডত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।
    1
    ৰঙিয়াত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডই জনসাধাৰণক আতংকিত কৰি তোলাৰ লগতে আৰক্ষীৰ বাবেও এক মূৰৰ কামোৰণি হৈ পৰিছে। পূৰ্বৰ চাঞ্চল্যকৰ চুৰি কাণ্ডসমূহৰ ঢৌ মাৰ নৌযাওঁতেই যোৱানিশা পুনৰ ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ লেঞ্চকাৰ্ডৰ সমীপৰ ৰেনু শইকীয়া ডেকা নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে “চাফাই অভিযান” চলায়।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ৰডেৰে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁলোকে পাচ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ টকা নগদ ধনৰ লগতে বহু মূল্যৱান কাপোৰ লুট কৰি নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হয়। পিছত ঘৰৰ গৰাকী উপস্থিত হৈহে এই ঘটনাৰ বিষয়ে অৱগত হয়। এই সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত এই চুৰিকাণ্ডত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    5 hrs ago
  • তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আছে, য'ত প্ৰায় প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় বাসিন্দাসকলক অতিষ্ঠ কৰি তুলিছে। যোৱা নিশা অভয়পুৰ গাঁৱত পুনৰ বন্যহস্তীৰ তাণ্ডৱে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে। জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে অভয়পুৰ গাঁৱত প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে। হাতী দুটাই সৰস্বতী মণ্ডল আৰু বিনা ৰাণী মণ্ডলৰ বাসগৃহত তাণ্ডৱ চলাই ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে। হঠাতে হাতীৰ আগমনত গাঁওখনত আতংকৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে টিন বজাই, জুই জ্বলাই আৰু ফটকা ফুটাই বহু সময় ধৰি হাতী খেদিবলৈ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি চলি থকা এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিদিনে আতংকৰ মাজত জীৱন কটাবলগীয়া হৈছে আৰু নিশা হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ফলস্বৰূপে, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলে বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
    1
    তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আছে, য'ত প্ৰায় প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় বাসিন্দাসকলক অতিষ্ঠ কৰি তুলিছে। যোৱা নিশা অভয়পুৰ গাঁৱত পুনৰ বন্যহস্তীৰ তাণ্ডৱে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে।

জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে অভয়পুৰ গাঁৱত প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে। হাতী দুটাই সৰস্বতী মণ্ডল আৰু বিনা ৰাণী মণ্ডলৰ বাসগৃহত তাণ্ডৱ চলাই ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে।

হঠাতে হাতীৰ আগমনত গাঁওখনত আতংকৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে টিন বজাই, জুই জ্বলাই আৰু ফটকা ফুটাই বহু সময় ধৰি হাতী খেদিবলৈ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি চলি থকা এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিদিনে আতংকৰ মাজত জীৱন কটাবলগীয়া হৈছে আৰু নিশা হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ফলস্বৰূপে, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলে বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    17 hrs ago
  • ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু এক বিশেষ অভিনন্দন অনুষ্ঠানত 'অৰণ্য মানৱ' পদ্মশ্ৰী যাদৱ পায়েঙক আদৰণি জনোৱা হয়। এই অনুষ্ঠান ছিপাঝাৰত অনুষ্ঠিত হৈছিল।
    1
    ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু এক বিশেষ অভিনন্দন অনুষ্ঠানত 'অৰণ্য মানৱ' পদ্মশ্ৰী যাদৱ পায়েঙক আদৰণি জনোৱা হয়। এই অনুষ্ঠান ছিপাঝাৰত অনুষ্ঠিত হৈছিল।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    4 hrs ago
  • জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে, জুবিন গাৰ্গৰ ছবি মছি পেলোৱাক লৈ হোৱা প্ৰতিবাদৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছিল। গগৈয়ে এই বিষয়ত দিল্লীৰ সৈতে তুলনা কৰিছে, য'ত 'ককৰোচ জনতা পাৰ্টী'য়ে প্ৰতিবাদ কৰি থকাৰ পিছতো জাপানৰ প্ৰধানমন্ত্ৰী দিল্লীলৈ আহিব। এই পটভূমিত, অসমত সামান্য প্ৰতিবাদৰ বাবেই ভ্ৰমণ বাতিল হোৱাটোৱে অসম চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
    1
    জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে, জুবিন গাৰ্গৰ ছবি মছি পেলোৱাক লৈ হোৱা প্ৰতিবাদৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছিল।

গগৈয়ে এই বিষয়ত দিল্লীৰ সৈতে তুলনা কৰিছে, য'ত 'ককৰোচ জনতা পাৰ্টী'য়ে প্ৰতিবাদ কৰি থকাৰ পিছতো জাপানৰ প্ৰধানমন্ত্ৰী দিল্লীলৈ আহিব। এই পটভূমিত, অসমত সামান্য প্ৰতিবাদৰ বাবেই ভ্ৰমণ বাতিল হোৱাটোৱে অসম চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
  • অসমৰ ইণ্ডিজিণাছ মুছলিম অৰ্গেনাইজেছন গোৰিয়া জাতীয় পৰিষদে দিছপুৰ প্ৰেছ ক্লাবত এখন সাংবাদিক সন্মিলন অনুষ্ঠিত কৰে।
    1
    অসমৰ ইণ্ডিজিণাছ মুছলিম অৰ্গেনাইজেছন গোৰিয়া জাতীয় পৰিষদে দিছপুৰ প্ৰেছ ক্লাবত এখন সাংবাদিক সন্মিলন অনুষ্ঠিত কৰে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
  • মুছলপুৰত বিপিএফৰ পলিচি মেকিং বডী (PMB)ৰ বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
    1
    মুছলপুৰত বিপিএফৰ পলিচি মেকিং বডী (PMB)ৰ বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    10 hrs ago
  • মহানগৰীৰ হাতীগাঁৱৰ শান্তি পথত উচ্ছেদ অভিযান চলোৱা হৈছে। দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত এই অভিযান চলি আছে, য'ত চৰকাৰী ভূমি দখল কৰি কেইবাটাও পৰিয়ালে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ PWD ৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে এই উচ্ছেদ চলোৱা হৈছে। উচ্ছেদিত লোকসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত ৰেহাই বিচাৰি বিননি জনাইছে। তেওঁলোকে কয় যে, 'আমি গৰীয়া মানুহ, 'মিয়া' নহয়, আমি বিজেপি কৰো, সেয়ে আমাক ৰেহাই দিয়ক। কোনোমতে ঘৰ বান্ধি পৰিয়াল চলাই আছো আৰু আমি স্থানীয় লোক।'
    1
    মহানগৰীৰ হাতীগাঁৱৰ শান্তি পথত উচ্ছেদ অভিযান চলোৱা হৈছে। দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত এই অভিযান চলি আছে, য'ত চৰকাৰী ভূমি দখল কৰি কেইবাটাও পৰিয়ালে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।

বিশেষকৈ PWD ৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে এই উচ্ছেদ চলোৱা হৈছে। উচ্ছেদিত লোকসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত ৰেহাই বিচাৰি বিননি জনাইছে। তেওঁলোকে কয় যে, 'আমি গৰীয়া মানুহ, 'মিয়া' নহয়, আমি বিজেপি কৰো, সেয়ে আমাক ৰেহাই দিয়ক। কোনোমতে ঘৰ বান্ধি পৰিয়াল চলাই আছো আৰু আমি স্থানীয় লোক।'
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
  • বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে। এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
    2
    বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে।

এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
    user_Manas Pratim
    Manas Pratim
    Local News Reporter বাগানপাৰা (পিটি), বাক্সা, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.