মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান* আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থা, অসমৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন সভা সফলতাৰে অনুষ্ঠিত হয়। অনুষ্ঠানটো পতাকা উত্তোলনৰ জৰিয়তে আৰম্ভ কৰা হয় আৰু তাৰ পাছতেই অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, সুৰসম্ৰাট ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু সাহিত্যিক আইদেউ সন্দিকৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন কৰা হয়।* *উপস্থিত সকলো অতিথিক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়* *গৌৰৱময় অনুষ্ঠানটোৰ আৰম্ভণিতেই দশাৱতাৰ নৃত্যই উপস্থিত অতিথি আৰু ৰাইজৰ মন মোহিত কৰে। সভাখনৰ সভাপতিত্ব কৰে সংস্থাৰ সভাপতি ৰীণা ৰাণী শইকীয়াই। অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক অনিতা পাঠকই।* *সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীই। “বিবিধা” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ হৰমোহন কলিতাই।* *অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ অপূৰ্ব ঠাকুৰীয়া, আনহাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা আৰু প্ৰাক্তন সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মাই।* *অনুষ্ঠানটো সাহিত্য-সংস্কৃতিৰ এক সজীৱ পৰিবেশ দেখিবলৈ পোৱা যায়। লেখিকা সংস্থা সদস্যা সকলৰ উপস্থিতিত অনুষ্ঠানটো সফল ৰূপায়ণত সহায় হোৱা পৰিলক্ষিত হয়।*

- নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালী আৰক্ষী চকীত1
- দিন হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙালে জয়মতী দাসে। ৰূপহীহাটৰ গঢ়াজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস।দিন হাজিৰা কৰা শ্ৰমিকৰ গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সোণ হৈ জিলিকি উঠিছে।ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ’ব নোৱাৰে। তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে।ৰূপহীহাটৰ ব্যাক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান এমবিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাবী ছাত্রী গৰাকীয়ে তৰ্ক বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰী গৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে আজি গঢ়াজানত ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃকো সম্বৰ্দ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে ছাত্রী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।1
- উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত আটাই কেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯২ শতাংশ উত্তীৰ্ণৰে লাওঁখোৱালৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ হাৰা মিনাক্ষী চ্যাটাৰ্জীয়ে। ৫ বছৰ বয়সত পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়ে কেতিয়াবা ইটা ভাটা কেতিয়াবা লোকৰ ঘৰত দিন হাজিৰা কৰিছিল। বৰ্তমান লাওঁখোৱা হাইস্কুলৰ সন্মুখত সৰু এটি দোকানৰ পৰা ঘৰখনৰ একমাত্ৰ কন্যা সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। ঘৰখনৰ একমাত্ৰ কন্যা সন্তান সন্তান মিনাক্ষী চ্যাটাৰ্জী। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাই কেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ উত্তীৰ্ণৰে ফলাফলেৰে উজলি উঠিছে। সমগ্ৰ লাওঁখোৱা অঞ্চললৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে লাওঁখোৱা বাসী।1
- ইব্রাহিম আলী9
- উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা নাগমা চুলতানাক সম্বৰ্ধনা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ1
- ♦️নব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ প্ৰথম পৰীক্ষামূলক কাম সম্পূৰ্ণ । ♦️ইন্ধন ষ্টেচনটো প্ৰায় সাজু হৈছে, আৰু সুৰক্ষা পৰিদৰ্শন চলি আছে। ♦️চেন্নাইত নিৰ্মিত এই ৰেলখনত মুঠ ১০টা ডবা থাকিব, ইয়াৰে ৮খন যাত্ৰীৰ বাবে হ’ব।1
- Post by Mahesh kumar das1
- ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷1
- #WestBengalElections #May4Results #RamdasAthawale #NDA #BJP #Election2026 #BreakingNews #Politics #IndiaNews #TrendingNow #ViralVideo #ElectionResult #SonarBangla #WBPolitics1