Shuru
Apke Nagar Ki App…
ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰাই আৰু মাৰৈ-দুমুনিচকী গাঁও পঞ্চায়তত বিধায়ক ড° পৰমানন্দ ৰাজবংশীক এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ’ উদযাপন উপলক্ষে আয়োজিত ‘ৰাইজৰ পদুলিত, ৰাইজৰ সমাধান’ কাৰ্যসূচীৰ এক অংশ হিচাপে অনুষ্ঠিত হয়। এই সভাত স্থানীয় গণ্য-মান্য ব্যক্তি, পঞ্চায়ত প্ৰতিনিধি, বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে নিজৰ বক্তব্যত অঞ্চলটোৰ উন্নয়ন, জনকল্যাণমূলক আঁচনি আৰু আগন্তুক উন্নয়নমূলক পৰিকল্পনাসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। সভাত তেওঁক ফুলাম গামোচা, শৰাই আৰু স্মাৰক প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জনোৱা হয়।
Ne Assam Digital

More news from অসম and nearby areas
- মৰিগাঁও ডায়েটৰ উদ্যোগত চলোৱা ড্ৰাগছ আৰু ধঁপাত বিৰোধী সজাগতা অভিযানৰ সামৰণি মৰা হৈছে।1
- বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদল। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদলৰ আয়োজন কৰা হয়। আজি পুৱা ঠিক ৬:৩০ বজাত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক সমদলটো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। সমদলটো প্ৰেছ ক্লাৱৰ পৰা ওলাই দ্বাৰকুছী হৈ পুনৰ তামুলপুৰ প্ৰেছ ক্লাৱ প্ৰাংগণলৈ আহি সফলতাৰে সামৰণি পৰে। এই বিশেষ কাৰ্যসূচীত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিকৰ লগতে আছু, আৰছু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট এচোছিয়েশ্যনকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অলেখ উৎসাহী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমদলৰ এক আকৰ্ষণীয় দিশ আছিল এই যে, অংশগ্ৰহণকাৰীসকলে নিজ নিজ চাইকেলত "ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওঁক সমাজ", "আমাৰ লক্ষ্য ড্ৰাগছ মুক্ত সমাজ গঢ়া", "ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁক, সচেতন হওঁক", "আমি সচেতন আমি সজাগ, ড্ৰাগছ মুক্ত হ'ব আমাৰ সমাজ" আৰু "নতুন প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰাটো আমাৰ দায়িত্ব" আদি বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ-পোষ্টাৰ লগাই সমগ্ৰ তামুলপুৰবাসীক ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সজোৰে আহ্বান জনায়।1
- আজি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত কালাই চাপৰিত বিধায়ক আছিফ নাজাৰ যন্ত্ৰচালিত নাৱেৰে যাত্ৰা কৰি উপস্থিত হয়। তেওঁ সমষ্টিৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি অঞ্চলটোৰ লোকসকলৰ অভাৱ-অভিযোগ সম্পৰ্কে বুজ লয়। এই ভ্ৰমণৰ সময়ত বিধায়কগৰাকীয়ে বিভিন্ন উন্নয়নমূলক দিশৰ ওপৰত ৰাইজৰ সৈতে বিশদ আলোচনা কৰে।1
- বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।1
- বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ ২ নং পিৰাকটা গাঁৱৰ এজন যুৱক নিৰুদ্দেশ হৈছে। এই ঘটনাই নিৰুদ্দেশ হোৱা যুৱকজনৰ পৰিয়ালৰ মাজত গভীৰ হাহাকাৰ সৃষ্টি কৰিছে।1
- বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্য হাতীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে। হাতীৰ এই উপদ্ৰৱৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলো নিদ্ৰাহীনতাৰ চিকাৰ হৈছে।1
- মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত বনকৰ্মীসকল দিনে-নিশাই অহৰহভাৱে নিয়োজিত হৈ আছে। এই বনকৰ্মীসকলৰ নিৰন্তৰ তত্বাৱধানৰ ফলস্বৰূপে উদ্যানখন চোৰাং চিকাৰীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে।1
- গুৱাহাটীৰ নীলাচল পাহাৰত অম্বুবাচী মেলাৰ সময়ত এক উদুলি মুদুলি পৰিবেশ বিৰাজ কৰিছে, য'ত কামাখ্যা দেৱীৰ মন্দিৰত লাখ লাখ সাধু-সন্তই ভীৰ কৰিছে। এই উৎসৱমুখৰ পৰিবেশৰ মাজতে, মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তাকো নীলাচল পাহাৰত দেখা পোৱা গ'ল। তেওঁ কামাখ্যা দেৱীৰ মন্দিৰলৈ যাত্ৰা কৰাৰ সময়ত সাধু-সন্ন্যাসীৰ সৈতে উপস্থিত আছিল।1