আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ ১০ নং বুথত সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰিত অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্ব দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বুথ সভাপতি পংকজ বৰুৱা, সাপেখাটী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত আৰু ৰেৱ চেতিয়া, লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডু। এই উপলক্ষে দলৰ বহু কাৰ্যকৰ্তা আৰু বহু সংখ্যক স্থানীয় ৰাইজ সাপেখাটীৰ ১০ নং বুথত উপস্থিত হৈছিল, য'ত তেওঁলোকে বিধায়কৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠান উপভোগ কৰে।
আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ ১০ নং বুথত সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰিত অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্ব দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বুথ সভাপতি পংকজ বৰুৱা, সাপেখাটী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত আৰু ৰেৱ চেতিয়া, লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডু। এই উপলক্ষে দলৰ বহু কাৰ্যকৰ্তা আৰু বহু সংখ্যক স্থানীয় ৰাইজ সাপেখাটীৰ ১০ নং বুথত উপস্থিত হৈছিল, য'ত তেওঁলোকে বিধায়কৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠান উপভোগ কৰে।
- লখিমপুৰ জিলাৰ নাদিকা কাহিপৰা আহোম গাঁৱৰ নামঘৰত পৰম্পৰাগত ‘আই সভা’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আহোম জনগোষ্ঠীৰ এক ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা, যি বসন্ত ৰোগৰ প্ৰকোপৰ পৰা গাঁওখনক নিৰাময় কৰি ৰাখিবলৈ বছৰত এবাৰ পালন কৰা হয়। এইবাৰো ৰীতি অনুসৰি, এঘাৰ দিন ব্যাপী ‘আই নাম’ৰ আয়োজন কৰা হৈছে, যাৰ বাবে চৰা পাতি লোৱা হৈছে। গাঁওবাসীয়ে ঢোল-তালৰ মধুৰ ধ্বনিৰ সৈতে আই নাম গাই নদীৰ পৰা পৱিত্ৰ জল তুলি আনে। এই পৱিত্ৰ জল চালত ঢালি আই মাতৃক সেৱা সম্পন্ন কৰাৰ পাছত, চৰাত ভোগ নিবেদন কৰি সেই ভোগ নদীৰ সোঁতত উটুৱাই আই দেৱীক পৰম্পৰাগতভাৱে বিদায় জনায়।1
- লখিমপুৰ জিলাৰ কাটৰি চাপৰি ধনপুৰ গাঁৱত পুনৰ নিৰ্মিত নামঘৰৰ শুভ উন্মোচন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।1
- মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।1
- শদিয়াৰ ডিক্ৰং গাঁৱকে ধৰি নৈ পৰীয়া অঞ্চলসমূহত বৰ্তমান হাতী-মানুহৰ সংঘাত এক দৈনিক ঘটনা হৈ পৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীসমূহে নিশাৰ ভাগত গাঁওসমূহত প্ৰৱেশ কৰে। বিশেষকৈ, শদিয়াৰ নৈ পৰীয়া কৃষকসকলে মাকৈৰ লগতে বিভিন্ন খাৰিফ শস্য উৎপাদন কৰা বতৰত এনে সংঘাত অধিক পৰিমাণে দেখা যায়।1
- গোলাঘাট জিলাৰ কৌৱানীত গোধন হত্যা কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা দুস্কৃতিকাৰীয়ে নুমলী নাগবংশী নামৰ এগৰাকী মহিলাৰ ঘৰত পোহা এটা গাই কাটি লুকুৱাই থোৱাৰ পাছত পুৱা গৃহস্থই এই ঘটনাৰ বিষয়ে গম পায়। এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে চিমন জজোৱাৰ নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ চৌহদত গো-মাংসসহ আৱদ্ধ কৰি ৰাখিছে। ইতিমধ্যে বগীজান আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং তথ্য পোহৰলৈ আহিব।4
- বিহুৰ বিচাৰকক সামাজিক মাধ্যমত অপমান কৰা সন্দৰ্ভত সত্ৰীয়া গুৰু অংকু মনি কপিলে অৱশেষত ক্ষমা বিচাৰিছে।1
- চৰাইদেউ জিলাৰ অন্তৰ্গত উল্লেখযোগ্য চৰকাৰী পঞ্জীয়নভূক্ত বৰমথুৰাপুৰ ৰেছম পামৰ বাবে আজি এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে। পামখনৰ প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে এই শক্তিশালী কমিটিখন গঠন কৰা হয়, য'ত কৃষ্ণ ৰাজকোৱঁৰক সভাপতি, বেণু গগৈক উপ-সভাপতি, আৰু বিপুল মহনক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰমথুৰাপুৰ ৰেছম পাম কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিব। সভাত উপস্থিত থকা স্থানীয় গাঁৱৰ ৰাইজে অনাগত দিনবোৰত এই ৰেছম পামখনক এক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৩৩ বিঘা মাটিকালিৰ এই ৰেছম পামখনৰ প্ৰায় ১১ বিঘা ভূমিত বৰ্তমানলৈকে চোম গছৰ পুলি ৰোপণ কৰা হোৱা নাই। নতুনকৈ গঠন হোৱা সমিতিখনে অৱশ্যে অতি কম সময়ৰ ভিতৰতে পামখনৰ বাকী থকা মুকলি ভূমিত চোম গছৰ পুলি ৰোপণ কৰি ইয়াক এক আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে।1
- বিশ্বনাথত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য আভ্যন্তৰীণ প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ হিচাপে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। লগতে, এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশ্বনাথ চাৰিআলিৰ ভিতৰত সুখ্যাতি অর্জন কৰা মুঠ ৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও, বিশ্বনাথ চাৰিআলিলৈ আন আন কাৰিকৰী দিশত সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলকো এই বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, জ্যেষ্ঠ নাগৰিক ৰাজেন দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। অসম সেনা বিশ্বনাথ আঞ্চলিক সভাপতি নিহাৰ শইকীয়াৰ লগতে আছু গোট বিষয়ববীয়াসকল, কেইবাগৰাকী গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।4
- নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।3