Shuru
Apke Nagar Ki App…
আজি সমগ্ৰ বিশ্বৰ লগতে উত্তৰ লক্ষীমপুৰতো পাই নেটৱৰ্কৰ দ্বিতীয়টো ‘পাই দিৱস’ উলহ-মালহেৰে উদযাপন কৰা হৈছে। এই দিৱসটো উদযাপন উপলক্ষে অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশ দেখা গৈছে।
MR ABDUL MOTIN
আজি সমগ্ৰ বিশ্বৰ লগতে উত্তৰ লক্ষীমপুৰতো পাই নেটৱৰ্কৰ দ্বিতীয়টো ‘পাই দিৱস’ উলহ-মালহেৰে উদযাপন কৰা হৈছে। এই দিৱসটো উদযাপন উপলক্ষে অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশ দেখা গৈছে।
More news from Assam and nearby areas
- নুমলীগড় শোধনাগাৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। BNR নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপ-ঠিকা লৈ কাম কৰি থকা TRUE TREACK নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত শোধনাগাৰটোত শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।1
- জুবিন গাৰ্গ ফেন ক্লাৱ (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’ৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত অনুষ্ঠিত হয়। পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপৰ অংশ হিচাপে পাটসাকোঁৰ পৰা পিঠাগুটি লৈকে ২৯ কিলোমিটাৰ পথত নাহৰ পুলি ৰোপণ কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে আৰু তেওঁ সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। গৰিমা শইকীয়া গাৰ্গৰ লগতে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।1
- কংগ্ৰেছৰ মিডিয়া বিভাগৰ সভাপতি বেদব্ৰত বৰাই এক সংবাদ মেলত দেশৰ শিক্ষা মন্ত্ৰীক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ স্পষ্টকৈ কয় যে দেশৰ শিক্ষা মন্ত্ৰীৰ দায়িত্ব এজন অযোগ্য আৰু দুৰ্নীতিগ্ৰস্ত লোকক দিয়া হৈছে।1
- ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।1
- পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।1
- ২০২৬ চনৰ ২৮ জুন তাৰিখে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই নগাঁও জিলাৰ কন্দলীস্থিত বৰকচাৰী গাঁৱত অনুষ্ঠিত ধানৰ চাৰা ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।1
- লাকুৱা তাপ বিদ্যুত প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে আৰম্ভ কৰা আমৰণ অনশন আজি পঞ্চম দিনত ভৰি দিলে। শ্ৰমিকসকলৰ এই অনশন কাৰ্যসূচী অব্যাহত থকাৰ পিছতো, এতিয়ালৈকে বিভাগৰ কোনো উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱা নাই। এই পৰিস্থিতিৰ মাজতে, অনশনকাৰীসকলে আজিৰ পৰা প্ৰশাসনৰ দ্বাৰা প্ৰদান কৰা যিকোনো চিকিৎসা সেৱা গ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লৈছে।1
- মাইবেলাস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। এই অনশনৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই মাহমৰা সমষ্টিৰ বিধায়ক সূৰ্য্য দিহিঙীয়া অনশনস্থলীত উপস্থিত হয়। বিধায়কগৰাকীয়ে শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। তেওঁ আশা প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি সমস্যাৰে জৰ্জৰিত হৈ থকা এই শ্ৰমিকসকলৰ দাবীসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই সহানুভূতিশীলভাৱে বিবেচনা কৰি অতি শীঘ্ৰেই এক ইতিবাচক সমাধান উলিয়াব।1
- বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মৰঙীবাসীয়ে ত্ৰাহিমধুসূদন সুৱঁৰিছে। কালি নিশা মৰঙিৰ ফুলনীবাৰী আৰু বকিয়াল গাঁৱত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই বহুকেইটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। হাতীৰ জাকটোৱে পকী ঘৰৰ দেৱাল পৰ্যন্ত ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ খাদ্য সামগ্ৰী খাই গচকি বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা পৰিয়ালকেইটাই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ৰাইজে অভিযোগ কৰিছে যে মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো বন বিভাগে বিষয়টোত কোনো ধৰণৰ খবৰ লোৱা নাই।4