Shuru
Apke Nagar Ki App…
প্ৰাক্তন আইপিএছ বিষয়া চৰ্দাৰ ইন্দৰজিৎ সিং সিদ্ধুক ‘ব্ৰুম ৱাৰিয়ৰ’ হিচাপে তেওঁৰ পৰিচয় আৰু অৱসৰৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ নিৰৱ কিন্তু শক্তিশালী দায়বদ্ধতাই দেশজুৰি প্ৰশংসা লাভ কৰিছিল।
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
প্ৰাক্তন আইপিএছ বিষয়া চৰ্দাৰ ইন্দৰজিৎ সিং সিদ্ধুক ‘ব্ৰুম ৱাৰিয়ৰ’ হিচাপে তেওঁৰ পৰিচয় আৰু অৱসৰৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ নিৰৱ কিন্তু শক্তিশালী দায়বদ্ধতাই দেশজুৰি প্ৰশংসা লাভ কৰিছিল।
More news from Assam and nearby areas
- প্ৰাক্তন আইপিএছ বিষয়া চৰ্দাৰ ইন্দৰজিৎ সিং সিদ্ধুক ‘ব্ৰুম ৱাৰিয়ৰ’ হিচাপে তেওঁৰ পৰিচয় আৰু অৱসৰৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ নিৰৱ কিন্তু শক্তিশালী দায়বদ্ধতাই দেশজুৰি প্ৰশংসা লাভ কৰিছিল।1
- খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁচ গাঁৱত ডিমৌ নদীৰ ওপৰত থকা এখন বাঁহৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অভিযোগ কৰিছে যে স্থানীয় বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লোৱা নাই।1
- বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।1
- আউনীআটী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ আৰু বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ দিকদৰ্শন আৰু আধ্যাত্মিক চিন্তাধাৰাই সমাজক সদায় আলোকিত কৰি আহিছে। তেখেতে ব্রিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা অমূল্য ঐতিহ্য 'বৃন্দাবনী বস্ত্ৰ' দৰ্শন কৰা মুহূৰ্তটো সকলোৰে বাবে অতি গৌৰৱৰ। এই ঐতিহাসিক যাত্ৰাৰ ফলশ্ৰুতিত, অতি সোনকালেই অসমৰ জনসাধাৰণে এই অতুলনীয় ঐতিহ্য স্বচক্ষে দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিব। অসমৰ বৈষ্ণৱ পৰম্পৰা আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে জড়িত এই ঐতিহাসিক ঘটনাটোৱে প্ৰতিজন অসমীয়াৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছে।1
- ডিব্ৰুগড়ৰ নন্দৱন ধাবাৰ সন্মুখত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ এক চিচিটিভি কেমেৰাৰ ভিডিঅ' পোহৰলৈ আহিছে, য'ত দুৰ্ঘটনাটোৰ ভয়াবহতা স্পষ্টকৈ দেখা গৈছে।1
- লখিমপুৰ জিলাৰ কণানদীত এগৰাকী মহিলাক অৰ্ধ উলংগ কৰা ঘটনাটোক লৈ লখিমপুৰ জিলা মহিলা কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই সন্দৰ্ভত দলটোৰ কৰ্মীসকলে চাউলধোৱা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাটোৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰে।1
- অহা ২২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া মহাঅম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট জ্যোতিষী ড০ নয়নজ্যোতি শৰ্মাই এক আহ্বান জনাইছে।1
- শৈক্ষিক নগৰী হিচাপে খ্যাত যোৰহাট চহৰত পুনৰ এক লজ্জাজনক তথা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে, য'ত এখন বিলাসী হোটেলত দীৰ্ঘদিন ধৰি চলি থকা নাৰী দেহৰ বৃহৎ ব্যৱসায় আৰক্ষীয়ে উৎখাত কৰিছে। আৰক্ষীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৰহাটৰ এখন বিখ্যাত হোটেলত এই অনৈতিক কাৰ্য চলি আছিল। এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে যোৱা মাজনিশা হোটেলখনত এক আকস্মিক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে হোটেলখনৰ বিভিন্ন কোঠাৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে ১৫ গৰাকী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে কোঠাসমূহৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বত এই বিলাসী হোটেলখনত সুপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায়টো পৰিচালিত হৈ আছিল। আৰক্ষীয়ে বৰ্তমান আটক কৰা আটাইকেইগৰাকী যুৱক-যুৱতীক অধিকোধিক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ সৈতে হোটেল কৰ্তৃপক্ষ অথবা অন্য কোনো প্ৰভাৱশালী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে।4