Shuru
Apke Nagar Ki App…
ৰূপহী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা ভৱানী চেতিয়াক 'গুৰু চৰিত বঁটা'ৰে সন্মানিত কৰা হৈছে। এই গুৰুত্বপূৰ্ণ বঁটা শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা প্ৰদান কৰা হৈছে।
Dip Pratim borah
ৰূপহী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা ভৱানী চেতিয়াক 'গুৰু চৰিত বঁটা'ৰে সন্মানিত কৰা হৈছে। এই গুৰুত্বপূৰ্ণ বঁটা শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা প্ৰদান কৰা হৈছে।
More news from অসম and nearby areas
- ৰূপহী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা ভৱানী চেতিয়াক 'গুৰু চৰিত বঁটা'ৰে সন্মানিত কৰা হৈছে। এই গুৰুত্বপূৰ্ণ বঁটা শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা প্ৰদান কৰা হৈছে।1
- মধ্যপ্ৰদেশৰ এগৰাকী যুৱ এথলীট, চ’ল চাইক্লিষ্ট আৰু পৰ্বতাৰোহনকাৰী আশা মালব্যই মহিলা সৱলীকৰণ, দেশপ্ৰেম আৰু সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে দেশৰ পশ্চিম প্ৰান্তৰৰ পৰা পূৱলৈ বাইচাইকেলেৰে এক যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাত তেওঁ ইতিমধ্যে ৮০২০ কিলোমিটাৰ চাইকেল চলাই ধেমাজিত উপস্থিত হৈছে। জয়পুৰৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথুলৈ মুঠ ৮৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আশা মালব্যই নিজৰ এই পদক্ষেপৰে সমগ্ৰ দেশতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।1
- নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।1
- বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।3
- চাকৰিৰ সোণালী সপোন দেখুৱাই বোকাখাতৰ ১৯ জন নিবনুৱা যুৱকক এক নাৰকীয় প্ৰৱঞ্চনাৰ জালত পেলাইছে কমাৰগাঁৱৰ কল্যাণ ভূষণ সোনোৱাল নামৰ এজন ব্যক্তিয়ে। তেওঁ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল) ত চিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ প্ৰলোভন দিছিল। অভিযোগ অনুসৰি, কল্যাণ ভূষণ সোনোৱালে প্ৰতিজন যুৱকৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰিছিল। যুৱকসকলক বিশ্বাসত লৈ প্ৰৱঞ্চকজনে তেওঁলোকক ডিব্ৰুগড়লৈ লৈ আহে আৰু এখন বিলাসী হোটেলত থকাৰ ব্যৱস্থা কৰে। প্ৰায় ৭ দিন ধৰি যুৱকসকলক হোটেলত আৱদ্ধ কৰি ৰখাৰ পিছত, অভিযুক্তজনে কাকো নজনোৱাকৈ হোটেলৰ পৰা পলায়ন কৰে। ইয়াৰ ফলত এক ভয়াৱহ সত্য পোহৰলৈ আহে যে প্ৰৱঞ্চকজনে হোটেল কৰ্তৃপক্ষৰ প্ৰায় ৪০ হাজাৰ টকাৰ বিল পৰিশোধ নকৰাকৈ পলাই যায়। ফলস্বৰূপে, হোটেল কৰ্তৃপক্ষই বৰ্তমান এই ১৯ জন যুৱকক বিলৰ ধন পৰিশোধ নকৰালৈকে হোটেলৰ পৰা ওলাই যাবলৈ বাধা দিছে, যাৰ ফলত যুৱকসকল একপ্ৰকাৰ পণবন্দী হৈ হোটেলতে দিন অতিবাহিত কৰিবলগীয়া হৈছে। দুবেলা দুসাজ খোৱাৰ অভাৱত আৰু ঘৰৰ পৰা দূৰত এনেদৰে আবদ্ধ হৈ থকাৰ বাবে ভুক্তভোগী যুৱকসকলৰ পৰিয়ালৰ মাজতো হাহাকাৰৰ সৃষ্টি হৈছে। পৰিয়ালসমূহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে তেওঁলোকে কষ্টৰে ধাৰ-ঋণ কৰি এই ধন প্ৰৱঞ্চকজনক দিছিল। এতিয়া চাকৰিও নাই, ধনও নাই, যাৰ ফলত যুৱকসকল মানসিকভাৱে ভাঙি পৰিছে। এই সমগ্ৰ ঘটনাৰ বিষয়ে যুৱকসকলে বোকাখাত আৰক্ষীক অৱগত কৰে আৰু প্ৰৱঞ্চক কল্যাণ ভূষণ সোনোৱালৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে প্ৰৱঞ্চকজন পলাতক অৱস্থাত আছে। এতিয়া প্ৰশাসন আৰু আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষ্যণীয়।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত দেহাৱসান ঘটে। প্ৰায় ৯৮ বছৰ বয়সত আজি দিনৰ প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰা কালিনাথ কোঁৱৰে গ্ৰামাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা এই বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, বিদেশী খেদা আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২ নং এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। আজি দিনৰ প্ৰায় ১০:৩০ বজাত প্ৰায় ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰাম্যাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহুকেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ফালৰ পৰা তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনোৱা হয়। একেদৰে, চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।1
- ধেমাজিৰ নিমাতিচুকৰ ৰেণু চুতীয়াক জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অৰুণোদয় আঁচনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ লোকৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰিছিল। এই সংগ্ৰহ কৰা নথি-পত্ৰসমূহৰ জৰিয়তে ৰেণু চুতীয়াই জালিয়াতিৰে SHG (Self-Help Group) গোটৰ নামত ছয় লাখ টকা ঋণ লৈছিল। ভুক্তভোগীসকলে ধেমাজি সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰেণু চুতীয়াক গ্ৰেপ্তাৰ কৰে।1