তামুলপুৰ জিলাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা জিলাখনৰ চেঁচাপানী, শান্তিপুৰ আৰু কাৰকেল আদি অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। জনবসতিপূৰ্ণ এলেকাত সোমাই পৰা এই হাতীৰ জাকটোৱে অঞ্চলকেইটাত কমেও পাঁচৰ পৰা ছয়টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ঘৰসমূহৰ বিস্তৰ ক্ষতি হোৱাৰ ফলত স্থানীয় বাসিন্দাসকলে প্ৰাণৰ ভয়ত গোটেই নিশাটো উজাগৰে কটাবলগীয়া হয়। সৌভাগ্যক্ৰমে এই সমগ্ৰ ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। উল্লেখ্য যে, ভৰ বাৰিষাৰ এই সময়ছোৱাত তামুলপুৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অতিমাত্ৰা বৃদ্ধি পাইছে। প্ৰায়েই জনবসতিপূৰ্ণ এলেকাত হাতীৰ জাক সোমাই ঘৰ-বাৰী তথা শস্যৰ বিস্তৰ ক্ষতিসাধন কৰাত স্থানীয় ৰাইজ তীব্ৰ আতংকৰ মাজত দিন কটাবলগীয়া হৈছে। এনে পৰিস্থিতিত স্থানীয় বাসিন্দাসকলে বন বিভাগক অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

- বিধানসভাৰ ভিতৰত বিধায়ক অখিল গগৈয়ে আদিত্য ৰাভা আৰু প্ৰণৱ দলেৰ মুক্তিৰ দাবী উত্থাপন কৰিছে।1
- ঢেকীয়াজুলিত এটি পথৰ নামাকৰণক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সমগ্ৰ বিষয়টোক লৈ মন্ত্ৰী অশোক সিংহলে ঢেকীয়াজুলি পৌৰসভা কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰে।1
- কামৰূপৰ বকোত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান আহত লোকজন চিকিৎসাধীন হৈ আছে।1
- মৰিগাঁও জিলাৰ মৈৰাবাৰী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত দুখনকৈ গুৰুত্বপূৰ্ণ কবিতা পুথিৰ শুভ উন্মোচন কৰা হৈছে। ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক বদৰুজ জামান আক্তৰৰ কবিতা সংকলন 'হৃদয়ৰ সংবাদ' আৰু প্ৰয়াত কবি আব্দুল জলিলৰ সৃষ্টিৰাজিক সামৰি প্ৰস্তুত কৰা স্মৰণীয় সংকলন 'স্মৃতিমালা' উন্মোচন কৰে। উল্লেখনীয় যে, 'খাইৰ প্ৰকাশন'ৰ দ্বাৰা এই পুথি দুখন প্ৰকাশ কৰি উলিওৱা হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক মৌলানা ফজলুল কৰিম কাছিমীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই দুখন পুথিয়ে মৈৰাবাৰীৰ সাহিত্য চৰ্চাৰ ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নৱপ্ৰজন্মক সৃষ্টিশীল কাম-কাজত উৎসাহিত কৰিব।1
- মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আনুষ্ঠানিকভাৱে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ এক নতুন গৃহ নিৰ্মাণ কাৰ্যৰ শুভ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ দিশত এই নতুন প্ৰকল্পটোক এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে।1
- বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।3
- তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।1
- দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।1
- কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ বকোৰ বনগাঁও কেম্পত উপস্থিত হৈছে।1