বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক দিৱস উলহমালহেৰে উদযাপন আজি তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ অংশবিশেষ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় দিৱসটো ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন গীত-মাত, নৃত্য, বাদ্য পৰিবেশনৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰা হয়। বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সম্পাদক পূৰ্ণ কাকতিয়ে সংগীত মহাবিদ্যালয়খনৰ ৫০ বছৰীয়া চমু ইতিবৃত্ত দাঙি ধৰি নৱ প্ৰজন্মৰ প্ৰেৰণা আৰু দক্ষতা বিকাশৰ অৰ্থে আয়োজিত অনুষ্ঠানটিলৈ সকলোকে আদৰণি জনায়। অনুষ্ঠান আৰম্ভ হয় ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমাজৰ নিৰ্দিষ্ট কোৰাচেৰে। তাৰ পাছত অতি সম্প্ৰতি হৈ যোৱা প্ৰলয়ংকৰী বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। সংগীত শিক্ষক পিনাকী বালা আৰু লক্ষীন্দ্ৰ ৰাজখোৱাৰ পৰিচালনাত গীত পৰিৱেশন কৰে শিক্ষাৰ্থীসকলে৷ সভাৰ অন্যতম বিশেষত্ব হ'ল, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইতিবাচক প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধিৰ হকে, এই সংগীত মহাবিদ্যালয়ৰ পৰা ভাতখাণ্ডে পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা শ্ৰেণীৰ মাজত ৬০ শতাংশৰ ওপৰত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীক অনুষ্ঠানৰ কাৰ্যনিৰ্বাহক সদস্য দুন্দুভি প্ৰসাদ ভট্টাচাৰ্যই তেখেতৰ স্নেহময়ী জননী অনুপমা ভট্টাচাৰ্যৰ সোঁৱৰণত ধাৰাবাহিক ভাৱে প্ৰদান কৰিব বুলি ঘোষণা কৰা এক হাজাৰ টকাৰ এটি বঁটা। আজি প্ৰথমবাৰ এই বঁটা লাভ কৰিছে তবলাত ৬৫ শতাংশ নম্বৰ লৈ বিশাৰদ হোৱা কংকণা হাজৰিকাই। বিষ্ণুজ্যোতি সঙ্গীত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জোনাবৰ গোহাঁয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিষ্ণুজ্য়োতি সাংস্কৃতিক সমাজৰ তৰফৰ পৰা দাতা আৰু প্ৰাপক দুয়োকে ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু শুভেচ্ছা জনোৱাৰ লগতে শিক্ষাৰ্থী গৰাকীক গ্ৰন্থ প্ৰদান কৰা হয৷
বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক দিৱস উলহমালহেৰে উদযাপন আজি তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ অংশবিশেষ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় দিৱসটো ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন গীত-মাত, নৃত্য, বাদ্য পৰিবেশনৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰা হয়। বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সম্পাদক পূৰ্ণ কাকতিয়ে সংগীত মহাবিদ্যালয়খনৰ ৫০ বছৰীয়া চমু ইতিবৃত্ত দাঙি ধৰি নৱ প্ৰজন্মৰ প্ৰেৰণা আৰু দক্ষতা বিকাশৰ অৰ্থে আয়োজিত অনুষ্ঠানটিলৈ সকলোকে আদৰণি জনায়। অনুষ্ঠান আৰম্ভ হয় ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমাজৰ নিৰ্দিষ্ট কোৰাচেৰে। তাৰ পাছত অতি সম্প্ৰতি হৈ যোৱা প্ৰলয়ংকৰী বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। সংগীত শিক্ষক পিনাকী বালা আৰু লক্ষীন্দ্ৰ ৰাজখোৱাৰ পৰিচালনাত গীত পৰিৱেশন কৰে শিক্ষাৰ্থীসকলে৷ সভাৰ অন্যতম বিশেষত্ব হ'ল,
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইতিবাচক প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধিৰ হকে, এই সংগীত মহাবিদ্যালয়ৰ পৰা ভাতখাণ্ডে পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা শ্ৰেণীৰ মাজত ৬০ শতাংশৰ ওপৰত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীক অনুষ্ঠানৰ কাৰ্যনিৰ্বাহক সদস্য দুন্দুভি প্ৰসাদ ভট্টাচাৰ্যই তেখেতৰ স্নেহময়ী জননী অনুপমা ভট্টাচাৰ্যৰ সোঁৱৰণত ধাৰাবাহিক ভাৱে প্ৰদান কৰিব বুলি ঘোষণা কৰা এক হাজাৰ টকাৰ এটি বঁটা। আজি প্ৰথমবাৰ এই বঁটা লাভ কৰিছে তবলাত ৬৫ শতাংশ নম্বৰ লৈ বিশাৰদ হোৱা কংকণা হাজৰিকাই। বিষ্ণুজ্যোতি সঙ্গীত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জোনাবৰ গোহাঁয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিষ্ণুজ্য়োতি সাংস্কৃতিক সমাজৰ তৰফৰ পৰা দাতা আৰু প্ৰাপক দুয়োকে ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু শুভেচ্ছা জনোৱাৰ লগতে শিক্ষাৰ্থী গৰাকীক গ্ৰন্থ প্ৰদান কৰা হয৷
- নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷1
- অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন1
- মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁচা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁচাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।1
- চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে1
- লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।1
- যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা। তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত। #AssamNews #viralreelschallenge #assam যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা। তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত। #AssamNews #viralreelschallenge #assam1