Shuru
Apke Nagar Ki App…
গোলাঘাট জিলাৰ কৌৱানীত গোধন হত্যা কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা দুস্কৃতিকাৰীয়ে নুমলী নাগবংশী নামৰ এগৰাকী মহিলাৰ ঘৰত পোহা এটা গাই কাটি লুকুৱাই থোৱাৰ পাছত পুৱা গৃহস্থই এই ঘটনাৰ বিষয়ে গম পায়। এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে চিমন জজোৱাৰ নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ চৌহদত গো-মাংসসহ আৱদ্ধ কৰি ৰাখিছে। ইতিমধ্যে বগীজান আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং তথ্য পোহৰলৈ আহিব।
D B
গোলাঘাট জিলাৰ কৌৱানীত গোধন হত্যা কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা দুস্কৃতিকাৰীয়ে নুমলী নাগবংশী নামৰ এগৰাকী মহিলাৰ ঘৰত পোহা এটা গাই কাটি লুকুৱাই থোৱাৰ পাছত পুৱা গৃহস্থই এই ঘটনাৰ বিষয়ে গম পায়। এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে চিমন জজোৱাৰ নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ চৌহদত গো-মাংসসহ আৱদ্ধ কৰি ৰাখিছে। ইতিমধ্যে বগীজান আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং তথ্য পোহৰলৈ আহিব।
More news from অসম and nearby areas
- গোলাঘাট জিলাৰ কৌৱানীত গোধন হত্যা কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা দুস্কৃতিকাৰীয়ে নুমলী নাগবংশী নামৰ এগৰাকী মহিলাৰ ঘৰত পোহা এটা গাই কাটি লুকুৱাই থোৱাৰ পাছত পুৱা গৃহস্থই এই ঘটনাৰ বিষয়ে গম পায়। এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে চিমন জজোৱাৰ নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ চৌহদত গো-মাংসসহ আৱদ্ধ কৰি ৰাখিছে। ইতিমধ্যে বগীজান আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং তথ্য পোহৰলৈ আহিব।4
- বিহুৰ বিচাৰকক সামাজিক মাধ্যমত অপমান কৰা সন্দৰ্ভত সত্ৰীয়া গুৰু অংকু মনি কপিলে অৱশেষত ক্ষমা বিচাৰিছে।1
- ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।1
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে চাৰি কোটি আঠষষ্টি লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে। এই বৃহৎ বাজেটৰ সৈতে অধিৱেশনৰ প্ৰস্তুতিসমূহ কেনেদৰে আগবাঢ়িছে, সেই বিষয়ে তথ্য জানিবলৈ বিচৰা হৈছে।1
- বিশাল মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত এটা অগ্নিকাণ্ড সংঘটিত হৈছে।1
- ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা সমাজ বিৰোধী কামৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। তেওঁ এনে কাৰ্যকলাপৰ বিৰোধিতা কৰি তৎপৰতাৰে কাম কৰি আছে।1
- শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।4
- লখিমপুৰ জিলাৰ নাদিকা কাহিপৰা আহোম গাঁৱৰ নামঘৰত পৰম্পৰাগত ‘আই সভা’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আহোম জনগোষ্ঠীৰ এক ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা, যি বসন্ত ৰোগৰ প্ৰকোপৰ পৰা গাঁওখনক নিৰাময় কৰি ৰাখিবলৈ বছৰত এবাৰ পালন কৰা হয়। এইবাৰো ৰীতি অনুসৰি, এঘাৰ দিন ব্যাপী ‘আই নাম’ৰ আয়োজন কৰা হৈছে, যাৰ বাবে চৰা পাতি লোৱা হৈছে। গাঁওবাসীয়ে ঢোল-তালৰ মধুৰ ধ্বনিৰ সৈতে আই নাম গাই নদীৰ পৰা পৱিত্ৰ জল তুলি আনে। এই পৱিত্ৰ জল চালত ঢালি আই মাতৃক সেৱা সম্পন্ন কৰাৰ পাছত, চৰাত ভোগ নিবেদন কৰি সেই ভোগ নদীৰ সোঁতত উটুৱাই আই দেৱীক পৰম্পৰাগতভাৱে বিদায় জনায়।1