logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলাইগাঁৱৰ নোৱানৈৰ বাঢ়নি পানীয়ে সমগ্ৰ আদৰ্শ গাঁও অঞ্চলটো বুৰাই পেলাইছে। নোৱানৈৰ পানী বৃদ্ধি পোৱাৰ ফলতেই এইদৰে আদৰ্শ গাঁও অঞ্চলটো জলমগ্ন হৈ পৰিছে।

1 hr ago
user_যদুমনি নাথ
যদুমনি নাথ
Singer কলাইগাঁও, ওদালগুৰি, অসম•
1 hr ago
c650693d-1fcb-4000-b8b4-279c7014b693

কলাইগাঁৱৰ নোৱানৈৰ বাঢ়নি পানীয়ে সমগ্ৰ আদৰ্শ গাঁও অঞ্চলটো বুৰাই পেলাইছে। নোৱানৈৰ পানী বৃদ্ধি পোৱাৰ ফলতেই এইদৰে আদৰ্শ গাঁও অঞ্চলটো জলমগ্ন হৈ পৰিছে।

More news from অসম and nearby areas
  • ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    1
    ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে।

কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • মৰিগাঁও জিলাৰ লহৰীঘাটত ন্যায়ৰ দাবী উত্থাপন হৈছে। ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি জনাইছে যে তেওঁলোকক ন্যায় লাগে আৰু এই সন্দৰ্ভত ওপৰৰ কৰ্তৃপক্ষকো জনোৱা হৈছিল। কিন্তু ইয়াৰ পিছতো কমিটিৰ মানুহখিনিয়ে এই বিষয়ত এতিয়ালৈকে একো কৰা নাই।
    1
    মৰিগাঁও জিলাৰ লহৰীঘাটত ন্যায়ৰ দাবী উত্থাপন হৈছে। ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি জনাইছে যে তেওঁলোকক ন্যায় লাগে আৰু এই সন্দৰ্ভত ওপৰৰ কৰ্তৃপক্ষকো জনোৱা হৈছিল। কিন্তু ইয়াৰ পিছতো কমিটিৰ মানুহখিনিয়ে এই বিষয়ত এতিয়ালৈকে একো কৰা নাই।
    user_Faridul islam
    Faridul islam
    লাহৰিঘাট, মৰিগাঁও, অসম•
    6 hrs ago
  • তামুলপুৰত তামুলপুৰ জিলা লেখিকা সমাজৰ দ্বিতীয় বৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উদযাপন কাৰ্যসূচীৰ অংশ হিচাপে বিজয়ীসকলক বঁটা বিতৰণ কৰা হয়।
    1
    তামুলপুৰত তামুলপুৰ জিলা লেখিকা সমাজৰ দ্বিতীয় বৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উদযাপন কাৰ্যসূচীৰ অংশ হিচাপে বিজয়ীসকলক বঁটা বিতৰণ কৰা হয়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    13 hrs ago
  • মৰিগাঁও জিলাৰ মৈৰাবাৰী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত দুখনকৈ গুৰুত্বপূৰ্ণ কবিতা পুথিৰ শুভ উন্মোচন কৰা হৈছে। ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক বদৰুজ জামান আক্তৰৰ কবিতা সংকলন 'হৃদয়ৰ সংবাদ' আৰু প্ৰয়াত কবি আব্দুল জলিলৰ সৃষ্টিৰাজিক সামৰি প্ৰস্তুত কৰা স্মৰণীয় সংকলন 'স্মৃতিমালা' উন্মোচন কৰে। উল্লেখনীয় যে, 'খাইৰ প্ৰকাশন'ৰ দ্বাৰা এই পুথি দুখন প্ৰকাশ কৰি উলিওৱা হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক মৌলানা ফজলুল কৰিম কাছিমীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই দুখন পুথিয়ে মৈৰাবাৰীৰ সাহিত্য চৰ্চাৰ ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নৱপ্ৰজন্মক সৃষ্টিশীল কাম-কাজত উৎসাহিত কৰিব।
    1
    মৰিগাঁও জিলাৰ মৈৰাবাৰী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত দুখনকৈ গুৰুত্বপূৰ্ণ কবিতা পুথিৰ শুভ উন্মোচন কৰা হৈছে। ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক বদৰুজ জামান আক্তৰৰ কবিতা সংকলন 'হৃদয়ৰ সংবাদ' আৰু প্ৰয়াত কবি আব্দুল জলিলৰ সৃষ্টিৰাজিক সামৰি প্ৰস্তুত কৰা স্মৰণীয় সংকলন 'স্মৃতিমালা' উন্মোচন কৰে। উল্লেখনীয় যে, 'খাইৰ প্ৰকাশন'ৰ দ্বাৰা এই পুথি দুখন প্ৰকাশ কৰি উলিওৱা হৈছে।

অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক মৌলানা ফজলুল কৰিম কাছিমীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই দুখন পুথিয়ে মৈৰাবাৰীৰ সাহিত্য চৰ্চাৰ ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নৱপ্ৰজন্মক সৃষ্টিশীল কাম-কাজত উৎসাহিত কৰিব।
    user_MOKIBUDDIN AHMED
    MOKIBUDDIN AHMED
    মৰিগাঁও, মৰিগাঁও, অসম•
    9 min ago
  • মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আনুষ্ঠানিকভাৱে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ এক নতুন গৃহ নিৰ্মাণ কাৰ্যৰ শুভ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ দিশত এই নতুন প্ৰকল্পটোক এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে।
    1
    মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আনুষ্ঠানিকভাৱে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ এক নতুন গৃহ নিৰ্মাণ কাৰ্যৰ শুভ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ দিশত এই নতুন প্ৰকল্পটোক এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    9 hrs ago
  • উপ-নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত জাগীৰোডত কংগ্ৰেছক শূন্য কৰাৰ লক্ষ্যৰে মায়ঙত বিজেপি দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীত জাগীৰোড সমষ্টিৰ মায়ঙৰ কুৰানীবুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় ৫০০ ৰো অধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বৃহৎ যোগদান সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকে। সমাগত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি বৰ্তমান যথেষ্ট তৎপৰ হৈ পৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে।
    1
    উপ-নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত জাগীৰোডত কংগ্ৰেছক শূন্য কৰাৰ লক্ষ্যৰে মায়ঙত বিজেপি দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীত জাগীৰোড সমষ্টিৰ মায়ঙৰ কুৰানীবুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় ৫০০ ৰো অধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বৃহৎ যোগদান সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকে।

সমাগত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি বৰ্তমান যথেষ্ট তৎপৰ হৈ পৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে।
    user_MOKIBUDDIN AHMED
    MOKIBUDDIN AHMED
    মৰিগাঁও, মৰিগাঁও, অসম•
    21 min ago
  • সীতাজখলাৰ সমীপৱৰ্তী অসম-মেঘালয় সীমান্তৰ উমচিয়াং নদীত যোৱা ৯ জুলাইত সতীৰ্থৰ সৈতে প্ৰকৃতিৰ কোলাত অৱগাহন কৰিবলৈ গৈ নিখোজ হোৱা টোপাতলী মিলনপুৰ গাঁৱৰ ১৯ বছৰীয়া কিশোৰ কৰন বড়োৰ কৰুণ পৰিসমাপ্তি ঘটিছে। তিনি দিন ধৰি নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ অন্তত আজি উদ্ধাৰকাৰী এছ.ডি.আৰ.এফ. (SDRF) বাহিনীয়ে নদীৰ গভীৰ বুকুখনিৰ পৰা যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উমচিয়াং নদীৰ এই নিৰ্দিষ্ট স্থানখণ্ড কালৰ সোঁতত ইতিপূৰ্বে বহুকেইটা অকাল মৃত্যুৰ সাক্ষী হৈ পৰিছে। প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ একাংশ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হোৱা এই ঘটনাসমূহে স্বাভাৱিকতেই অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পেলাইছে। উমচিয়াং নদীৰ গভীৰ বুকুত এটি সপোন হেৰাই যোৱাক লৈ অসম-মেঘালয় সীমান্তৰ উমচিয়াঙত এতিয়া চৰম বিষাদৰ বিননি উঠিছে।
    1
    সীতাজখলাৰ সমীপৱৰ্তী অসম-মেঘালয় সীমান্তৰ উমচিয়াং নদীত যোৱা ৯ জুলাইত সতীৰ্থৰ সৈতে প্ৰকৃতিৰ কোলাত অৱগাহন কৰিবলৈ গৈ নিখোজ হোৱা টোপাতলী মিলনপুৰ গাঁৱৰ ১৯ বছৰীয়া কিশোৰ কৰন বড়োৰ কৰুণ পৰিসমাপ্তি ঘটিছে। তিনি দিন ধৰি নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ অন্তত আজি উদ্ধাৰকাৰী এছ.ডি.আৰ.এফ. (SDRF) বাহিনীয়ে নদীৰ গভীৰ বুকুখনিৰ পৰা যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, উমচিয়াং নদীৰ এই নিৰ্দিষ্ট স্থানখণ্ড কালৰ সোঁতত ইতিপূৰ্বে বহুকেইটা অকাল মৃত্যুৰ সাক্ষী হৈ পৰিছে। প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ একাংশ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হোৱা এই ঘটনাসমূহে স্বাভাৱিকতেই অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পেলাইছে। উমচিয়াং নদীৰ গভীৰ বুকুত এটি সপোন হেৰাই যোৱাক লৈ অসম-মেঘালয় সীমান্তৰ উমচিয়াঙত এতিয়া চৰম বিষাদৰ বিননি উঠিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.