লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীৰ সফল অভিযান, মাজনিশা ছটাকৈ চোৰাং গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কালি মাজনিশা লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীয়ে অভিযান চলাই এখন বাহনত ভৰি, মুখ বান্ধি কঢ়িয়াই অনা ছটাকৈ গৰু বাহনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ এই অভিযানত গৰুৰ চোৰাং ব্যৱসায়ৰ জড়িত এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বগীনদী আৰক্ষী সুত্ৰে প্ৰকাশ কৰা তথ্য মতে, কালি নিশা প্ৰায় ১২.৩০ বজাত, এক গোপন খবৰৰ ভিত্তিত ধেমাজি জিলাৰ গোগামুখৰ দিশৰ পৰা চোৰাং গৰু কঢ়িয়াই অনা এ এছ ৩২ বি ৬৮৭৮ নম্বৰৰ ই'কো ভানখন ৰখাবলৈ প্ৰথমতে চেষ্টা কৰিছিল চাউলধোৱা আৰক্ষীয়ে। কিন্তু অতি তীব্ৰ গতিৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি লখিমপুৰ সদৰ অভিমুখী বাহনখন ৰখাবলৈ চেষ্টা কৰিও বিফল হোৱাত, বিষয়টো লগে লগে চাউলধোৱা আৰক্ষীয়ে অৱগত কৰে বগীনদী আৰক্ষীক। ইয়াৰ পিছতেই কালি নিশাৰ প্ৰতিকুল বতৰকো নেওচি বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থানাৰ সন্মুখতেই চোৰাং গৰু সৰবৰাহকাৰী দলটোক ৰখাবলৈ চেষ্টা কৰে। যদিও চাউলধোৱা আৰক্ষীৰ খবৰৰ ভিত্তিত তীব্ৰ বেগী বাহনখনে যিকোনো মূহুৰ্ততে আৰক্ষীৰ তালাচী ওফৰাই পলাই যোৱাৰ সম্ভাৱনা থকাৰ বাবেই, আৰক্ষী বিষয়া গৰাকীয়ে কৌশলেৰে পথেদি চলাচল কৰা দুখন ট্ৰাকৰ সহযোগত বাহনখন আগভেটি ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানত বাহনখনত চোৰাংকৈ গৰু কঢ়িয়াই অনা নগাঁও জিলাৰ, চামগুৰি থানাৰ অন্তৰ্গত সোণাৰী বালি গাঁৱৰ হজৰত আলিৰ পুত্ৰ ছৰিফুল ইছলাম (২২)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীৰ সফল অভিযান, মাজনিশা ছটাকৈ চোৰাং গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কালি মাজনিশা লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীয়ে অভিযান চলাই এখন বাহনত ভৰি, মুখ বান্ধি কঢ়িয়াই অনা ছটাকৈ গৰু বাহনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ এই অভিযানত গৰুৰ চোৰাং ব্যৱসায়ৰ জড়িত এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বগীনদী আৰক্ষী সুত্ৰে প্ৰকাশ কৰা তথ্য মতে, কালি নিশা প্ৰায় ১২.৩০ বজাত, এক গোপন খবৰৰ ভিত্তিত ধেমাজি জিলাৰ গোগামুখৰ দিশৰ পৰা চোৰাং গৰু কঢ়িয়াই অনা এ এছ ৩২ বি ৬৮৭৮ নম্বৰৰ ই'কো ভানখন ৰখাবলৈ প্ৰথমতে চেষ্টা কৰিছিল চাউলধোৱা আৰক্ষীয়ে। কিন্তু অতি তীব্ৰ গতিৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি লখিমপুৰ
সদৰ অভিমুখী বাহনখন ৰখাবলৈ চেষ্টা কৰিও বিফল হোৱাত, বিষয়টো লগে লগে চাউলধোৱা আৰক্ষীয়ে অৱগত কৰে বগীনদী আৰক্ষীক। ইয়াৰ পিছতেই কালি নিশাৰ প্ৰতিকুল বতৰকো নেওচি বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থানাৰ সন্মুখতেই চোৰাং গৰু সৰবৰাহকাৰী দলটোক ৰখাবলৈ চেষ্টা কৰে। যদিও চাউলধোৱা আৰক্ষীৰ খবৰৰ ভিত্তিত তীব্ৰ বেগী বাহনখনে যিকোনো মূহুৰ্ততে আৰক্ষীৰ তালাচী ওফৰাই পলাই যোৱাৰ সম্ভাৱনা থকাৰ বাবেই, আৰক্ষী বিষয়া গৰাকীয়ে কৌশলেৰে পথেদি চলাচল কৰা দুখন ট্ৰাকৰ সহযোগত বাহনখন আগভেটি ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানত বাহনখনত চোৰাংকৈ গৰু কঢ়িয়াই অনা নগাঁও জিলাৰ, চামগুৰি থানাৰ অন্তৰ্গত সোণাৰী বালি গাঁৱৰ হজৰত আলিৰ পুত্ৰ ছৰিফুল ইছলাম (২২)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
- শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন #lakhimpur1
- বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।1
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷4
- Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City Sri Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City2
- সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।1
- বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া 🔴 বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া বাকী ধন বিচৰাক কেন্দ্ৰ কৰি এগৰাকী মাংস ব্যৱসায়ীক অশ্লীল ভাষাৰে গালি-গালাজ, দোকান বন্ধ আৰু জেলৰ ভাবুকি দিয়াৰ অভিযোগ। ঘটনাক লৈ বোকাজান বজাৰ সমিতি আৰু স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে। 📍 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট #বোকাজান #অসমবাতৰি #BreakingNews #বোকাজানবজাৰ #FocusAxom241
- দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত।1