Shuru
Apke Nagar Ki App…
ধুবুৰী পকচ' আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰিছে। আদালতৰ এই ৰায় অনুসৰি, এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
Dhubri News AS
ধুবুৰী পকচ' আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰিছে। আদালতৰ এই ৰায় অনুসৰি, এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
More news from অসম and nearby areas
- ধুবুৰী পকচ' আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰিছে। আদালতৰ এই ৰায় অনুসৰি, এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।1
- গোলকগঞ্জ আৰক্ষীয়ে এক বিশেষ অভিযান চলাই কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী নূৰিমা খাতুন ওৰফে পাগলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানত আৰক্ষীয়ে মহিলাগৰাকীৰ অধিকাৰত থকা প্ৰায় ৩০ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিছে। নূৰিমা খাতুনৰ ঘৰ গোলকগঞ্জ পৌৰসভাৰ ১ নং ৱাৰ্ডত অৱস্থিত। জানিব পৰা মতে, গোলকগঞ্জ থানাৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, নূৰিমা খাতুন দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।1
- ৰাজ্যৰ লগতে ধুবুৰী জিলাতো ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বিশেষ কাৰ্যসূচীৰে পালন কৰা হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখা আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলত এই দিৱস উদযাপন কৰা হয়। দিনজোৰা এই কাৰ্যসূচীত সংগীত, আবৃত্তি, নৃত্য, ভাষণ আৰু বিভিন্ন অনুষ্ঠানৰ মাজেৰে কলাগুৰুক স্মৰণ কৰা হয়। দিনৰ ১২ বজাত স্কুলৰ প্ৰেক্ষাগৃহত ৰাভা দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ সভানেত্ৰী ড০ লাবণ্য ভক্তই কলাগুৰুৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সভাপতি প্ৰনৱাশীষ ৰয় আৰু লেখিকা সমাৰোহৰ কাৰ্যকৰী সভানেত্ৰী ৰৌছানাৰা আহমেদে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে, আনহাতে ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে পুষ্পাঞ্জলি অৰ্পণ কৰে। লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চুলতানা চেলিমা আহমেদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে। সভাত ৰৌছানাৰা আহমেদ, প্ৰনৱাশীষ ৰয়, তিলোত্তমা ৰাভা আৰু অঞ্জলি শৰ্মাইও ভাষণ দিয়ে। এই অনুষ্ঠানতে লিপিকা ৰায় চৌধুৰীৰ দ্বাৰা লিখিত 'মহাভাৰতৰ কাহিনী' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত উপস্থিত থকা বিশিষ্ট অতিথিসকলক আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সদস্যসকলক ফুলাম গামোচাৰে সন্মানিত কৰা হয়। স্কুলৰ বিভিন্ন ছাত্ৰীয়ে কবিতা পাঠ আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। সভাৰ সামৰণিত 'অ মোৰ আপোনাৰ দেশ' শীৰ্ষক গীতটো পৰিৱেশন কৰা হয়।4
- 'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে। বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।1
- আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।1
- কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।1
- সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।1
- বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।1