logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ জন্ম দিন উদযাপন শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্ম দিন গৃহভূমি ৰঙিয়াত আজি উদযাপন কৰা হয় ।পদাধিকাৰ গৰাকীৰ ৮৩ সংখ্যক জন্ম দিন উপলক্ষে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। কামৰূপ জিলা সাহিত্য সভাৰ লগতে আন ভালেমান সংগঠনে পদাধিকাৰ গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সামাজিক কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে পদাধিকাৰ গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে গুৰুজনাৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি এখন সুন্দৰ সমাজ গঢ়িবলৈও ভাষণত আহ্বান জনাই পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।

2 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
2 hrs ago

ৰঙিয়াত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ জন্ম দিন উদযাপন শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্ম দিন গৃহভূমি ৰঙিয়াত আজি উদযাপন কৰা হয় ।পদাধিকাৰ গৰাকীৰ ৮৩ সংখ্যক জন্ম দিন উপলক্ষে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। কামৰূপ জিলা সাহিত্য সভাৰ লগতে আন ভালেমান সংগঠনে পদাধিকাৰ গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সামাজিক কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে পদাধিকাৰ গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে গুৰুজনাৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি এখন সুন্দৰ সমাজ গঢ়িবলৈও ভাষণত আহ্বান জনাই পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।

More news from অসম and nearby areas
  • শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্ম দিন গৃহভূমি ৰঙিয়াত আজি উদযাপন কৰা হয় ।পদাধিকাৰ গৰাকীৰ ৮৩ সংখ্যক জন্ম দিন উপলক্ষে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। কামৰূপ জিলা সাহিত্য সভাৰ লগতে আন ভালেমান সংগঠনে পদাধিকাৰ গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সামাজিক কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে পদাধিকাৰ গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে গুৰুজনাৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি এখন সুন্দৰ সমাজ গঢ়িবলৈও ভাষণত আহ্বান জনাই পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।
    1
    শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ  পদাধিকাৰ  ভৱেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্ম দিন গৃহভূমি ৰঙিয়াত আজি উদযাপন কৰা হয় ।পদাধিকাৰ গৰাকীৰ
৮৩  সংখ্যক জন্ম দিন উপলক্ষে  বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল বাসগৃহত উপস্থিত হৈ  শুভেচ্ছা জ্ঞাপন কৰে।  কামৰূপ জিলা সাহিত্য সভাৰ লগতে আন ভালেমান সংগঠনে পদাধিকাৰ গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সামাজিক কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে পদাধিকাৰ গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে গুৰুজনাৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি এখন সুন্দৰ সমাজ গঢ়িবলৈও ভাষণত আহ্বান জনাই পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    1
    তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা
তামুলপুৰ, প্ৰতিবেদনঃ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে।
অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে।
গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • #জয়_আই_অসম
    1
    #জয়_আই_অসম
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    1 hr ago
  • বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    1
    বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    3 hrs ago
  • বাক্সাৰ জালাহগাঁৱত ৰঙালী বিহুৰ আয়োজন। অনুষ্ঠিত হৈছে মুকলি বিহু প্ৰদৰ্শন।
    1
    বাক্সাৰ জালাহগাঁৱত ৰঙালী বিহুৰ আয়োজন। অনুষ্ঠিত হৈছে মুকলি বিহু প্ৰদৰ্শন।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    3 hrs ago
  • মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    1
    মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • 📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’! 📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’ 📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh
    1
    📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’!
📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’
📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    4 hrs ago
  • খৈৰাণীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা — অস্মিতা বস্নেতৰ ৯৭% নম্বৰে সৰ্বভাৰতীয় শীৰ্ষস্থান লাভ
    1
    খৈৰাণীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা — অস্মিতা বস্নেতৰ ৯৭% নম্বৰে সৰ্বভাৰতীয় শীৰ্ষস্থান লাভ
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.