শিৱসাগৰত কৃষকৰ বিলৈঃ পৰ্য্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ বাবে সৰিয়হ উৎপাদনত কৃষকৰ বাধা সৃষ্টি ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷
শিৱসাগৰত কৃষকৰ বিলৈঃ পৰ্য্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ বাবে সৰিয়হ উৎপাদনত কৃষকৰ বাধা সৃষ্টি ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে
মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷
- সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। 4
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- Post by Assam Update1
- জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।1
- হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।1
- আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল1
- Happy rongali bihu ❤️🩹1
- গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।1