Shuru
Apke Nagar Ki App…
অৰুণাচলৰ নেপকো ৪৩ অঞ্চলত এক ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। বিধ্বংসী বানপানীয়ে ঠাইখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহনৰ লগতে আন সকলো বস্তু একেফালৰ পৰা উটুৱাই লৈ গৈছে।
Palash Gogoi Press
অৰুণাচলৰ নেপকো ৪৩ অঞ্চলত এক ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। বিধ্বংসী বানপানীয়ে ঠাইখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহনৰ লগতে আন সকলো বস্তু একেফালৰ পৰা উটুৱাই লৈ গৈছে।
More news from Assam and nearby areas
- গোলাঘাট জিলাৰ দৰিয়া চাহ বাগিচাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী জনোৱা হৈছিল। এই ধৰ্ণা কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থা, দৰিয়া উপশাখা আৰু দৰিয়া প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈছিল। লগতে, দৰিয়া বাগিচা সংঘ আৰু সমূহ দৰিয়াবাসী ৰাইজে এই শ্ৰমিকৰ হিতাধিকাৰী কাৰ্যসূচীত সহযোগ আগবঢ়ায়।1
- বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।4
- চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত প্ৰায় অৰ্ধ শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ঠিকা শ্ৰমিকসকলে নিজৰ প্ৰাপ্য বেতন, মজুৰি বৃদ্ধি আৰু সু-ব্যৱস্থা গ্ৰহণৰ লগতে বিভিন্ন দাবীৰে পুৱা ৯ বজাৰ পৰা তাপ বিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধক কাৰ্যালয়ৰ সন্মুখত বেনাৰ আৰু প্লেকাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী চলাইছে। উল্লেখ্য যে, আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱকাছ ইউনিয়নৰ লাকুৱা শাখা সমিতিয়ে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবী পূৰণৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। ২০২৪ চনৰ ১৬ চেপ্তেম্বৰত তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে অনিৰ্দিষ্ট কাললৈ আমৰণ অনশনৰ ঘোষণা কৰা হৈছিল। সেই সময়ত, লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধকৰ হস্তক্ষেপত বৰ্ডৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ পিছত আন্দোলন কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখা হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, সেই আলোচনাৰ পিছত এতিয়ালৈকে এক বছৰ ন-মাহ উকলি যোৱাৰ পিছতো বৰ্ডৰ উৰ্দ্ধতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ বাবেই শ্ৰমিকসকল ক্ষোভিত হৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কেন্দ্ৰটোত কাম-কাজ অচল হৈ পৰিছে। শ্ৰমিকসকলে সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছে যে যদি অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব।1
- মধ্যপ্ৰদেশৰ এগৰাকী যুৱ এথলীট, চ’ল চাইক্লিষ্ট আৰু পৰ্বতাৰোহনকাৰী আশা মালব্যই মহিলা সৱলীকৰণ, দেশপ্ৰেম আৰু সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে দেশৰ পশ্চিম প্ৰান্তৰৰ পৰা পূৱলৈ বাইচাইকেলেৰে এক যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাত তেওঁ ইতিমধ্যে ৮০২০ কিলোমিটাৰ চাইকেল চলাই ধেমাজিত উপস্থিত হৈছে। জয়পুৰৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথুলৈ মুঠ ৮৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আশা মালব্যই নিজৰ এই পদক্ষেপৰে সমগ্ৰ দেশতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২ নং এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। আজি দিনৰ প্ৰায় ১০:৩০ বজাত প্ৰায় ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰাম্যাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহুকেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ফালৰ পৰা তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনোৱা হয়। একেদৰে, চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।1
- গ্ৰাহকসকলৰ বাবে এক বিশেষ বাম্পাৰ অফাৰৰ কথা জনোৱা হৈছে। এই অফাৰৰ অধীনত, অনলাইন শ্বপিংত উপলব্ধ সামগ্ৰীৰ দামতকৈও কম মূল্যত বস্তুসমূহ লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।1
- বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।4
- ধেমাজিৰ নিমাতিচুকৰ ৰেণু চুতীয়াক জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অৰুণোদয় আঁচনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ লোকৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰিছিল। এই সংগ্ৰহ কৰা নথি-পত্ৰসমূহৰ জৰিয়তে ৰেণু চুতীয়াই জালিয়াতিৰে SHG (Self-Help Group) গোটৰ নামত ছয় লাখ টকা ঋণ লৈছিল। ভুক্তভোগীসকলে ধেমাজি সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰেণু চুতীয়াক গ্ৰেপ্তাৰ কৰে।1
- অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই আমগুৰিৰ হালোৱাটিং অঞ্চলৰ বিভিন্ন স্থানত অবৈধ ড্ৰাগছৰ অবাধ প্ৰচলন, সুৰাৰ ৰমৰমীয়া বেহা আৰু অবৈধ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সংগঠন দুটাৰ মতে, ড্ৰাগছৰ কবলত পৰি উঠি অহা যুৱ প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে। ইয়াৰ উপৰি, অঞ্চলটোত দিনে-নিশাই অবৈধ সুৰাৰ বেহা আৰু গৰুৰ চোৰাং সৰবৰাহ চলি আছে। হালোৱাটিং অঞ্চলত এনে ঘটনা দৈনিক বৃদ্ধি পোৱাত প্ৰতিবাদকাৰীসকলে চৰকাৰ আৰু স্থানীয় প্ৰশাসনক এই অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হালোৱাটিং নগৰত অংশগ্ৰহণ কৰি এক উত্তাল পৰিৱেশ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ ড্ৰাগছ ব্যৱসায়ী আৰু চৰকাৰক কৰ ফাঁকি দি চোৰাং বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে গগণ ফালি তোলে। তেওঁলোকে হুংকাৰ দিছে যে যদি অতি সোনকালে হালোৱাটিং অঞ্চলত ড্ৰাগছ, অবৈধ সুৰা আৰু গৰুৰ চোৰাং চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰা নহয়, তেন্তে অনাগত দিনত ইয়াতকৈও তীব্ৰ গণ-আন্দোলন গঢ়ি তোলা হ'ব।1