logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।

1 hr ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
1 hr ago

এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।

More news from অসম and nearby areas
  • বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত গঠণমুলক ভাষন প্ৰদান কৰে। -- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।
    1
    বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা 
বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে  উপস্থিত থাকিব নোৱাৰা  সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত  গঠণমুলক ভাষন প্ৰদান কৰে। 
-- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    1
    জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”।

📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা।


জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    1
    ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    23 hrs ago
  • ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত বঙাইগাঁও জিলাৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াই স্ব-গণনা ব্যৱস্থাৰ উদ্দেশ্য, ইয়াৰ প্ৰয়োজনীয়তা আৰু এই প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বাখ্যা কৰে। জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, ২০২৭ বৰ্ষৰ লোকপিয়লৰ অধীনত এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য নিজেই সঠিকভাৱে জমা দিব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থাৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক স্বচ্ছ, দ্ৰুত আৰু তথ্যসমৃদ্ধ হ'ব। সংবাদমেলযোগে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিককে এই স্ব-গণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমকো ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।
    1
    ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়।
২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়।
এই সংবাদমেলত বঙাইগাঁও জিলাৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াই স্ব-গণনা ব্যৱস্থাৰ উদ্দেশ্য, ইয়াৰ প্ৰয়োজনীয়তা আৰু এই প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বাখ্যা কৰে।
জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, ২০২৭ বৰ্ষৰ লোকপিয়লৰ অধীনত এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য নিজেই সঠিকভাৱে জমা দিব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থাৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক স্বচ্ছ, দ্ৰুত আৰু তথ্যসমৃদ্ধ হ'ব।
সংবাদমেলযোগে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিককে এই স্ব-গণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমকো ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    3 hrs ago
  • বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    1
    বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে।
এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে।
তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    22 hrs ago
  • কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    1
    কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    23 hrs ago
  • Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration
    1
    Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration
Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration
    user_SK Maa all round
    SK Maa all round
    ধিং, নগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.