logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁ‌চ গাঁ‌ৱত ডিমৌ নদীৰ ওপৰত থকা এখন বাঁ‌হৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অভিযোগ কৰিছে যে স্থানীয় বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লোৱা নাই।

2 hrs ago
user_Direct Khabar
Direct Khabar
মৰাণ, ডিব্ৰুগড়, অসম•
2 hrs ago

খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁ‌চ গাঁ‌ৱত ডিমৌ নদীৰ ওপৰত থকা এখন বাঁ‌হৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অভিযোগ কৰিছে যে স্থানীয় বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লোৱা নাই।

More news from অসম and nearby areas
  • খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁ‌চ গাঁ‌ৱত ডিমৌ নদীৰ ওপৰত থকা এখন বাঁ‌হৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অভিযোগ কৰিছে যে স্থানীয় বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লোৱা নাই।
    1
    খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁ‌চ গাঁ‌ৱত ডিমৌ নদীৰ ওপৰত থকা এখন বাঁ‌হৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অভিযোগ কৰিছে যে স্থানীয় বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লোৱা নাই।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
    1
    বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল।

সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    5 hrs ago
  • ডিব্ৰুগড়ৰ নন্দৱন ধাবাৰ সন্মুখত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ এক চিচিটিভি কেমেৰাৰ ভিডিঅ' পোহৰলৈ আহিছে, য'ত দুৰ্ঘটনাটোৰ ভয়াবহতা স্পষ্টকৈ দেখা গৈছে।
    1
    ডিব্ৰুগড়ৰ নন্দৱন ধাবাৰ সন্মুখত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ এক চিচিটিভি কেমেৰাৰ ভিডিঅ' পোহৰলৈ আহিছে, য'ত দুৰ্ঘটনাটোৰ ভয়াবহতা স্পষ্টকৈ দেখা গৈছে।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    2 hrs ago
  • প্ৰাক্তন আইপিএছ বিষয়া চৰ্দাৰ ইন্দৰজিৎ সিং সিদ্ধুক ‘ব্ৰুম ৱাৰিয়ৰ’ হিচাপে তেওঁৰ পৰিচয় আৰু অৱসৰৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ নিৰৱ কিন্তু শক্তিশালী দায়বদ্ধতাই দেশজুৰি প্ৰশংসা লাভ কৰিছিল।
    1
    প্ৰাক্তন আইপিএছ বিষয়া চৰ্দাৰ ইন্দৰজিৎ সিং সিদ্ধুক ‘ব্ৰুম ৱাৰিয়ৰ’ হিচাপে তেওঁৰ পৰিচয় আৰু অৱসৰৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ নিৰৱ কিন্তু শক্তিশালী দায়বদ্ধতাই দেশজুৰি প্ৰশংসা লাভ কৰিছিল।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    4 hrs ago
  • এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
    4
    এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।
    1
    বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
  • সোণাৰী আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিছে। সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মহন সিংহ চেতিয়াৰ নেতৃত্বত কানুবাৰী বালিজান গ্ৰাণ্টত চলা এই অভিযানত AS-06BC-9276 নম্বৰৰ এখন বাহনত সৰবৰাহ কৰি থকা ১৬ কেজি ২৪৭ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়। এই সৰবৰাহৰ সৈতে জড়িত ৰাঙলীৰ বুদ্ধ বৰুৱা আৰু প্ৰবিত্ৰ তামুলী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ লগতে গাঞ্জাসহ বাহনখনো জব্দ কৰে। এই সফল অভিযানৰ বাবে সোণাৰী আৰক্ষীৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য।
    2
    সোণাৰী আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিছে। সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মহন সিংহ চেতিয়াৰ নেতৃত্বত কানুবাৰী বালিজান গ্ৰাণ্টত চলা এই অভিযানত AS-06BC-9276 নম্বৰৰ এখন বাহনত সৰবৰাহ কৰি থকা ১৬ কেজি ২৪৭ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়।

এই সৰবৰাহৰ সৈতে জড়িত ৰাঙলীৰ বুদ্ধ বৰুৱা আৰু প্ৰবিত্ৰ তামুলী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ লগতে গাঞ্জাসহ বাহনখনো জব্দ কৰে। এই সফল অভিযানৰ বাবে সোণাৰী আৰক্ষীৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    13 hrs ago
  • শৈক্ষিক নগৰী হিচাপে খ্যাত যোৰহাট চহৰত পুনৰ এক লজ্জাজনক তথা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে, য'ত এখন বিলাসী হোটেলত দীৰ্ঘদিন ধৰি চলি থকা নাৰী দেহৰ বৃহৎ ব্যৱসায় আৰক্ষীয়ে উৎখাত কৰিছে। আৰক্ষীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৰহাটৰ এখন বিখ্যাত হোটেলত এই অনৈতিক কাৰ্য চলি আছিল। এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে যোৱা মাজনিশা হোটেলখনত এক আকস্মিক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে হোটেলখনৰ বিভিন্ন কোঠাৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে ১৫ গৰাকী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে কোঠাসমূহৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বত এই বিলাসী হোটেলখনত সুপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায়টো পৰিচালিত হৈ আছিল। আৰক্ষীয়ে বৰ্তমান আটক কৰা আটাইকেইগৰাকী যুৱক-যুৱতীক অধিকোধিক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ সৈতে হোটেল কৰ্তৃপক্ষ অথবা অন্য কোনো প্ৰভাৱশালী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে।
    4
    শৈক্ষিক নগৰী হিচাপে খ্যাত যোৰহাট চহৰত পুনৰ এক লজ্জাজনক তথা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে, য'ত এখন বিলাসী হোটেলত দীৰ্ঘদিন ধৰি চলি থকা নাৰী দেহৰ বৃহৎ ব্যৱসায় আৰক্ষীয়ে উৎখাত কৰিছে। আৰক্ষীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৰহাটৰ এখন বিখ্যাত হোটেলত এই অনৈতিক কাৰ্য চলি আছিল।

এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে যোৱা মাজনিশা হোটেলখনত এক আকস্মিক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে হোটেলখনৰ বিভিন্ন কোঠাৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে ১৫ গৰাকী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে কোঠাসমূহৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে।

স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বত এই বিলাসী হোটেলখনত সুপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায়টো পৰিচালিত হৈ আছিল। আৰক্ষীয়ে বৰ্তমান আটক কৰা আটাইকেইগৰাকী যুৱক-যুৱতীক অধিকোধিক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ সৈতে হোটেল কৰ্তৃপক্ষ অথবা অন্য কোনো প্ৰভাৱশালী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.