logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল। সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

2 hrs ago
user_D B
D B
Local News Reporter মৰঙী, গোলাঘাট, অসম•
2 hrs ago

নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল। সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

More news from অসম and nearby areas
  • বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে। এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল। যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।
    1
    বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে।

এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল।

যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    50 min ago
  • অসমৰ কাৰ্বি আংলঙত ডিল্লাইৰ পৰা কৈলাজানলৈ যোৱা পথটোৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত তথ্য লাভ কৰা হৈছে।
    1
    অসমৰ কাৰ্বি আংলঙত ডিল্লাইৰ পৰা কৈলাজানলৈ যোৱা পথটোৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত তথ্য লাভ কৰা হৈছে।
    user_Abinash chetry
    Abinash chetry
    ডিফু, কাৰ্বি আংলং, অসম•
    3 hrs ago
  • চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত দেহাৱসান ঘটে। প্ৰায় ৯৮ বছৰ বয়সত আজি দিনৰ প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰা কালিনাথ কোঁৱৰে গ্ৰামাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা এই বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, বিদেশী খেদা আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁৰ পুণ্যাত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়।
    1
    চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত দেহাৱসান ঘটে। প্ৰায় ৯৮ বছৰ বয়সত আজি দিনৰ প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰা কালিনাথ কোঁৱৰে গ্ৰামাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা এই বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, বিদেশী খেদা আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল।

বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁৰ পুণ্যাত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    1 hr ago
  • বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    4
    বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল।

নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব।

এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    5 hrs ago
  • অৰুণাচল প্ৰদেশত NEEPCOৰ প্ৰকল্পস্থলীৰ সমীপত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে।
    1
    অৰুণাচল প্ৰদেশত NEEPCOৰ প্ৰকল্পস্থলীৰ সমীপত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    18 min ago
  • নাজিৰাৰ চণ্টক চেংধৰা কোঁৱৰ গাঁৱত এক অগ্নিকাণ্ড সংঘটিত হৈছে। ভাৰত গেছ এজেন্সিৰ পৰা লোৱা ৰন্ধন গেছ চিলিণ্ডাৰ নিৰ্গমন হোৱাৰ ফলত এই অগ্নিকাণ্ডটো সংঘটিত হয়।
    1
    নাজিৰাৰ চণ্টক চেংধৰা কোঁৱৰ গাঁৱত এক অগ্নিকাণ্ড সংঘটিত হৈছে। ভাৰত গেছ এজেন্সিৰ পৰা লোৱা ৰন্ধন গেছ চিলিণ্ডাৰ নিৰ্গমন হোৱাৰ ফলত এই অগ্নিকাণ্ডটো সংঘটিত হয়।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    1 hr ago
  • বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।
    4
    বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    5 hrs ago
  • অৰুণাচলৰ নেপকো ৪৩ অঞ্চলত এক ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। বিধ্বংসী বানপানীয়ে ঠাইখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহনৰ লগতে আন সকলো বস্তু একেফালৰ পৰা উটুৱাই লৈ গৈছে।
    1
    অৰুণাচলৰ নেপকো ৪৩ অঞ্চলত এক ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। বিধ্বংসী বানপানীয়ে ঠাইখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহনৰ লগতে আন সকলো বস্তু একেফালৰ পৰা উটুৱাই লৈ গৈছে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.