Shuru
Apke Nagar Ki App…
কলগাছিয়াৰ কৰাৰকুৰত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত হৈ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ মন্তব্য। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।
RECENT TIME
কলগাছিয়াৰ কৰাৰকুৰত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত হৈ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ মন্তব্য। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।
More news from অসম and nearby areas
- বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় এতিয়া আমি ৰাইজৰ দলত তিনিজন বিধায়ক হলো। উজনি অসমত মই হিন্দু খিলঞ্জীয়া সকলৰ মাজত হিন্দু লিডাৰ আৰু নামনি অসমত শ্বেৰমান আলী আহমেদ মুছলমান লিডাৰ। গতিকে ৰাইজৰ দলক বাদ দি কোনেও অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। ৰাইজৰ দলৰ চৰকাৰ হলেহে অসমত প্ৰকৃত উন্নয়ন হ'ব।1
- অবিভক্ত গোবালপাৰা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই অনুসূচিত জনজাতি (ST) মৰ্যাদা প্ৰদানৰ দাবীত আজি তামাৰহাটত এক বিশাল বাইক ৰেলি উলিয়ায়। তামাৰহাট আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই ৰেলি বালাজান অভাৰব্ৰিজলৈকে ৰাষ্ট্ৰীয় ঘাইপথ ১২৭বি পথেৰে অগ্ৰসৰ হয়।1
- ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।1
- Post by T News1
- Post by Md Romio Mehadi1
- 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।1
- ২২ নং মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা। আজিৰ এই যোগদান সভাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, বিধায়ক আব্দুৰ ৰশিদ মণ্ডল আৰু বিধায়ক শ্বেৰমান আলী আহমেদ।1
- মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।1
- ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰ কিছু মন্তব্য1