Shuru
Apke Nagar Ki App…
বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
নৱজ্যোতি শৰ্মা
বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
More news from অসম and nearby areas
- নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।1
- বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।3
- ৰূপহী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা ভৱানী চেতিয়াক 'গুৰু চৰিত বঁটা'ৰে সন্মানিত কৰা হৈছে। এই গুৰুত্বপূৰ্ণ বঁটা শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা প্ৰদান কৰা হৈছে।1
- নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল। সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।2
- অসমৰ উদীয়মান সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকাই ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৫৪.৫২ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ পদক জয় কৰি তৃতীয় স্থান দখল কৰিছে। তেওঁৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত। এই বিশেষ কৃতিত্বৰ বাবে গোলাঘাট সাঁতোৰ সন্থাই জনঞ্জয় জ্যোতি হাজৰিকাক সৌজন্যমূলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।1
- বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে। এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল। যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত দেহাৱসান ঘটে। প্ৰায় ৯৮ বছৰ বয়সত আজি দিনৰ প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰা কালিনাথ কোঁৱৰে গ্ৰামাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা এই বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, বিদেশী খেদা আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়।1
- অৰুণাচলৰ নেপকো ৪৩ অঞ্চলত এক ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। বিধ্বংসী বানপানীয়ে ঠাইখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহনৰ লগতে আন সকলো বস্তু একেফালৰ পৰা উটুৱাই লৈ গৈছে।1