Shuru
Apke Nagar Ki App…
ডিগবৈৰ পাৱৈত নৃশংস হত্যাকাণ্ডক লৈ পাৱৈত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ ডিগবৈৰ পাৱৈত নৃশংস হত্যাকাণ্ডক লৈ পাৱৈত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন অ’ট জ্বলাই তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ ৷ উল্লেখযোগ্য যে যোৱানিশা আকাশ সিং নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ উঠিছিল আকাশ তিৱাৰীৰ নামৰ লোকজনক৷ ট্ৰাকেৰে খুন্দিয়াই আকাশ তিৱাৰী নামৰ লোকজনক হত্যা কৰাৰ সন্দেহত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে স্হানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথলৈ উলাই আহি দোষীক উচিত শাস্তিৰ দাবীৰে সমবেত হৈ এক অবৰণীয় পৰিস্থিতিৰ সুচনা কৰে ৷ ডিগবৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্তভংগ দিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখে যদিও পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ উঠে ৷ ঘটনাস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিৱেশ সৃষ্টি হয় ৷
Tinsukia TIME

More news from অসম and nearby areas
- "হাঁচতি ঐ চ'ত বিচতি ঐ চ'ত বুধে বিৰচতি মঙ্গলে উৰুকা বিহু গৈ আছিলি ক'ত।" অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে ৷ গতিকে আজি মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত পালন কৰিছে গৰু বিহু । তাৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীকো ধোঁৱাই পালন কৰিছে গৰু বিহু । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান গাঁৱত এইদৰে হাতীক গা ধোঁৱাই বিহু পালন কৰিছে ।1
- মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ।1
- তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুনৰ কাৰপুংপুলি গাঁৱত বাইক চুৰীৰ ঘটনা । পুৱতি নিশা সংঘটিত হয় এই চুৰি কাৰ কাৰ্য্যৰ ঘটনা জাগুন আৰক্ষীৰ নিশা পেট্ৰলিংৰ সময়ছোৱাত চুৰি হোৱা বাইক খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইক নুম্বৰ As-23-8133 বুলি জানিব পৰা গৈছে ।1
- ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল নাৰী শক্তি বন্দনা সংশোধনী বিধেয়ক-২০২৬ৰ বিৰুদ্ধে বিৰোধীৰ স্থিতিক সমালোচনা কংগ্ৰেছসহ সহযোগী দলৰ বিৰোধিতাৰ বাবেই গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক1
- সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।1
- সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।1
- শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।1
- তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ত হঠাৎ উপস্থিত শিক্ষা বিভাগৰ দ’ল ৷ বিদ্যালয়খনৰ শিক্ষক তথ কৰ্মচাৰী যথেষ্ট পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাক লৈ সৰৱ বিভাগীয় বিষয়া। সমান্তৰালভাৱে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম হোৱাৰ আছে অভিযোগ। তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো শিক্ষকক নিজা কৰ্তব্য দায়িত্বসহকাৰে পালন কৰিবলৈ আহ্বান জনাই শিক্ষা বিভাগে ৷1