logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উপ-নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত জাগীৰোডত কংগ্ৰেছক শূন্য কৰাৰ লক্ষ্যৰে মায়ঙত বিজেপি দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীত জাগীৰোড সমষ্টিৰ মায়ঙৰ কুৰানীবুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় ৫০০ ৰো অধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বৃহৎ যোগদান সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকে। সমাগত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি বৰ্তমান যথেষ্ট তৎপৰ হৈ পৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে।

1 hr ago
user_MOKIBUDDIN AHMED
MOKIBUDDIN AHMED
মৰিগাঁও, মৰিগাঁও, অসম•
1 hr ago

উপ-নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত জাগীৰোডত কংগ্ৰেছক শূন্য কৰাৰ লক্ষ্যৰে মায়ঙত বিজেপি দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীত জাগীৰোড সমষ্টিৰ মায়ঙৰ কুৰানীবুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় ৫০০ ৰো অধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বৃহৎ যোগদান সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকে। সমাগত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি বৰ্তমান যথেষ্ট তৎপৰ হৈ পৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে।

More news from অসম and nearby areas
  • যদি আপুনি ডাঙৰ আকাৰৰ সতেজ লোকেল মাছ খাবলৈ আগ্ৰহী, তেন্তে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী মাছৰ খুচুৰা বজাৰখন আপোনাৰ বাবে এক উপযুক্ত গন্তব্যস্থান হ’ব পাৰে। এই বজাৰত প্ৰতিদিনে পুৱাৰ ভাগতেই বিভিন্ন নদী আৰু বিলৰ পৰা অনা সতেজ তথা ডাঙৰ মাছ বিক্ৰীৰ বাবে উপলব্ধ হয়।
    1
    যদি আপুনি ডাঙৰ আকাৰৰ সতেজ লোকেল মাছ খাবলৈ আগ্ৰহী, তেন্তে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী মাছৰ খুচুৰা বজাৰখন আপোনাৰ বাবে এক উপযুক্ত গন্তব্যস্থান হ’ব পাৰে। এই বজাৰত প্ৰতিদিনে পুৱাৰ ভাগতেই বিভিন্ন নদী আৰু বিলৰ পৰা অনা সতেজ তথা ডাঙৰ মাছ বিক্ৰীৰ বাবে উপলব্ধ হয়।
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    2 hrs ago
  • অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    10 hrs ago
  • ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    1
    ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে।

কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    8 hrs ago
  • তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।
    1
    তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    13 min ago
  • ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিশ্বনাথত উপস্থিত হৈছে। জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬'ত অংশগ্ৰহণ কৰি তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰে। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে ৰাজ্যিক সভাপতিগৰাকীক বিপুল আদৰণি জনায়। এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে নগাঁৱত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্ব মন্ত্ৰী পিযুছ হাজৰিকাক অৰ্পণ কৰা হৈছে। উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত নগাঁৱৰ জনসাধাৰণে বিজেপি তথা এন ডি এক সমৰ্থন জনাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিত যোগদান কৰাক লৈ ওলোৱা বাতৰি সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত কোনো সমল নাই আৰু সময় আহিলে এই বিষয়ে নিশ্চয় জানিবলৈ দিয়া হ’ব।
    4
    ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিশ্বনাথত উপস্থিত হৈছে। জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬'ত অংশগ্ৰহণ কৰি তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰে। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে ৰাজ্যিক সভাপতিগৰাকীক বিপুল আদৰণি জনায়।

এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে নগাঁৱত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্ব মন্ত্ৰী পিযুছ হাজৰিকাক অৰ্পণ কৰা হৈছে। উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত নগাঁৱৰ জনসাধাৰণে বিজেপি তথা এন ডি এক সমৰ্থন জনাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিত যোগদান কৰাক লৈ ওলোৱা বাতৰি সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত কোনো সমল নাই আৰু সময় আহিলে এই বিষয়ে নিশ্চয় জানিবলৈ দিয়া হ’ব।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • Post by Manik AIi
    1
    Post by Manik AIi
    user_Manik AIi
    Manik AIi
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    7 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক সুখবৰ। কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ কহুঁৱাটিৰ মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে ‘মহাবাহু’ নামৰ এটি মাছৰ কাটা। ইয়াৰ ফলত এতিয়াৰে পৰা নগাঁও আৰু মৰিগাঁও অঞ্চলৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব। যিসকল লোকে ইয়াৰ পৰা মাছ ক্ৰয় কৰিবলৈ ইচ্ছুক, তেওঁলোকক ৮৪৭১৮২৬৬৭১, ৮৬৩৮৬০২৩৭৭ নাইবা ৮৪৭৩৮৪৯১৫৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক সুখবৰ। কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ কহুঁৱাটিৰ মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে ‘মহাবাহু’ নামৰ এটি মাছৰ কাটা। ইয়াৰ ফলত এতিয়াৰে পৰা নগাঁও আৰু মৰিগাঁও অঞ্চলৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব।

যিসকল লোকে ইয়াৰ পৰা মাছ ক্ৰয় কৰিবলৈ ইচ্ছুক, তেওঁলোকক ৮৪৭১৮২৬৬৭১, ৮৬৩৮৬০২৩৭৭ নাইবা ৮৪৭৩৮৪৯১৫৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    23 hrs ago
  • তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশান ভূমিত এক ড্ৰাগছ ধ্বংসীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত আৰক্ষীয়ে বিভিন্ন সময়ত চলোৱা অভিযানত জব্দ কৰা সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি বিনষ্ট কৰে। এক সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে তামুলপুৰ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আৰক্ষী প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, আজিৰ এই কাৰ্যসূচীত ৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫ টা নিচাযুক্ত কেপচুল আৰু ২.৮৩২ গ্ৰাম ব্ৰাউন চুগাৰ সম্পূৰ্ণৰূপে জ্বলাই ধ্বংস কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ বাবে তামুলপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা এই বলিষ্ঠ পদক্ষেপক স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
    1
    তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশান ভূমিত এক ড্ৰাগছ ধ্বংসীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত আৰক্ষীয়ে বিভিন্ন সময়ত চলোৱা অভিযানত জব্দ কৰা সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি বিনষ্ট কৰে। এক সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে তামুলপুৰ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আৰক্ষী প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, আজিৰ এই কাৰ্যসূচীত ৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫ টা নিচাযুক্ত কেপচুল আৰু ২.৮৩২ গ্ৰাম ব্ৰাউন চুগাৰ সম্পূৰ্ণৰূপে জ্বলাই ধ্বংস কৰা হৈছে।

ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ বাবে তামুলপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা এই বলিষ্ঠ পদক্ষেপক স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    16 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.