বনৰীয়া কাঠফুলা নাখাবলৈ চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ আহ্বান চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলা বাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়। এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই। গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি।এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়। যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱা ৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়। উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
বনৰীয়া কাঠফুলা নাখাবলৈ চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ আহ্বান চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলা বাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়। এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ
উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই। গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি।এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়। যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱা ৰ দৰে
লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়। উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
- সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।1
- হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।1
- আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।4
- তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ । নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ । তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।1
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।1