তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশান ভূমিত এক ড্ৰাগছ ধ্বংসীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত আৰক্ষীয়ে বিভিন্ন সময়ত চলোৱা অভিযানত জব্দ কৰা সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি বিনষ্ট কৰে। এক সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে তামুলপুৰ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আৰক্ষী প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, আজিৰ এই কাৰ্যসূচীত ৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫ টা নিচাযুক্ত কেপচুল আৰু ২.৮৩২ গ্ৰাম ব্ৰাউন চুগাৰ সম্পূৰ্ণৰূপে জ্বলাই ধ্বংস কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ বাবে তামুলপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা এই বলিষ্ঠ পদক্ষেপক স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

- তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।1
- ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।1
- বাক্সাৰ গাৰামদেউত আৱাহন থিয়েটাৰৰ বতৰীয়া আৰু VIP টিকট বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত তিনিটা নিশাৰ নাট্য নিবেদন লৈ গাৰামদেউলৈ আৱাহন থিয়েটাৰ আহিব।1
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।1
- দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।1
- দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।1
- বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।1
- তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।1