Shuru
Apke Nagar Ki App…
মন্ত্ৰী পীয়ুষ হাজৰিকাই জনোৱা অনুসৰি, বৰ্তমান অসমৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ২ লাখ কোটি টকা। তেওঁ লগতে উল্লেখ কৰে যে এই পৰিমাণ আন ৰাজ্যসমূহৰ মুঠ ঋণৰ তুলনাত কম।
Northeast Talks
মন্ত্ৰী পীয়ুষ হাজৰিকাই জনোৱা অনুসৰি, বৰ্তমান অসমৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ২ লাখ কোটি টকা। তেওঁ লগতে উল্লেখ কৰে যে এই পৰিমাণ আন ৰাজ্যসমূহৰ মুঠ ঋণৰ তুলনাত কম।
More news from অসম and nearby areas
- মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুনিয়া চৌহান নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।1
- মৰিগাঁও জিলাৰ শ’লমাৰী অঞ্চলত কেইবাদিন ধৰি এগৰাকী তিনি সন্তানৰ মাতৃ নিখোজ হৈ আছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোতে গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ তিনিটি সন্তান, স্বামী আৰু আত্মীয়-স্বজনে তেওঁৰ কোনো সন্ধান নোপোৱাত গভীৰ চিন্তাত দিন পাৰ কৰিছে। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপি ঘটনাটোৰ ওপৰত তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰাৰ দাবী জনাইছে। ইয়াৰ লগতে, নিখোজ মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ থানাত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে।1
- শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত মাৰোৱাৰী সন্মিলনে এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছিল। সন্মিলনৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰত লোকে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়।1
- নুমলীগড় আৰক্ষীয়ে NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত দীৰ্ঘদিন ধৰি চলি থকা এক অবৈধ তেল চুৰি চক্ৰৰ এজন সদস্যক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেল চুৰি কৰি থকা অৱস্থাতে গোলাপ থাপা নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে এই অভিযানত AS-02EC-3984 নম্বৰৰ এখন টেংকাৰ আৰু প্ৰায় ৮০ লিটাৰ ডিজেল জব্দ কৰে। আৰক্ষীৰ এই অভিযানৰ সময়ত তেল চুৰি চক্ৰৰ আন প্ৰায় ৬-৭ জনকৈ লোক পলাই যাবলৈ সক্ষম হয়। এই ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে আটক কৰা লোকজনৰ সৈতে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।2
- চতিয়াৰ পটিয়া গাঁৱৰ যুৱক-যুৱতীসকলে নিজৰ উৰ্বৰ পৈত্ৰিক ভূমিত ৰঙীন সপোন ৰচি 'বজাৰ আমাৰ পথাৰ আমাৰ' শ্লোগানটো সঁচা অৰ্থত পৰিণত কৰিছে। বৰ্তমান এই গাওঁখন অসমৰ এক উল্লেখযোগ্য কৃষি অঞ্চল হিচাপে পৰিচিত হৈ উঠিছে, য'ত যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ পিছে পিছে নদৌৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰিছে। কেৱল এই বছৰেই নহয়, বহু বছৰ ধৰি গাঁওখনৰ প্ৰায় প্ৰতিঘৰতে বিঘাই বিঘাই ৰঙালাও, জিকা, জলকীয়া, তৰমুজ আদিৰ খেতি কৰা হয়। পটিয়া গাঁৱৰ কৃষকসকলে উৎপাদিত সতেজ শাক-পাচলি ট্ৰাক ট্ৰাককৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰাৰ উপৰিও, ৰঙালাও আৰু আলু বহিঃৰাজ্যলৈও পঠিওৱা হয়। কিন্তু এই সফলতাৰ লগে লগে কৃষকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। অধিক উৎপাদনৰ ফলত বহু কৃষকৰ ৰঙালাও, আলু আদি ফচল সময়মতে বিক্ৰী নোহোৱাত গেলি পচি নষ্ট হয়। ইয়াৰ ফলত কঠোৰ পৰিশ্ৰম আৰু বিনিয়োগৰ পিছতো কৃষকসকলে বিৰাট লোকচান ভৰিবলগীয়া হয়, কিয়নো বজাৰত মূল্য হ্ৰাস পালেও ফচল সংৰক্ষণ কৰিবলৈ উপযুক্ত সুবিধা নথকাৰ বাবে এই ক্ষতি নিয়মীয়াকৈ হৈ থাকে। এই সমস্যাৰ সমাধানৰ বাবে পটিয়া গাঁৱৰ কৃষকসকলে চৰকাৰলৈ আহ্বান জনাইছে যে গাঁওখনত এটা আধুনিক শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হ'লে ই তেওঁলোকৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব আৰু কৃষি খণ্ডক শক্তিশালী কৰিব। এই শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হ'লে কেৱল পটিয়া গাঁওৰে নহয়, ইয়াৰ আশে-পাশে থকা বহু গাঁওৰ কৃষকসকলো উপকৃত হ'ব। চতিয়াৰ পটিয়া গাঁৱৰ যুৱ প্ৰজন্মই চৰকাৰক দেখুৱাইছে যে চাকৰি অবিহনেও কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি, আৰু এইদৰে কৃষকৰ সমৃদ্ধিৰে অসমৰ সমৃদ্ধি সঁচা কৰি তুলিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ সক্ৰিয় ভূমিকা বৰ্তমান অতি জৰুৰী।4
- বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।1
- মন্ত্ৰী পীয়ুষ হাজৰিকাই জনোৱা অনুসৰি, বৰ্তমান অসমৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ২ লাখ কোটি টকা। তেওঁ লগতে উল্লেখ কৰে যে এই পৰিমাণ আন ৰাজ্যসমূহৰ মুঠ ঋণৰ তুলনাত কম।1
- মৰিগাঁও জিলাৰ শ'লমাৰী অঞ্চলত এগৰাকী তিনি সন্তানৰ মাতৃ কেইবাদিন ধৰি নিখোজ হৈ আছে। এই ঘটনাই তেওঁৰ স্বামী, তিনি সন্তানকে ধৰি আত্মীয়-স্বজনক গভীৰ চিন্তাত পেলাইছে।1
- জাগীৰোডৰ সিন্ধিশ্বৰত তিৱা লোকক উচ্ছেদ কৰাৰ প্ৰচেষ্টাক লৈ এতিয়া অঞ্চলটো উত্তাল হৈ পৰিছে। এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই গৰজি উঠিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। তেওঁ স্পষ্টভাৱে কয় যে তেওঁৰ জাতিটোক নিশেষ কৰাৰ যিকোনো ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব। তিৱা জনগোষ্ঠীৰ ভূমি আৰু অধিকাৰ সুৰক্ষাৰ দাবীত সমগ্ৰ অঞ্চলটোৱে এতিয়া প্ৰবল প্ৰতিবাদ অব্যাহত ৰাখিছে।1