অসমৰ কাব্যজগত উকা কৰি হাজাৰ হাজাৰ গুণমুগ্ধৰ পৰা চিৰবিদায় লোৱা জনপ্ৰিয় কবি জোনমণি দাসৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হ'ল। শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আজি আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতৰ থানামুখৰ বাসগৃহ 'শব্দ-ব্ৰহ্ম'ত বহু গুণমুগ্ধৰ উপস্থিতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত গুণমুগ্ধ সকলে কবি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। বিশিষ্ট কবি হৰেন গগৈ, চামচুল বাৰীক, মুকুল নাথ, ব্ৰজেন দাস, হৰেন চন্দ্ৰ নাথ, বিজু বৰঠাকুৰ, নবীন বুঢ়াগোহাঁই, প্ৰাঞ্জল আবিৰ দাস, সত্যজিৎ নাথ; সাহিত্যিক হেমন্ত ৰাজখোৱা, উজ্জ্বল কুমাৰ ঠাকুৰ, ডঃ লিপি ফুকন, ৰঞ্জিত বৰা; আৰু সমাজকৰ্মী শৰৎ হাজৰিকা আদিকে ধৰি বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই স্মৃতিচাৰণ অনুষ্ঠানতে 'স্বপ্ন-সূৰ্য' নামৰে এখনি আঢ়ৈশ পৃষ্ঠাৰ স্মৃতি-সংকলন উন্মোচন কৰা হয়।
অসমৰ কাব্যজগত উকা কৰি হাজাৰ হাজাৰ গুণমুগ্ধৰ পৰা চিৰবিদায় লোৱা জনপ্ৰিয় কবি জোনমণি দাসৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হ'ল। শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আজি আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতৰ থানামুখৰ বাসগৃহ 'শব্দ-ব্ৰহ্ম'ত বহু গুণমুগ্ধৰ উপস্থিতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত গুণমুগ্ধ সকলে কবি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। বিশিষ্ট কবি হৰেন গগৈ, চামচুল বাৰীক, মুকুল নাথ, ব্ৰজেন দাস, হৰেন চন্দ্ৰ নাথ, বিজু বৰঠাকুৰ, নবীন বুঢ়াগোহাঁই, প্ৰাঞ্জল আবিৰ দাস, সত্যজিৎ নাথ; সাহিত্যিক হেমন্ত ৰাজখোৱা, উজ্জ্বল কুমাৰ ঠাকুৰ, ডঃ লিপি ফুকন, ৰঞ্জিত বৰা; আৰু সমাজকৰ্মী শৰৎ হাজৰিকা আদিকে ধৰি বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই স্মৃতিচাৰণ অনুষ্ঠানতে 'স্বপ্ন-সূৰ্য' নামৰে এখনি আঢ়ৈশ পৃষ্ঠাৰ স্মৃতি-সংকলন উন্মোচন কৰা হয়।
- শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাইচুক মৌজাৰ খনামুখ প্ৰাথমিক চিকিৎসালয়খনে বিগত তিনিটা দশকে মুকলি নহ'ল, যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ ন্যূনতম চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে। ১৯৯৩ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। চিকিৎসালয়খনৰ কক্ষ আৰু আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা স্বত্বেও আজিলৈকে কোনো স্বাস্থ্যকৰ্মী নিযুক্তি দিয়া নহ'ল। বিভিন্ন ৰাজনৈতিক মেৰপাকত সোমাই চিকিৎসালয়খনৰ তলা নোখোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিণামস্বৰূপে, বৰ্তমান চৰকাৰী গৃহসমূহ জহি-খহি যাবলৈ ধৰিছে। এই অৱস্থাৰ বাবে অঞ্চলটোৰ প্ৰায় ৩০ খন গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজিও চৰকাৰী স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব পৰা নাই।2
- চৰাইদেউত আছাম ৰাইফলছে এক অভিযান চলাই মাৰণাস্ত্রসহ দুজনক আটক কৰিছে। আটক কৰা লোক দুজন হৈছে আব্দুল ৰহিম আৰু অভিমন্যু বণিক দাস। অভিযানকালত তেওঁলোকৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এখ ৰাউণ্ড গুলী আৰু দুটা ম’বাইল ফোন জব্দ কৰা হয়। পিছত আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৱে আটক কৰা দুয়োকে সোণাৰি আৰক্ষীক চমজাই দিয়ে।1
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সকলোৰে হিয়াৰ আমঠু আৰু প্ৰাণৰ সত্তা বুলি অভিহিত কৰিছে। বিৰোধী মঞ্চলৈ এটা বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলিটিক্স নকৰিবা বন্ধু।"1
- বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডত মধ্যাহ্ন ভোজন আঁচনিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফেনখাতি প্ৰাথমিক বিদ্যালয়ত এই অনিয়ম হৈছে বুলি অভিযোগ কৰা হৈছে, য'ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক এই দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছে। এই অভিযোগৰ পাছতে আজি CRCC, BCCO আৰু স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।1
- ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।1
- বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডত মধ্যাহ্ন ভোজন আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ, ফেনখাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অনিয়ম আৰু দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ পাছত আজি CRCC, BCCO আৰু স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।1
- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত, চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ সময়ত আছু কৰ্মীসকলে চৰকাৰী বৈষম্যৰ বিৰুদ্ধে উত্তাল শ্ল’গান দি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰে। তেওঁলোকে অতি শীঘ্ৰেই মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।3
- শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ (প্ৰায় ৭০) দেহাৱসান ঘটিছে। মাতৃৰ বিয়োগৰ পাছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মতিক্ৰমে তেওঁৰ চকুদান কৰা হয়। পুৱা এটা সংবাদমেল সম্বোধন কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আৱাসত থকা মাতৃগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া। যোৰহাটৰ জ্যেতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ কৰ্নিয়া সংগ্ৰহ কৰে। প্ৰয়াত বিজয়া চেতিয়াৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত। বৰ্তমানেও তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।1
- ধেমাজিত এটা উট দেখা পোৱা যোৱাত স্থানীয় লোকৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে। এই উটটো ৰাজস্থানৰ পৰা ট্ৰাকেৰে গেলুৱালৈ অনা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ঈদ উপলক্ষে কোৰবানিৰ বাবে ব্যৱহাৰ কৰা। এটা বেচৰকাৰী সংস্থাৰ (NGO) তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই উটটো জব্দ কৰিছে।1