Shuru
Apke Nagar Ki App…
আজি তিনিচুকীয়া শাখাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত এটা বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত তিনিচুকীয়া জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চেৰিটেবল আই হস্পিতালৰ সহযোগ আগবঢ়োৱা হৈছিল। এই স্বাস্থ্য সেৱা শিবিৰত প্ৰায় ২০৩ গৰাকী ৰোগীয়ে অংশগ্ৰহণ কৰি সুবিধা গ্ৰহণ কৰে। শিবিৰটিত চকুৰ সাধাৰণ পৰীক্ষা, চকুৰ ছানি পৰা পৰীক্ষা, তেজৰ পৰীক্ষা, টি বি পৰীক্ষা আৰু এক্স-ৰে আদিৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাৰ অন্তত, মুঠ ৬০ গৰাকী ৰোগীৰ চকুত ছানি পৰা ৰোগ ধৰা পৰে। এই ৬০ গৰাকী ৰোগীক ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চকু চিকিৎসালয়ত কাইলৈ বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ'ব। মাৰোৱাৰী যুৱ মঞ্চ, তিনিচুকীয়া শাখাৰ এই বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হয়।
Tinsukia TIME
আজি তিনিচুকীয়া শাখাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত এটা বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত তিনিচুকীয়া জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চেৰিটেবল আই হস্পিতালৰ সহযোগ আগবঢ়োৱা হৈছিল। এই স্বাস্থ্য সেৱা শিবিৰত প্ৰায় ২০৩ গৰাকী ৰোগীয়ে অংশগ্ৰহণ কৰি সুবিধা গ্ৰহণ কৰে। শিবিৰটিত চকুৰ সাধাৰণ পৰীক্ষা, চকুৰ ছানি পৰা পৰীক্ষা, তেজৰ পৰীক্ষা, টি বি পৰীক্ষা আৰু এক্স-ৰে আদিৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাৰ অন্তত, মুঠ ৬০ গৰাকী ৰোগীৰ চকুত ছানি পৰা ৰোগ ধৰা পৰে। এই ৬০ গৰাকী ৰোগীক ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চকু চিকিৎসালয়ত কাইলৈ বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ'ব। মাৰোৱাৰী যুৱ মঞ্চ, তিনিচুকীয়া শাখাৰ এই বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হয়।
More news from অসম and nearby areas
- আজি তিনিচুকীয়া শাখাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত এটা বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত তিনিচুকীয়া জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চেৰিটেবল আই হস্পিতালৰ সহযোগ আগবঢ়োৱা হৈছিল। এই স্বাস্থ্য সেৱা শিবিৰত প্ৰায় ২০৩ গৰাকী ৰোগীয়ে অংশগ্ৰহণ কৰি সুবিধা গ্ৰহণ কৰে। শিবিৰটিত চকুৰ সাধাৰণ পৰীক্ষা, চকুৰ ছানি পৰা পৰীক্ষা, তেজৰ পৰীক্ষা, টি বি পৰীক্ষা আৰু এক্স-ৰে আদিৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাৰ অন্তত, মুঠ ৬০ গৰাকী ৰোগীৰ চকুত ছানি পৰা ৰোগ ধৰা পৰে। এই ৬০ গৰাকী ৰোগীক ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চকু চিকিৎসালয়ত কাইলৈ বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ'ব। মাৰোৱাৰী যুৱ মঞ্চ, তিনিচুকীয়া শাখাৰ এই বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হয়।1
- তিনিচুকীয়া জিলাৰ বজালতলী গাঁৱত নিশা এক অঘটন সংঘটিত হৈছে, য'ত WB 73 NG525 নম্বৰৰ এখন সামগ্ৰী ভৰ্তি ১২ চকীয়া ট্ৰাকে গাঁৱলৈ অহা চলিত বিদ্যুৎ পৰিবাহী তাঁৰ মহতিয়াই নিয়ে। এই ঘটনাৰ ফলত অঞ্চলটোত বিদ্যুতৰ যোগাযোগ ব্যাহত হৈ পৰাৰ লগতে গাঁওখনৰ লোকসকলৰ ঘৰৰ বৈদ্যুতিক সামগ্ৰীসমূহ বিকল হৈ পৰে। গাঁওবাসীয়ে অভিযোগ কৰিছে যে গাঁওখনৰ সৰু পথত প্ৰকাণ্ড ট্ৰাকখন অহাৰ বাবেই এই অঘটন সংঘটিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে বাহনখন আৱদ্ধ কৰি ৰাখিছে।4
- মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।1
- শদিয়াৰ ডিক্ৰং গাঁৱকে ধৰি নৈ পৰীয়া অঞ্চলসমূহত বৰ্তমান হাতী-মানুহৰ সংঘাত এক দৈনিক ঘটনা হৈ পৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীসমূহে নিশাৰ ভাগত গাঁওসমূহত প্ৰৱেশ কৰে। বিশেষকৈ, শদিয়াৰ নৈ পৰীয়া কৃষকসকলে মাকৈৰ লগতে বিভিন্ন খাৰিফ শস্য উৎপাদন কৰা বতৰত এনে সংঘাত অধিক পৰিমাণে দেখা যায়।1
- আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ ১০ নং বুথত সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰিত অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্ব দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বুথ সভাপতি পংকজ বৰুৱা, সাপেখাটী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত আৰু ৰেৱ চেতিয়া, লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডু। এই উপলক্ষে দলৰ বহু কাৰ্যকৰ্তা আৰু বহু সংখ্যক স্থানীয় ৰাইজ সাপেখাটীৰ ১০ নং বুথত উপস্থিত হৈছিল, য'ত তেওঁলোকে বিধায়কৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠান উপভোগ কৰে।1
- কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুলে হাঁহি সিঁচি চৌপাশ সজীৱ কৰি তুলিছে, যাৰ ফলত নগৰ আৰু গাঁওৰ পৰিৱেশ ৰঙা আভাৰে উজ্জ্বল হৈ উঠিছে। এই ৰঙীন কৃষ্ণচূড়া ফুলে বাটৰুৱাক হাত বাউলি মাতিছে, যিয়ে এক আনন্দময় আৰু সতেজ আৱেগ কঢ়িয়াই আনিছে।1
- দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্বটো আজি সাপেখাতী অঞ্চলৰ ১০ নং বুথত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমূহ ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ ব্যাপক সঁহাৰি দেখা যায়। অনুষ্ঠানটোত বুথ সভাপতি পংকজ বৰুৱা, সাপেখাতী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত, ৰেৱ চেতিয়া আৰু চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডুসহ বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ উপৰিও, দলৰ কাৰ্যকৰ্তাসকল আৰু বহু সংখ্যক স্থানীয় ৰাইজেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ অনুপ্ৰেৰণাদায়ক বক্তব্য শ্ৰৱণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশ গঢ়াৰ যাত্ৰাত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সামাজিক দায়বদ্ধতা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ অন্তত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উপস্থিত সকলো শুভাকাংক্ষী, দলীয় কাৰ্যকৰ্তা আৰু ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।1
- চৰাইদেউ জিলাৰ লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয়। এই অনুষ্ঠানত স্থানীয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত আছিল।1