Shuru
Apke Nagar Ki App…
সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে
Assam Update
সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে
More news from অসম and nearby areas
- আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।2
- আজি গৰু বিহু। ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ নান্দনিক পৰিৱেশত গৰু বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে । চাটৰ লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।3
- আজি পহিলা ব'হাগ। ৰাজ্যৰ চৌদিশে ঢোল-পেঁপাৰ মাতত বিহুটিক উদযাপন কৰিছে অসমীয়াই। আজি ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিলে আটাছু চৰাইদেউ মহকুমা সমিতিয়ে।4
- barikha huwar pasot amar gaon rasta1
- Post by অঞ্জন শইকীয়া1
- আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷1
- টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- Post by N B ASSAM1