ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা দিন হাজিৰা কৰা শ্ৰমিকৰ কন্যা জয়মতী দাসক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্দ্ধনা। দিন হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙালে জয়মতী দাসে। ৰূপহীহাটৰ গঢ়াজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস।দিন হাজিৰা কৰা শ্ৰমিকৰ গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সোণ হৈ জিলিকি উঠিছে।ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ’ব নোৱাৰে। তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে।ৰূপহীহাটৰ ব্যাক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান এমবিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাবী ছাত্রী গৰাকীয়ে তৰ্ক বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰী গৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে আজি গঢ়াজানত ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃকো সম্বৰ্দ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে ছাত্রী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

- নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালী আৰক্ষী চকীত1
- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ফালৰপৰা সম্বৰ্ধনা।1
- চাপৰৰ শ্ৰী গ্ৰাম অঞ্চলত অবৈধ বাবে লাল মাটি কৰিওৱা ডাম্পাৰৰ দৌৰাত্ম্য। দিনে নিশাই চলি আছে অবৈধ বাবে লাল মাটিৰ খনন কাৰ্য্য। শালকোচা বন বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত এনে দৰে চলাই আছে লাল মাটিৰ খনন কাৰ্য্য। জানিব পৰা মতে ধুবুৰীৰ ডিয়েপু আৰু শালকোচা বন বিষয়া গৰাকীৰ লগতে মাটি মাফিয়া ইষ্টিপিনৰ লগত বৃহৎ অংকৰ টকাৰ লেনদেন হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিনৰ পৰাই উক্ত গাঁৱৰ জিয়াউৰ ৰহমান অৰফে ইষ্টিপিন নামৰ ব্যাক্তি জনৰ নেতৃত্বত চলি আছে অবৈধ বাবে লাল মাটিৰ ৰমৰমীয়া বেহা। মাটি মাফিয়া ইষ্টিপিনে কাক কাক মেনেজ কৰি চলাই আছে লাল মাটিৰ খনন কাৰ্য্য। শুনক স্থানীয় ৰাইজৰ মুখৰ পৰা।1
- ৰূপহীহাটৰ কাছখাইতিস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলক আজি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন স্থাপন হোৱাৰ কালৰে পৰাই ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে। বিদ্যালয়খনত গুণগত মানদণ্ডৰ শিক্ষকৰ দ্বাৰা শিক্ষা দান দিয়া এটা প্ৰতিষ্ঠান।কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কলা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯০ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে জেৰিনা ওৱহিদে।ৰূপহীহাটৰ উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩ গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ৯ গৰাকীয়ে উত্তীৰ্ণ হয়।বিদ্যালয়খনৰ এশ শতাংশ ফলাফলত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।ভাল ফলাফল অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ শিক্ষা গুৰুসকলৰ প্ৰসংশাত পঞ্চমুখ। উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈ,কাছখাইতি ক্লাষ্টাৰ চি আৰ চি চি মুছফিকুৰ ৰহমানক প্ৰমূখ্য কৰি অভিভাৱক আৰু এই অঞ্চলৰ বিশিষ্ট গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে। লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভাল ফলাফল অৰ্জন কৰা শিক্ষাৰ্থীক উজ্জ্বল ভৱিষ্যত কামনা কৰে।1
- উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত আটাই কেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯২ শতাংশ উত্তীৰ্ণৰে লাওঁখোৱালৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ হাৰা মিনাক্ষী চ্যাটাৰ্জীয়ে। ৫ বছৰ বয়সত পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়ে কেতিয়াবা ইটা ভাটা কেতিয়াবা লোকৰ ঘৰত দিন হাজিৰা কৰিছিল। বৰ্তমান লাওঁখোৱা হাইস্কুলৰ সন্মুখত সৰু এটি দোকানৰ পৰা ঘৰখনৰ একমাত্ৰ কন্যা সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। ঘৰখনৰ একমাত্ৰ কন্যা সন্তান সন্তান মিনাক্ষী চ্যাটাৰ্জী। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাই কেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ উত্তীৰ্ণৰে ফলাফলেৰে উজলি উঠিছে। সমগ্ৰ লাওঁখোৱা অঞ্চললৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে লাওঁখোৱা বাসী।1
- মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান1
- Post by Mahesh kumar das1