Shuru
Apke Nagar Ki App…
১৯৬৯ চনত স্থাপন হোৱা দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছ ভিত্তিক নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোট ধ্বংসস্তূপত বিলীন হৈছে। দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এই সাৰ কাৰখানাটো ভাঙি পেলোৱাৰ পাছতে এক দীঘলীয়া আৰু উল্লেখযোগ্য যুগৰ অৱসান ঘটিছে।
DSL LIVE
১৯৬৯ চনত স্থাপন হোৱা দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছ ভিত্তিক নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোট ধ্বংসস্তূপত বিলীন হৈছে। দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এই সাৰ কাৰখানাটো ভাঙি পেলোৱাৰ পাছতে এক দীঘলীয়া আৰু উল্লেখযোগ্য যুগৰ অৱসান ঘটিছে।
More news from অসম and nearby areas
- আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে মৰিগাঁও জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) এ 'নশা মুক্ত ভাৰত অভিযান'ৰ অধীনত এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। সমাজত মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰা আৰু শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰাই আছিল এই কাৰ্যসূচীৰ মূল লক্ষ্য। এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ নিজৰ ভাষণত মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰাত শিক্ষানুষ্ঠান, চৰকাৰ, অভিভাৱক আৰু সমাজৰ সমন্বিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে, তেওঁ শিক্ষাৰ্থীসকলক সকলো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকি 'নশা মুক্ত ভাৰত' গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত ন'ডেল বিষয়া ড° জয়া বড়োৱে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ কু-প্ৰভাৱ, ইয়াৰ সামাজিক আৰু স্বাস্থ্যজনিত ক্ষতিকাৰক দিশ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু 'নশা মুক্ত ভাৰত অভিযান'ৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে এক তথ্যসমৃদ্ধ পাৱাৰপইণ্ট উপস্থাপনা আগবঢ়ায়। তেওঁ দেশক মাদকমুক্ত কৰাৰ ক্ষেত্ৰত যুৱ সমাজৰ দায়িত্ব আৰু ভূমিকাৰ ওপৰতো গুৰুত্ব দিয়ে। DIET মৰিগাঁৱৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে এই সজাগতা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উল্লেখ্য যে DIET মৰিগাঁৱে নিয়মীয়াকৈ এনে সজাগতা কাৰ্যসূচী আয়োজন কৰি যুৱ সমাজৰ মাজত সচেতনতা বৃদ্ধিৰ লগতে 'নশা মুক্ত ভাৰত অভিযান'ক অধিক শক্তিশালী কৰি আহিছে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে মাদকমুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰাৰ লগতে সমাজৰ প্ৰতিটো স্তৰত মাদকবিৰোধী সজাগতা বিস্তাৰ কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।1
- সমগ্ৰ বিশ্বৰ লগতে মৰিগাঁৱতো আজি 'আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস' সজাগতামূলক কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে মৰিগাঁও আৰক্ষী থানাৰ উদ্যোগত 'ড্ৰাগছক কওক না, জীৱনক কওক হা' — এই মূল বাৰ্তাৰে এক বিশেষ ড্ৰাগছ বিৰোধী ৰেলী উলিওৱা হয়। এই সমদলত মৰিগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলৰ লগতে স্থানীয় একাংশ যুৱক-যুৱতী আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। সমদলটোৱে চহৰখনৰ পথ পৰিক্ৰমা কৰি সৰ্বসাধাৰণ ৰাইজক, বিশেষকৈ যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ কুপ্ৰভাৱৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াস কৰে। আৰক্ষী প্ৰশাসনে সমাজৰ পৰা এই মাৰাত্মক ব্যাধি চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে।1
- বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।1
- মন্ত্ৰী পীযূষ হাজৰিকা মায়ং গাঁও পঞ্চায়তত উপস্থিত হয়। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে মায়ং গাঁও পঞ্চায়তৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।1
- আজি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত কালাই চাপৰিত বিধায়ক আছিফ নাজাৰ যন্ত্ৰচালিত নাৱেৰে যাত্ৰা কৰি উপস্থিত হয়। তেওঁ সমষ্টিৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি অঞ্চলটোৰ লোকসকলৰ অভাৱ-অভিযোগ সম্পৰ্কে বুজ লয়। এই ভ্ৰমণৰ সময়ত বিধায়কগৰাকীয়ে বিভিন্ন উন্নয়নমূলক দিশৰ ওপৰত ৰাইজৰ সৈতে বিশদ আলোচনা কৰে।1
- সৰ্থেবাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। সৰ্থেবাৰীৰ নলীৰ পথাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰা হৈছে। এই অভিযান সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজৌতি ডেকাৰ নেতৃত্বত চলোৱা হৈছিল। নলীৰ পথাৰৰ হাচেন আলী আৰু মামনী খাটুনক এই সন্দৰ্ভত আটক কৰা হৈছে।1
- মৰিগাঁও ডায়েটৰ উদ্যোগত চলোৱা ড্ৰাগছ আৰু ধঁপাত বিৰোধী সজাগতা অভিযানৰ সামৰণি মৰা হৈছে।1
- বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্য হাতীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে। হাতীৰ এই উপদ্ৰৱৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলো নিদ্ৰাহীনতাৰ চিকাৰ হৈছে।1
- সৰ্থেবাৰী আৰক্ষীৰ এজন বিষয়া ভাস্কৰ জ্যোতি ডেকাৰ গোপন সূত্ৰৰ ভিত্তিত নলী পথাৰৰ পৰা হাছেন আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।1