ৰাজ্যত নিবনুৱা সমস্যা দোপতদোপে বৃদ্ধি পাইছে। অসম চৰকাৰে বহুবাৰ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা স্বত্বেও, চাহ বাগিচা আৰু ইয়াৰ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ পিছতো, চৰকাৰী চাকৰিত আদিবাসী যুৱক-যুৱতীৰ সংখ্যা নগণ্য হৈয়ে আছে। ফলস্বৰূপে, তেওঁলোকৰ বাবে চাকৰিৰ একমাত্ৰ ভৰসা হৈছে চাহ বাগিচাৰ চাকৰি। কিন্তু অসমৰ বিভিন্ন চাহ বাগিচাত থলুৱা যুৱক-যুৱতীক আওকাণ কৰি আন লোকক নিযুক্তি দিয়াৰ বিষয়টো আছা (আদিবাসী ছাত্ৰ সন্থা) আৰু আট্ছাৰ (অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা) দৃষ্টিগোচৰ হৈছে, যাৰ বাবে চাহ বাগিচাসমূহত প্ৰতিবাদৰ ঢল বৰিছে। এই প্ৰেক্ষাপটতে, তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ এক সজাতি দল উপস্থিত হয়। ছাত্ৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ধলা চাহ বাগিচাখনত ইতিমধ্যে বহু সংখ্যক ষ্টাফ কৰ্মচাৰীৰ পদ খালী হৈ আছে। আছাই এই খালী পদসমূহত বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।
ৰাজ্যত নিবনুৱা সমস্যা দোপতদোপে বৃদ্ধি পাইছে। অসম চৰকাৰে বহুবাৰ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা স্বত্বেও, চাহ বাগিচা আৰু ইয়াৰ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ পিছতো, চৰকাৰী চাকৰিত আদিবাসী যুৱক-যুৱতীৰ সংখ্যা নগণ্য হৈয়ে আছে। ফলস্বৰূপে, তেওঁলোকৰ বাবে চাকৰিৰ একমাত্ৰ ভৰসা হৈছে চাহ বাগিচাৰ চাকৰি। কিন্তু অসমৰ বিভিন্ন চাহ বাগিচাত থলুৱা যুৱক-যুৱতীক আওকাণ কৰি আন লোকক নিযুক্তি দিয়াৰ বিষয়টো আছা (আদিবাসী ছাত্ৰ সন্থা) আৰু আট্ছাৰ (অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা) দৃষ্টিগোচৰ হৈছে, যাৰ বাবে চাহ বাগিচাসমূহত প্ৰতিবাদৰ ঢল বৰিছে। এই প্ৰেক্ষাপটতে, তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ এক সজাতি দল উপস্থিত হয়। ছাত্ৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ধলা চাহ বাগিচাখনত ইতিমধ্যে বহু সংখ্যক ষ্টাফ কৰ্মচাৰীৰ পদ খালী হৈ আছে। আছাই এই খালী পদসমূহত বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।
- তিনিচুকীয়াৰ বাঘজানত সংঘটিত অভিশপ্ত তেল বিস্ফোৰণ কাণ্ডৰ আজি ৬টা বৰ্ষ সম্পূৰ্ণ হৈছে। এই ঘটনাৰ প্ৰতিবাদত ষষ্ঠ বাৰ্ষিক 'ক'লা দিন' পালন কৰা হৈছে। বিস্ফোৰণৰ পাঁচ বছৰ উকলি যোৱাৰ পিছতো বাঘজানৰ লোকসকলৰ সমস্যাই এতিয়াও লগ এৰা নাই। তেওঁলোকে আজি পৰ্যন্ত ক্ষয়-ক্ষতিৰ উচিত মূল্য লাভ কৰা নাই, আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিও পূৰণ নহ'ল। ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা তিনিগৰাকী ভুক্তভোগীক গুলী, লাঠী চাৰ্জ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰিও, ২৫ গৰাকী ক্ষতিগ্ৰস্ত লোকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকে তাৰিখৰ পিছত তাৰিখ ন্যায়ালয়লৈ যাত্ৰা কৰিবলগীয়া হৈছে।1
- তিনিচুকীয়া চহৰৰ সদাব্যস্ত আৰু অতি গুৰুত্বপূৰ্ণ পৰ্বতীয়া পথটোৰ জৰাজীৰ্ণ অৱস্থাক লৈ আজি স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়, যাৰ ফলত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি পথটোৰ জৰাজীৰ্ণ অৱস্থা আৰু আধৰুৱা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এই প্ৰতিবাদ গঢ়ি তোলা হয়। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এই দুৰ্বল পথৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাতায়াত কৰা সকলো সাধাৰণ জনতাই চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে লগতে সকীয়নি দিয়ে যে অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে আগন্তুক দিনত ইয়াতকৈয়ো তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।1
- দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পৰ্বতীয়া গড়কাপ্তানি পথ মেৰামতি কৰাৰ দাবীত বুধবাৰে তিনিচুকীয়াত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পৰ্বতীয়াবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে পথটোৰ দুৰৱস্থাৰ বাবে সাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ বৰষুণৰ দিনত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাতায়ত কৰা লোকসকল যথেষ্ট সমস্যাত পৰে। প্ৰতিবাদস্থলীত সংগঠনটোৰ কৰ্মী আৰু স্থানীয় বাসিন্দাসকলে চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায়। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে যে ইমান দিনে সমস্যা অব্যাহত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে লগতে হুংকাৰ দিয়ে যে যদি অতি সোনকালে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব।1
- মৰাণ আৰক্ষীয়ে মৰাণত অভিযান চলাই ১ কেজি ২৯ গ্ৰাম গাঞ্জাসহ দুজন লোকক আটক কৰিছে। আটকাধীন লোকদুজনক ক্ৰমে অভি এক্কা আৰু ৰাজীৱ কল কুমাৰ বুলি চিনাক্ত কৰা হৈছে।1
- চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ আহ্বানত মহখুঁটি আৰু খুমটাই চাহ বাগিচাৰ শ্ৰমিকসকলে এক ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্মঘট দীৰ্ঘদিন ধৰি দাবী কৰি অহা শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত কৰা হৈছে। অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে খুমটাই বাগিচাতো এই ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।1
- ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।1
- স্বাস্থ্যসেৱা খণ্ডৰ সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা ই এম এ ইণ্ডিয়াই শিৱসাগৰৰ বিশিষ্ট হোমিঅ' চিকিৎসক ডাঃ কবিতা শৰ্মাক 'প্ৰেষ্টিজ ৰিকগনিচন বঁটা'ৰে সন্মানিত কৰিছে। চিকিৎসাসেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ নিস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। যোৱা ২৪ মে'ত উত্তৰাখণ্ডত অনুষ্ঠিত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ডাঃ শৰ্মাক এই সন্মান প্ৰদান কৰা হৈছিল। ই এম এ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কে পি চৌহানৰ উপস্থিতিত উত্তৰাখণ্ডৰ আয়ুষ মন্ত্ৰী মদন কৌশিকে তেওঁক বঁটাটো অৰ্পণ কৰে। সংস্থাটোৰ তিনিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে, ডাঃ শৰ্মাই বিনামূলীয়া চিকিৎসা শিবিৰত সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰাখণ্ডৰ ধৰ্মীয় পৰম্পৰাগত গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল। চিকিৎসা সেৱাৰ সৈতে নিজকে জড়িত কৰি ৰখা ডাঃ কবিতা শৰ্মাই আৰ্তজনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ নিজা খৰচেৰে বৃদ্ধাশ্ৰম, নামঘৰ আৰু মন্দিৰ আদিও নিৰ্মাণ কৰি দিছে। এই শেহতীয়া সন্মানে নিজকে গৌৰৱান্বিত কৰাৰ লগতে আগন্তুক দিনত সমাজৰ হকে অধিক কাম কৰি যাবলৈ তেওঁক উৎসাহিত কৰিছে বুলি ডাঃ শৰ্মাই মন্তব্য প্ৰকাশ কৰে।1
- ৰাজ্যত নিবনুৱা সমস্যা দোপতদোপে বৃদ্ধি পাইছে। অসম চৰকাৰে বহুবাৰ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা স্বত্বেও, চাহ বাগিচা আৰু ইয়াৰ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ পিছতো, চৰকাৰী চাকৰিত আদিবাসী যুৱক-যুৱতীৰ সংখ্যা নগণ্য হৈয়ে আছে। ফলস্বৰূপে, তেওঁলোকৰ বাবে চাকৰিৰ একমাত্ৰ ভৰসা হৈছে চাহ বাগিচাৰ চাকৰি। কিন্তু অসমৰ বিভিন্ন চাহ বাগিচাত থলুৱা যুৱক-যুৱতীক আওকাণ কৰি আন লোকক নিযুক্তি দিয়াৰ বিষয়টো আছা (আদিবাসী ছাত্ৰ সন্থা) আৰু আট্ছাৰ (অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা) দৃষ্টিগোচৰ হৈছে, যাৰ বাবে চাহ বাগিচাসমূহত প্ৰতিবাদৰ ঢল বৰিছে। এই প্ৰেক্ষাপটতে, তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ এক সজাতি দল উপস্থিত হয়। ছাত্ৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ধলা চাহ বাগিচাখনত ইতিমধ্যে বহু সংখ্যক ষ্টাফ কৰ্মচাৰীৰ পদ খালী হৈ আছে। আছাই এই খালী পদসমূহত বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।1