Shuru
Apke Nagar Ki App…
চৰকাৰ গঠনৰ পিছতেই VPI দলে অসমত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁলোকে ভোটাৰসকলক 'ভোটাৰশ্বিপ' প্ৰদানৰ লগতে ভাৰতীয় ন্যায় ব্যৱস্থাৰো পৰিৱৰ্তনৰ দাবী জনায়। 'ভোটাৰশ্বিপ আমাক লাগিবই' আদি শ্লোগানেৰে অঞ্চলটো উত্তাল হৈ পৰে।
Manas Pratim
চৰকাৰ গঠনৰ পিছতেই VPI দলে অসমত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁলোকে ভোটাৰসকলক 'ভোটাৰশ্বিপ' প্ৰদানৰ লগতে ভাৰতীয় ন্যায় ব্যৱস্থাৰো পৰিৱৰ্তনৰ দাবী জনায়। 'ভোটাৰশ্বিপ আমাক লাগিবই' আদি শ্লোগানেৰে অঞ্চলটো উত্তাল হৈ পৰে।
More news from অসম and nearby areas
- অসম বিধানসভাৰ মজিয়াত ইউনিফৰ্ম চিভিল ক'ড (UCC) বিধেয়ক উত্থাপন হোৱাৰ পিছতে এবিএমছুৰ সভাপতি টাইচন হুছেইনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- আজি ৰঙিয়াত ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ কামৰূপ জিলা সমিতিয়ে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত কামৰূপ জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে। পেট্ৰল, ডিজেলৰ লগতে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙিয়াৰ হাইৱে চ'কত অনুষ্ঠিত এই প্ৰতিবাদ কালত প্ৰতিবাদকাৰীসকলে 'বিজেপি চৰকাৰ হায় হায়', 'মূল্যবৃদ্ধি ৰোধ কৰক' আৰু 'কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী মুৰ্দাবাদ' আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।1
- আজি অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজক গৰু কোৰবানি বৰ্জন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।1
- মন্ত্ৰী অতুল বৰাই আজি সদৰি কৰিছে যে বিধানসভাত ইউনিফৰ্ম চিভিল ক'ড (UCC) উত্থাপন কৰা হৈছে। এই কাৰ্যই পূৰ্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক ঘোষণাৰ প্ৰতিফলন ঘটাইছে। মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত স্পষ্টকৈ কৈছিল যে যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে UCC আনিব। মন্ত্ৰী অতুল বৰাই এই পদক্ষেপক ‘কথা মতেই কাম’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ কথাটোকে দোহাৰে।1
- নৱগঠিত ছমৰীয়া সমষ্টিৰ প্ৰথম বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত সমষ্টিটোৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বিধায়ক আহমেদৰ এই মন্তব্যসমূহক বিশেষভাবে উল্লেখনীয় বুলি কোৱা হৈছে।1
- কলগাছিয়াত স্থানীয় ৰাইজে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ৰাজপথত স্থানীয় ৰাইজে জালেৰে মাছ ধৰি তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰে। এই প্ৰতিবাদৰ মূল কাৰণ হ'ল যে এজাক বৰষুণ দিলেই কলগাছিয়া ষ্টেট বেংকৰ সন্মুখৰ ৰাজপথ সাগৰ সদৃশ হৈ পৰে, যাৰ ফলত সাধাৰণ ৰাইজৰ যাতায়াতত তীব্ৰ অসুবিধা হয়।1
- ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বৰপেটা জিলাত ১৫ মে'ৰ পৰা দেশজুৰি চলি থকা "জন ভাগিদাৰী অভিযান – সবচে দূৰ, সবচে পেহলে" কাৰ্যসূচীৰ আজি সামৰণি পৰে। বৰপেটা জিলাৰ শুহা গাঁৱৰ বড়ো জনজাতি বসতিপূৰ্ণ এলেকাত এই অভিযানৰ বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি অধ্যুষিত শুহা গাঁৱত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল। এই জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে বিভিন্ন বিভাগে বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰে। বিশেষকৈ স্বাস্থ্য শিবিৰ, আই টি ডি পি, মীন বিভাগ, সামাজিক বনায়ন, পশু চিকিৎসা বিভাগ আদিৰ জৰিয়তে বিভিন্ন সজাগতা আৰু সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। অঞ্চলটোৰ বড়ো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে এই সপ্তাহজোৰা কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন হয়। অভিযানৰ মূল উদ্দেশ্য আছিল পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ ঘৰে ঘৰে চৰকাৰী সুবিধা দুৱাৰদলিলৈ লৈ যোৱা, যাতে কোনো যোগ্য হিতাধিকাৰী চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়। এই অভিযানৰ জৰিয়তে আধাৰ আপডেটকৰণৰ লগতে জনসাধাৰণৰ অভিযোগ গ্ৰহণ আৰু নিষ্পত্তিও এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয়। বৰপেটা জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে বৰপেটা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱৰাই সদৰী কৰে যে এই অভিযানৰ জৰিয়তে মুঠ ২১০টা অভিযোগ সমাধান কৰা হৈছে আৰু ৫২৮টা অভিযোগ সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে। বৰপেটা জিলাৰ মৰিগাঁও, হতাপাৰা, শুভা, দক্ষিণ বুঢ়ীখাৰ, কমাৰগাঁও, বৰঘোপা, গহিয়া আদি ৭খন গাঁৱৰ প্ৰায় বিশ হাজাৰ লোকক এই অভিযানে সামৰি লয়। আজিৰ অন্তিম দিনত বিভিন্ন খেল-ধেমালিৰ কাৰ্যসূচীৰে এই সপ্তাহজোৰা অভিযানৰ সফল সামৰণি পৰে।1
- বিধায়ক মানৱ ডেকাই লিভ-ইন সম্পৰ্কক সমাজৰ এক ব্যাধি আখ্যা দিছে। তেওঁ স্পষ্টকৈ কয় যে অস্বীকৃত লিভ-ইন সম্পৰ্কৰ ফলত সমাজত 'ছুইচাইড মাৰ্ডাৰ'ৰ দৰে ঘটনা বৃদ্ধি পাইছে। তেওঁ লগতে অভিযোগ কৰে যে এনে সম্পৰ্কত ধৰ্ম লুকুৱাবলগীয়া হয়, আৰু ইয়াৰ লগত 'লভ জেহাদ'ৰ বিষয়টো জড়িত হৈ আছে।1