logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত আৰক্ষীৰ পোছাক পিন্ধি ব্ৰয়লাৰসহ বাহন হাইজেকঃGPS-ৰ সূত্ৰ ধৰি উদ্ধাৰ | ​শিৱসাগৰত আৰক্ষীৰ পোছাক পৰিহিত ৭ জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ ব্ৰয়লাৰ কুকুৰা কঢ়িওৱা এখন পিক-আপ বাহন হাইজেক কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী-গৌৰীসাগৰ সমীপৰ জামুগুৰিত দুৰ্বৃত্তৰ দলটোৱে বাহনখন ৰখাই চালক আৰু সহকৰ্মীজনক হাত-ভৰি আৰু চকুত কাপোৰ বান্ধি মৰাণত পেলাই থৈ বাহনসহ উধাও হয়। ​অৱশ্যে বাহনখনত জিপিএছ (GPS) ট্ৰেকাৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে তৎকালীনভাৱে অনুসন্ধান চলাই শিৱসাগৰ নগৰৰ টেক্সি আলিৰ এটা আৱাসিক গৃহৰ পৰা আটাইখিনি ব্ৰয়লাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক অনুসন্ধানত দাৰিগ আৰু মন্তি নামৰ দুজন ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে যদিও অভিযুক্তসকল বৰ্তমান পলাতক। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

22 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
22 hrs ago

শিৱসাগৰত আৰক্ষীৰ পোছাক পিন্ধি ব্ৰয়লাৰসহ বাহন হাইজেকঃGPS-ৰ সূত্ৰ ধৰি উদ্ধাৰ | ​শিৱসাগৰত আৰক্ষীৰ পোছাক পৰিহিত ৭ জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ ব্ৰয়লাৰ কুকুৰা কঢ়িওৱা এখন পিক-আপ বাহন হাইজেক কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী-গৌৰীসাগৰ সমীপৰ জামুগুৰিত দুৰ্বৃত্তৰ দলটোৱে বাহনখন ৰখাই চালক আৰু সহকৰ্মীজনক হাত-ভৰি আৰু চকুত কাপোৰ বান্ধি মৰাণত পেলাই থৈ বাহনসহ উধাও হয়। ​অৱশ্যে বাহনখনত জিপিএছ (GPS) ট্ৰেকাৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে তৎকালীনভাৱে অনুসন্ধান চলাই শিৱসাগৰ নগৰৰ টেক্সি আলিৰ এটা আৱাসিক গৃহৰ পৰা আটাইখিনি ব্ৰয়লাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক অনুসন্ধানত দাৰিগ আৰু মন্তি নামৰ দুজন ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে যদিও অভিযুক্তসকল বৰ্তমান পলাতক। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

More news from অসম and nearby areas
  • শিৱসাগৰত আৰক্ষীৰ পোছাক পিন্ধি ব্ৰয়লাৰসহ বাহন হাইজেকঃGPS-ৰ সূত্ৰ ধৰি উদ্ধাৰ | ​শিৱসাগৰত আৰক্ষীৰ পোছাক পৰিহিত ৭ জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ ব্ৰয়লাৰ কুকুৰা কঢ়িওৱা এখন পিক-আপ বাহন হাইজেক কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী-গৌৰীসাগৰ সমীপৰ জামুগুৰিত দুৰ্বৃত্তৰ দলটোৱে বাহনখন ৰখাই চালক আৰু সহকৰ্মীজনক হাত-ভৰি আৰু চকুত কাপোৰ বান্ধি মৰাণত পেলাই থৈ বাহনসহ উধাও হয়। ​অৱশ্যে বাহনখনত জিপিএছ (GPS) ট্ৰেকাৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে তৎকালীনভাৱে অনুসন্ধান চলাই শিৱসাগৰ নগৰৰ টেক্সি আলিৰ এটা আৱাসিক গৃহৰ পৰা আটাইখিনি ব্ৰয়লাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক অনুসন্ধানত দাৰিগ আৰু মন্তি নামৰ দুজন ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে যদিও অভিযুক্তসকল বৰ্তমান পলাতক। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    1
    শিৱসাগৰত আৰক্ষীৰ পোছাক পিন্ধি ব্ৰয়লাৰসহ বাহন হাইজেকঃGPS-ৰ সূত্ৰ ধৰি উদ্ধাৰ |
​শিৱসাগৰত আৰক্ষীৰ পোছাক পৰিহিত ৭ জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ ব্ৰয়লাৰ কুকুৰা কঢ়িওৱা এখন পিক-আপ বাহন হাইজেক কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী-গৌৰীসাগৰ সমীপৰ জামুগুৰিত দুৰ্বৃত্তৰ দলটোৱে বাহনখন ৰখাই চালক আৰু সহকৰ্মীজনক হাত-ভৰি আৰু চকুত কাপোৰ বান্ধি মৰাণত পেলাই থৈ বাহনসহ উধাও হয়। ​অৱশ্যে বাহনখনত জিপিএছ (GPS) ট্ৰেকাৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে তৎকালীনভাৱে অনুসন্ধান চলাই শিৱসাগৰ নগৰৰ টেক্সি আলিৰ এটা আৱাসিক গৃহৰ পৰা আটাইখিনি ব্ৰয়লাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক অনুসন্ধানত দাৰিগ আৰু মন্তি  নামৰ দুজন ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে যদিও অভিযুক্তসকল বৰ্তমান পলাতক। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন* * ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য। গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন। সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।
    1
    মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন*
*
ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য।
গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে।
প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়।
সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন।
সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা  সমাজৰ মংগল কামনা কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    1 hr ago
  • লখিমপুৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফল সম্পন্ন লখিমপুৰৰ কদম ৰাজহচক্ৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফলভাৱে সম্পন্ন হয়। #shurunews
    1
    লখিমপুৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফল সম্পন্ন 


লখিমপুৰৰ কদম ৰাজহচক্ৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফলভাৱে সম্পন্ন হয়।
#shurunews
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    22 hrs ago
  • বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম
বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    23 hrs ago
  • তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷ তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷ গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷
    1
    তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷
তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷
গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    5 hrs ago
  • লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান 🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে। আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়। অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চুমী দত্তৰ ৰিপ’ৰ্ট Focus Axom 24 — Truth, Time, and Trust . . . . #everyonefollowers #FocusAxom24 #nonfollowers #follower #highlightseveryone
    1
    লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান
🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান
লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে।
আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়।
অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে।
লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
চুমী দত্তৰ ৰিপ’ৰ্ট
Focus Axom 24 — Truth, Time, and Trust
.
.
.
.
#everyonefollowers #FocusAxom24 
#nonfollowers #follower #highlightseveryone
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।
    1
    বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী।
২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী।
ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প।
লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন।
দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো।
গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে।
অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ।
আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.