logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমৰ বৰপেটা জিলাৰ বৰপেটা ৰোডত থকা পাইকাৰী পাচলি বজাৰত পাইকাৰী বিক্ৰেতাসকলে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি খবৰ পোৱা গৈছে। বজাৰখনত মুকলিভাৱে পটল নামৰ পাচলিবিধ বিষাক্ত ৰাসায়নিক জুলীয়া মিশ্ৰণত ডুবাই পুনৰ সতেজ কৰি বিক্ৰীৰ ব্যৱস্থা কৰি থকাৰ সময়তে স্থানীয় সংবাদকৰ্মী আৰু ৰাইজে হাতে লোটে ধৰা পেলাইছে বুলি ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে। এই কাৰ্যৰ ফলত গ্ৰাহকসকলে ক্ৰয় কৰা পাচলিৰ পৰা নিজৰ সুস্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে। গতিকে, পাচলি ক্ৰয় কৰি খোৱাৰ আগতে সাৱধান নহ'লে ই নিজৰ বাবেই মাৰাত্মক হ'ব পাৰে। সেয়েহে, পাচলি ক্ৰয় কৰাৰ সময়ত সকলোকে অতি সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে, কিয়নো আনুবীক্ষনিকভাৱে সতেজ যেন লগা পাচলিয়েও ভয়ংকৰ বিপদ আনিব পাৰে।

2 hrs ago
user_Fakharuddin Ahmed
Fakharuddin Ahmed
Local News Reporter শিপাঝাৰ, দৰং, অসম•
2 hrs ago
ca9c2307-ce24-431b-aea8-af9686f4e65c

অসমৰ বৰপেটা জিলাৰ বৰপেটা ৰোডত থকা পাইকাৰী পাচলি বজাৰত পাইকাৰী বিক্ৰেতাসকলে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি খবৰ পোৱা গৈছে। বজাৰখনত মুকলিভাৱে পটল নামৰ পাচলিবিধ বিষাক্ত ৰাসায়নিক জুলীয়া মিশ্ৰণত ডুবাই পুনৰ সতেজ কৰি বিক্ৰীৰ ব্যৱস্থা কৰি থকাৰ সময়তে স্থানীয় সংবাদকৰ্মী আৰু ৰাইজে হাতে লোটে ধৰা পেলাইছে বুলি ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে। এই কাৰ্যৰ ফলত গ্ৰাহকসকলে ক্ৰয় কৰা পাচলিৰ পৰা নিজৰ সুস্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে। গতিকে, পাচলি ক্ৰয় কৰি খোৱাৰ আগতে সাৱধান নহ'লে ই নিজৰ বাবেই মাৰাত্মক হ'ব পাৰে। সেয়েহে, পাচলি ক্ৰয় কৰাৰ সময়ত সকলোকে অতি সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে, কিয়নো আনুবীক্ষনিকভাৱে সতেজ যেন লগা পাচলিয়েও ভয়ংকৰ বিপদ আনিব পাৰে।

More news from অসম and nearby areas
  • আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    1
    আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    1
    অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে। সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে। সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়। তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।
    1
    বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। 
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে।
সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। 
ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে।
সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়।
তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে।
অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    1
    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।

কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ তত্ত্বাবধানত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
    1
    বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ তত্ত্বাবধানত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • নগাঁৱৰ জাজৰিত এজন যুৱকৰ প্ৰাণহানিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ ৰিংকু দাস নামৰ যুৱকজনৰ পৰিয়ালে মৰিগাঁৱৰ এগৰাকী প্ৰেমিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, তেওঁলোকে কেতিয়াও ভবা নাছিল যে ভালপোৱা ছোৱালীজনীয়ে এনেধৰণৰ কাম কৰিব পাৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰিংকু দাসে প্ৰেমিকাগৰাকীক নাৰ্চিং পঢ়িবলৈ প্ৰায় ১ লাখ টকা দিছিল। ২৫ মে' তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰলৈ গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে। তেওঁলোকে সন্দেহ কৰিছে যে প্ৰেমিকাৰ ঘৰতেই ৰিংকুক শেষ কৰি দিয়া হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি ৰিংকু দাসৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে।
    1
    নগাঁৱৰ জাজৰিত এজন যুৱকৰ প্ৰাণহানিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ ৰিংকু দাস নামৰ যুৱকজনৰ পৰিয়ালে মৰিগাঁৱৰ এগৰাকী প্ৰেমিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, তেওঁলোকে কেতিয়াও ভবা নাছিল যে ভালপোৱা ছোৱালীজনীয়ে এনেধৰণৰ কাম কৰিব পাৰে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ৰিংকু দাসে প্ৰেমিকাগৰাকীক নাৰ্চিং পঢ়িবলৈ প্ৰায় ১ লাখ টকা দিছিল। ২৫ মে' তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰলৈ গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে। তেওঁলোকে সন্দেহ কৰিছে যে প্ৰেমিকাৰ ঘৰতেই ৰিংকুক শেষ কৰি দিয়া হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি ৰিংকু দাসৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.