Shuru
Apke Nagar Ki App…
হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী, চুমনি, শিলিখাগুৰিত বিজেপিৰ নিৰ্বাচনী সভা । হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
Charaideo news
হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী, চুমনি, শিলিখাগুৰিত বিজেপিৰ নিৰ্বাচনী সভা । হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
More news from অসম and nearby areas
- হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।1
- সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।1
- শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।2
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।1
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।3
- ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।1